ETV Bharat / health

কি হয় বাইপোলাৰ ডিছঅৰ্ডাৰ ? Yo Yo Honey Singhএ ৫ বছৰ ধৰি কিয় ভুগিছিল এই ৰোগত - Yo Yo Honey Singh

Yo Yo Honey Singh: বাইপোলাৰ ডিছঅৰ্ডাৰ হৈছে এক প্ৰকাৰৰ মানসিক অৱস্থা । ইয়াত ৰোগীৰ মেজাজ দুটা বিপৰীত অৱস্থাত সলনি হৈ থাকে, যাৰ বাবে মেজাজৰ পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা জনাটো অতিকৈ প্ৰয়োজনীয় ।

author img

By ETV Bharat Health Team

Published : Sep 5, 2024, 5:23 PM IST

What is bipolar disorder? Yo Yo Honey Singh suffered from it for 5 years
কি হয় বাইপোলাৰ ডিছঅৰ্ডাৰ ? Yo Yo Honey Singhএ ৫ বছৰ ধৰি কিয় ভুগিছিল এই ৰোগত (ETV Bharat)

বহুতে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ এয়া এনে এক মানসিক অৱস্থা য’ত মেজাজৰ পৰিৱৰ্তন ঘটে ৷ বাইপোলাৰ ডিছঅৰ্ডাৰৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায় ৷ এই সময়ছোৱাত ব্যক্তিগৰাকীৰ মেজাজ দুটা বিপৰীত অৱস্থালৈ সলনি হৈ পৰে ৷

শেহতীয়াকৈ পাঞ্জাবী গায়িকা তথা ৰেপাৰ হানী সিঙৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিষয়সমূহে যথেষ্ট চৰ্চা আকৰ্ষণ কৰিছে ৷ এটি সাক্ষাৎকাৰৰ সময়ত তেওঁ নিজৰ স্বাস্থ্যৰ লগত জড়িত বহু কথাই জানিবলৈ দিয়ে যে কেনেকৈ তেওঁ বাইপোলাৰ ডিছঅৰ্ডাৰত ভুগি আছিল আৰু তেওঁ বহু বছৰ ধৰি এই ৰোগৰ সৈতে যুঁজি আছিল ৷ এনে পৰিস্থিতিত এই ৰোগৰ বিষয়ে জনাটো অতিকৈ প্ৰয়োজনীয় ৷

বাইপোলাৰ ডিছঅৰ্ডাৰ মানে কি ?

বাইপোলাৰ ডিছঅৰ্ডাৰ হৈছে এনে এক প্ৰকাৰৰ মানসিক বিকাৰ, য’ত ব্যক্তিৰ মেজাজৰ উঠা-নমা ঘটে ৷ এই ৰোগত কেতিয়াবা এজন ব্যক্তিয়ে অতি উত্তেজিত আৰু শক্তিশালী অনুভৱ কৰে আৰু কেতিয়াবা বিষণ্ণতালৈ যায় ৷ এই দুটা অৱস্থাক উন্মাদনা আৰু বিষণ্ণতা বোলা হয় ৷

উন্মাদনা: উন্মাদনাৰ অৱস্থাত এজন ব্যক্তিয়ে অধিক উত্তেজিত, শক্তিশালী আৰু অতি আত্মবিশ্বাসী অনুভৱ কৰে ৷ তেওঁ কমকৈ টোপনি যায়, অধিক কথা কয় আৰু প্ৰায়ে দুঃসাহসিক কাম কৰিবলৈ আৰম্ভ কৰে ৷

হতাশা: হতাশাৰ অৱস্থাত ব্যক্তিয়ে দুখ, হতাশা, অস্থিৰতা আৰু অৱসাদ অনুভৱ কৰে ৷ তেওঁৰ একো কৰিবলৈ মন নাযায় আৰু প্ৰায়ে অকলে থকাটোৱেই বেছি পছন্দ কৰে ৷

বাইপোলাৰ ডিছঅৰ্ডাৰৰ বাবে

যদি পৰিয়ালত বাইপোলাৰ ডিছঅৰ্ডাৰৰ ইতিহাস থাকে তেন্তে কোনো ব্যক্তিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷

মগজুৰ কিছুমান ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্যহীনতাৰ বাবেও এই ৰোগ হ’ব পাৰে ৷ মানসিক চাপ, অনিয়মিত টোপনি, আৰু কিছুমান বিশেষ ধৰণৰ ঔষধেও বাইপোলাৰ ডিছঅৰ্ডাৰৰ সূচনা কৰিব পাৰে ৷

বাইপোলাৰ ডিছঅৰ্ডাৰৰ লক্ষণ

  • মেজাজৰ উঠা-নমা
  • শক্তিৰ মাত্ৰাৰ পৰিৱৰ্তন
  • টোপনিৰ অভ্যাসৰ পৰিৱৰ্তন
  • ভোকৰ পৰিৱৰ্তন
  • চিন্তাত নিমগ্ন হোৱা
  • অস্বাভাৱিক চিন্তা বা বিশ্বাস
  • শাৰীৰিক আৰু মানসিক কাৰ্যকলাপ বৃদ্ধি
  • টোপনিৰ অভাৱ
  • অসাৱধানতাৰে বাহন চলোৱা
  • নিজক অতিমাত্ৰা মহত্ব দিয়া
  • খিংখিঙীয়া হৈ পৰে
  • অন্য মনস্ক হোৱা
  • নিজকে আঘাত দিয়া
  • খুব খৰকৈ কথা কোৱা

প্ৰতিৰোধমূলক ব্যৱস্থা

  • দৈনিক ব্যায়াম বা যোগাসন কৰক
  • ধ্যান বা গভীৰ উশাহ লোৱাৰ অভ্যাস কৰক
  • খাদ্য আৰু শোৱাৰ সময়সূচী মানি চলক
  • আপোনাৰ মেজাজৰ উত্থান-পতন বুজিবলৈ চেষ্টা কৰক
  • মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ শিকক
  • ধূমপান, চিগাৰেট বা সুৰাপান পৰিহাৰ কৰক
  • স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক
  • প্ৰতিদিনে পৰ্যাপ্ত পৰিমানৰ টোপনি
  • মনোৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক

Ref:-https://www.nimh.nih.gov/health/topics/bipolar-disorder#:~:text=What%20is%20bipolar%20disorder%3F,day%2Dto%2Dday%20tasks.

লগত পঢ়ক: সোনাক্ষী-জাহীৰৰ বিবাহত হানি সিঙৰ মোহৰ; ক’লে- লণ্ডনৰ পৰা আহিম মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ - Honey Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.