ETV Bharat / health

কি হয় আৰাকু কফি ? যাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদীও - Mann Ki Baat

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:47 PM IST

What Is Araku Coffee: যদি আপুনি সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ কফি সেৱন কৰিব বিচাৰিছে তেন্তে আৰাকু কফি আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাতত আৰাকু কফিৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰা দেখা যায় । সেয়ে আহক আজি জানো এই কফিৰ উপকাৰিতাসমূহ-

What is Araku Coffee? PM Modi also mention about this Coffee on Mann ki Baat
কি হয় আৰাকু কফি ? যাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদীও (INSTAGRAM)

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ত আৰাকু কফিৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে, ভাৰতৰ ইমানবোৰ সামগ্ৰী আছে যিবোৰৰ সমগ্ৰ বিশ্বতে অতি চাহিদা আছে আৰু যেতিয়া আমি ভাৰতৰ কোনো স্থানীয় সামগ্ৰী বিশ্বব্যাপী হোৱা দেখিবলৈ পাওঁ তেতিয়া গৌৰৱ অনুভৱ কৰাটো স্বাভাৱিক ৷ তেনে এবিধ সামগ্ৰী হ’ল অন্ধ্ৰ প্ৰদেশৰ আৰাকু কফি ৷

আৰাকু কফি কি ?

ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ আৰাকু উপত্যকাত আৰাকু কফিৰ খেতি কৰা হয় ৷ ই নিজৰ সুকীয়া সুগন্ধি আৰু সোৱাদৰ বাবে জনাজাত, আৰু ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰো আছে বুলি কোৱা হয় ৷ আহকচোন জানো আৰাকু কফিক কিহৰ বাবে বিশেষ আৰু ই আপোনাৰ বাবে কিয় উপকাৰী-

আৰাকু উপত্যকা প্ৰাকৃতিক সৌন্দৰ্য আৰু চহকী জৈৱ বৈচিত্ৰৰ বাবে জনাজাত ৷ ইয়াৰ জলবায়ু আৰু মাটিৰ গুণাগুণে আৰবিকা কফিৰ বীজৰ বাবে এক ভাল পৰিৱেশৰ সৃষ্টি কৰে ৷ প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাগত কৃষি পদ্ধতি ব্যৱহাৰ কৰি জনজাতীয় জনগোষ্ঠীয়ে এই বীজৰ খেতি কৰি আহিছে ৷ এই পদ্ধতিসমূহে ৰাসায়নিক সাৰ আৰু কীটনাশক পৰিহাৰ কৰি আৰাকু কফিক সম্পূৰ্ণ প্ৰাকৃতিক আৰু জৈৱিক হোৱাটো নিশ্চিত কৰে ৷

আৰাকু কফিৰ স্বাস্থ্য উপকাৰিতা

আন কফিৰ দৰে আৰাকু কফিতো প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ বিশ্বাস কৰা হয় যে এই কফিয়ে স্নায়ুতন্ত্ৰৰ কাম-কাজ উন্নত কৰে, যাৰ ফলত মগজু চোকা হয় আৰু একাগ্ৰতা বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷

ওজন কমাবলৈ উপকাৰী

কিছুমান গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে আৰাকু কফিয়েও ওজন কমাবলৈ সহায় কৰে ৷ বিশ্বাস কৰা হয় যে ইয়াত থকা কেফেইনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি কম কৰাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰে ৷ অৱশ্যে কফি সীমিত পৰিমাণতহে সেৱন কৰিব লাগে বুলি এই কথা মনত ৰখা উচিত ৷

ৰুচিৰ ফালৰ পৰা পৃথক

আৰাকু কফি ইয়াৰ মৃদু তিতা গোন্ধ আৰু মৃদু সোৱাদৰ বাবে জনাজাত ৷ চকলেট আৰু বাদামৰ দৰে সূক্ষ্ম সোৱাদো ইয়াত পোৱা যায় ৷ এই কফি সেৱন কৰাসকলে এই কফি খুবেই পচন্দ কৰা দেখা যায় ৷

ক’ৰ পৰা কিনিব ?

আৰাকু কফি অনলাইন আৰু কিছুমান বিশেষ কফিৰ দোকানত উপলব্ধ হয়৷ কিন্তু যদি আপুনি ১০০% অৰিজিনেল আৰাকু কফি বিচাৰে, তেন্তে ইয়াৰ উৎপত্তিৰ পৰা পোনপটীয়াকৈ পেকেজড কফি অৰ্ডাৰ কৰক ৷

লগতে পঢ়ক: Coffee Uses: সৌন্দৰ্য লাভালাভৰ ভঁৰাল হৈছে কফি, মুখমণ্ডলৰ পৰা চুলিলৈকে উপকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.