ETV Bharat / health

অম্বুবাচীৰ সময়ছোৱাত কেনেধৰণৰ ৰীতি-নীতি পালন কৰিব লাগে ? - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:26 PM IST

Astro Tips: এই সময়ছোৱাত কেনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে ? কোনসকল লোকে এই সময়ত বিশেষকৈ ব্ৰত ৰাখে বা ব্ৰত ৰাখিব লাগে ? অম্বুবাচীৰ ব্ৰত ধাৰণ কৰাসকলে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

Astro tips
অম্বুবাচী সময়চোৱাত কেনেধৰণৰ ৰীতি-নীতি পালন কৰিব লাগে ? (ETV Bharat)

গুৱাহাটী, 19 জুন: সমাগত অম্বুবাচী মেলা ৷ এই বৰ্ষৰ অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব ২২ জুনৰ দিনা পুৱা ৮ বাজি ৩৫ মিনিটত ৷ আনহাতে নিবৃত্তি ঘটিব ২৫ জুনৰ নিশা ৮.৫৬ মিনিটত ৷ উত্তৰ-পূৰ্বাঞ্চলত অম্বুবাচী মেলাক কুম্ভমেলা বুলিও কোৱা হয় ৷ অম্বুবাচীমেলা মূলতঃ কামাখ্যা মন্দিৰৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয় ৷ অম্বুবাচী শব্দৰো আছে এক অৰ্থ 'অম্বু' মানে হৈছে পানী আৰু 'বাচী' মানে হৈছে বিস্তৃত হোৱা ৷

অম্বুবাচী মেলা 2024 (ETV Bharat)

এই সময়ছোৱাত ধৰিত্ৰী ৰজঃস্বলা হোৱা বুলি কোৱা হয় ৷ ইফালে, ৫১ খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম শক্তিপীঠ হৈছে মা কামাখ্যা ধাম ৷ এই শক্তিপীঠসমূহৰ ভিতৰত যোনিপীঠ হৈছে কামাখ্যাধাম ৷ সেয়ে মা ৰজঃস্বলা হোৱাৰ যি ৰীতি-নীতি পালন কৰা হয় সেয়া কেৱল মা কামাখ্যা ধামতহে পালন কৰা হয় ৷

এই সময়ছোৱাত কেনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে ?

  • অম্বুবাচীৰ সময়ছোৱাত যেতিয়া কামাখ্যা ধামৰ দুৱাৰ বন্ধ হয় বা অম্বুবাচীৰ এই সময়ছোৱাত পূজা-পাতল কৰাৰ পৰা বিৰত থকা যায় ৷ নামনি অসমৰফালে অম্বুবাচীক " আমতি" বুলিও কোৱা হয় ৷
  • এই সময়ছোৱাত হাল-বোৱা, গছ ৰোৱা আদি নিষেধ বুলি কোৱা হয় ৷ আনহাতে, এইসময়ত যি সকল লোকে ব্ৰত পালন কৰে তেওঁলোকৰ ক্ষেত্ৰত দাড়ি-চুলি নখ আদি কটা নিষেধ বুলি কোৱা হয় ৷ লগতে এই সময়ত মাটি খান্দিব নালাগে, যি কোনো কৃষিকৰ্মত নিয়োজিত হ'ব নালাগে, এনেকুৱা ধৰণৰ কিছু লোকাচাৰ বা পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে ৷
  • অম্বুবাচীৰ নিবৃত্তিৰ পিচত কাপোৰ কানি ধোৱা আদিৰে পৰা আৰম্ভ কৰি সকলো সূচী কৰি পুনৰ কাম আৰম্ভ কৰিব পাৰি ৷

কোনসকল লোকে এই সময়ত বিশেষকৈ ব্ৰত ৰাখে বা ব্ৰত ৰাখিব লাগে ?

  • অম্বুবাচীৰ সময়ছোৱাত যদি কোনো স্ত্ৰী ৰজঃস্বলা হয় তেনেহলে তেওঁলোকে ব্ৰতত থকাটো উচিত বুলি কোৱা হয় ৷
  • যিসকল লোকৰ পিতৃ-মাতৃ নিধন হোৱা বা মৃত্যু হোৱাৰ প্ৰথমবৰ্ষত তেওঁলোকৰ পুত্ৰ-সন্তানেও এই ব্ৰত পালন কৰা দেখা যায় ৷
  • লগতে এই সময়ত বিধবাসকলে ব্ৰত ৰাখে ৷ জঁটাধাৰী লোকসকলে ব্ৰত ৰাখে ৷

অম্বুবাচীৰ ব্ৰত ধাৰণ কৰাসকলে কি আহাৰ গ্ৰহণ কৰিব লাগে ?

অম্বুবাচীৰ ব্ৰত ধাৰণ কৰাসকলে এই সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰিব লাগে ৷ এই সময়ত কোনো ধৰণৰ সিদ্ধ বা সিজোৱা আহাৰ গ্ৰহণ কৰিব নালাগে ৷

সৰ্পভয় নাশ কৰিবলৈ অম্বুবাচীৰ সময়ত কি খাব লাগে ?

অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচাগাখীৰ খোৱাৰ নিয়ম আছে ৷ এই সময়ছোৱাত পানী বেছি হোৱা বাবে বহু সাপ ওলোৱা দেখা যায় ৷ সেয়ে সাপৰ পৰা যাতে কোনো অনিষ্ট নহয় সেইবাবে কেঁচা গাখীৰ খোৱাৰ প্ৰবাদ আছে ৷

লগতে পঢ়ক: ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি, উথপথপ হ’ব নীলাচলৰ বাকৰি - AMBUBACHI MELA 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.