ETV Bharat / health

কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি...জানি লওক ইয়াৰ উপকাৰিতা - Pumpkin Seeds Benefits

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 1:41 PM IST

Pumpkin Seeds Benefits: এনে বহুবাৰ হয় যে, আমি ৰঙালাও খাও কিন্তু ইয়াৰ গুটিবোৰ প্ৰায়েই পেলাই দিও ৷ কিন্তু আপুনি জানেনে এই গুটিত কিমান পুষ্টিকৰ উপাদান লুকাই আছে ? জানি লওক এই প্ৰতিবেদনৰ জৰিয়তে...

What are the health benefits of pumpkin seeds?
কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি...জানি লওক ইয়াৰ উপকাৰিতা (CANVA)

আমি আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ শাক-পাচলিৰ পৰা আৰম্ভ কৰি শুকান ফল-মূললৈকে খাও ৷ কিন্তু এনে বহু শাক-পাচলি আছে, যাৰ বীজ আমি পেলাই দিও ৷ কাৰণ আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে নাজানো ৷ যাৰ বাবে আমি ইয়াক পেলাই দিও ৷ তেনেই এবিধ পাচলি হৈছে ৰঙালাও, যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ যাৰ ভিতৰত থকা গুটিসমূহ আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷

ৰঙালাওৰ গুটিয়ে বহু ৰোগৰ ক্ষেত্ৰত ঔষধৰ দৰে কাম কৰে ৷ বিশেষজ্ঞসকলৰ মতেও, ৰঙালাওৰ গুটি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ দৈনিক এচামুচ ৰঙালাওৰ গুটি খালে আমাৰ শৰীৰত কেনে ধৰণৰ পৰিৱৰ্তন হয়, আজি জানো আহক-

ওজন হ্ৰাস: ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ দৈনিক এক চামুচ ৰঙালাওৰ গুটি খালে পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস হয় ৷ খাদ্য বিশেষজ্ঞসকলেও ওজন হ্ৰাস কৰিবলৈ খাদ্যত ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ই আমাৰ পেট পূৰ কৰি ৰাখে, যাৰ ফলত আমাৰ ভোক কমকৈ লাগে আৰু আমি অধিক খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকো ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: ৰঙালাওৰ গুটিত মেগনেছিয়াম, জিংক, আইৰণ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে ৷ ই হাড়ৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে ৷

মানসিক চাপ নিয়ন্ত্ৰণ: ৰঙালাওৰ গুটিত থকা কেৰটিনয়ড, ভিটামিন ই আৰু এণ্টি অক্সিডেণ্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰ উপৰিও মেগনেছিয়াম আৰু জিংকে মানসিক চাপ হ্ৰাস কৰে ৷ নিয়মিতভাৱে এক চামুচকৈও ৰঙালাওৰ গুটি খালে মানসিক চাপ হ্ৰাস পোৱাত সহায়ক হয় ৷

শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে: ৰঙালাওৰ গুটিত ডায়েবেটিছ প্ৰতিৰোধী গুণ নিহিত হৈ থাকে ৷ বিশেষজ্ঞসকলে কয় যে, ডায়েবেটিছ ৰোগীয়ে খাদ্য খোৱাৰ পিছত এচামুচ ৰঙালাওৰ গুটি খালে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত থাকে ৷

ব্ৰাজিলৰ ইউনিভাৰ্চিটি ফেডাৰেল ডি ভিছ’ছাৰ ডাঃ ফ্লেভিয়া জিয়ে ৰঙালাওৰ গুটিৰ ওপৰত কৰা এক অধ্যয়ন নিউট্ৰিচন ৰিচাৰ্চ নামৰ আলোচনীত প্ৰকাশ পাইছিল ৷ এই গৱেষণাৰ পৰা দেখা গৈছে যে, খাদ্য খোৱাৰ পিছত এচামুচ ৰঙালাওৰ গুটি খালে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷ ইয়াৰ উপৰিও ৰঙালাওৰ গুটিৰ উপকাৰিতাৰ বিষয়েও ‘নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিন জাৰ্ণেল’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাৰ সময়ত ৰঙালাও খাব লাগেনে ? - Pumpkin During Pregnancy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.