বৰ্তমান সময় ফেশ্বনৰ দৌৰত মানুহ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু । ফেশ্বনৰ প্ৰকৃত উদ্দেশ্য আৰামৰ সৈতে ফেশ্বনেবল দেখাটো যদিও বৰ্তমানৰ ফেশ্বন উদ্যোগটো গ্লেমাৰ আৰু গ্লিটজৰ ওপৰত নিৰ্ভৰশীল । ইয়াত কাপোৰৰ মহিলাৰ ভৰিত মেচিং হাই হিলো জীৱনৰ এক অংশ হৈ পৰিছে ।
হাই হিল পিন্ধাৰ একমাত্ৰ লাভ হ’ল ইয়াৰ দ্বাৰা মহিলাসকলে এক ফেশ্বনেবল লুক পোৱাৰ লগতে ওখ দেখা যায় ৷ কিন্তু আপুনি জানেনে যে ইয়াৰ ফলত আপুনি কিমান অসুবিধাৰ সন্মূখীন হ’বলগীয়া হ’ব পাৰে । হাই হিলে কেনেদৰে আমাৰ ক্ষতি কৰে আজি জানো আহক-
কঁকালৰ তলৰ অংশৰ বিষ
হাই হিল পৰিধান কৰিলে শৰীৰৰ মাধ্যাকৰ্ষণ কেন্দ্ৰ স্থানান্তৰিত হয় আৰু পিঠিৰ তলৰ অংশ আগলৈ অধিক হেলনীয়া হৈ থাকে । পেলভিছ নিজাববীয়াকৈ আগলৈ বেঁকা হোৱাৰ ফলত পিঠিৰ তলৰ অংশত খুবেই চাপ পৰে, যাৰ বাবে কঁকালৰ বিষ আৰম্ভ হয় ।
ভৰিৰ আঙুলিৰ বিষ
যেতিয়া আমি অধিক সময়ৰ বাবে হাইহিল পৰিধান কৰো আমাৰ ভৰিৰ আঙুলিখিনিত খুবেই হেঁচা পৰে যাৰ ফলত প্ৰায়েই আঙুলিত অতিপাতৰ বিষৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত কেতিয়াবা Hammer Toeৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
আঁঠুৰ বিষ (অষ্টিঅ’আৰ্থাইটিছ)
হাই হিলে আঁঠুৰ পিছফালে অৰ্থাৎ কলাফুলত চাপৰ সৃষ্টি কৰে । ইয়াৰ লগতে হাই হিলে আঁঠুৰ গাঁঠিত সংকোচন শক্তিও প্ৰয়োগ কৰি তাৰ লগত খেলিবলৈ আৰম্ভ কৰে, যাৰ ফলত অতিপাত বিষৰ সৃষ্টি হয় আৰু অষ্টিঅ’আৰ্থাইটিছৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
কলাফুল আৰু তলুৱাত তীব্ৰ বিষ
হাই হিল পিন্ধি থকাৰ সময়ত আমাৰ ভৰিৰ আঙুলিবোৰ অস্বাভাৱিক অৱস্থাত থাকে । যাৰ ফলত ভৰিৰ জিনজিননি, তলুৱা আৰু কলাফুলত অতিপাত বিষৰ সৃষ্টি হয় । ইয়াৰ সমাধান হ’ল সীমিত সময়ৰ বাবে হাই হিল পিন্ধা বা আপোনাৰ ভৰিয়ে আৰাম লাভ কৰা জোতা বা হিল পৰিধান কৰা উচিত ৷
জৰুৰী নহয় যে, যিটো ফেশ্বনেবল দেখা যায় সেয়া আমাৰ শৰীৰৰ বাবে উপকাৰী হ’ব ৷ আৰামদায়ক কাপোৰ বা জোতা পৰিধান কৰিও আমি নিজকে ফেশ্বনেবল দেখাব পাৰো ৷
লগতে পঢ়ক: World Arthritis Day 2023: কিয় বৃদ্ধি পাইছে অষ্টিঅ’আৰ্থৰাইটিছৰ আশংকা; ইয়াক কেনেকৈ কৰিব প্ৰতিৰোধ ?