ETV Bharat / health

কলপাতত খাদ্য খাই ভাল পাই নেকি ? তেন্তে আপোনালৈ আছে এক সুখবৰ - Banana Leaf Benefits - BANANA LEAF BENEFITS

Banana Leaf Benefits: ভাৰতৰ বহু ঠাইত আজিও কলপাতত খাদ্য পৰিৱেশন কৰা হয় ৷ ই কেৱল দেখাত ধুনীয়া লগাই নহয় বৰঞ্চ ই আমাৰ স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী ৷ কেনেকৈ- সেয়া আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Unknown Health Benefits Of Eating Off Banana Leaf
কলপাতত খাদ্য খাই ভাল পাই নেকি ? তেন্তে আপোনালৈ আছে এক সুখবৰ (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:53 PM IST

কলপাতত খাদ্য পৰিবেশন কৰাটো ভাৰতত বহু বছৰ ধৰি প্ৰচলিত হৈ আহিছে ৷ আজিও দক্ষিণ ভাৰতৰ ভিন্ন স্থানত কলপাতত খাদ্য পৰিৱেশন কৰা হয় লগতে বহুলোকেও কলপাতত খাবলৈ পচন্দ কৰে, তেওঁলোকৰ বাবে এয়া এক পৰম্পৰা ৰক্ষা কৰাৰ দৰেই ৷ দক্ষিণ ভাৰতীয় লোকে বাচন-বৰ্তনৰ সলনি দীৰ্ঘ সময়ৰ পৰা কলপাতত খাদ্য পৰিবেশন কৰি আহিছে ৷ কিন্তু আপুনি জানেনে যে কলপাতত থৈ খাদ্য খোৱাটোও স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে ৷ বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিবলৈও এই পদ্ধতি সহায়ক ৷ তেন্তে আহক আজি কলপাতত খাদ্য খোৱাৰ উপকাৰিতাসমূহৰ বিষয়ে জানি লওক-

কলপাতত খাদ্য খোৱাৰ উপকাৰিতা

ডায়েবেটিছ প্ৰতিৰোধ কৰে

কলপাতৰ বহুতো গুণ আছে, যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰ উপৰিও কলপাতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে ইয়াৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে ৷

Unknown Health Benefits Of Eating Off Banana Leaf
কলপাতত খাদ্য খাই ভাল পাই নেকি ? তেন্তে আপোনালৈ আছে এক সুখবৰ (Getty Images)

হজম শক্তি উন্নত কৰা

কলপাতত হজম শক্তি নিয়ন্ত্ৰণ আৰু ভাইৰাছ নিয়ন্ত্ৰণ কৰাৰ গুণ আছে, যাৰ ফলত আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷

ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে

কলপাতত ভিটামিন বি, চি আৰু আঁহ থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ ইয়াৰ উপৰিও ই ভোক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ ওজন কমাব বিচৰা লোকৰ বাবে কলপাতত খাদ্য খোৱাটো অতি উপকাৰী হ’ব পাৰে ৷

ভিটামিন আৰু খনিজ পদাৰ্থৰ ভাল উৎস

কলপাতত ভাল পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ যেনে ভিটামিন চি, এ, কেলচিয়াম আৰু পটাছিয়াম থাকে ৷ এই সকলোবোৰ পুষ্টিকৰ উপাদান স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক: Banana Combination: কলৰ সৈতে তথা কল খোৱাৰ পিছত ভুলতেও গ্ৰহণ নকৰিব এইসমূহ খাদ্য, এই সন্দৰ্ভত আয়ুৰ্বেদে কি কয় জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.