দাঁত পোকে খোৱা সমস্যা আজিকালি একেবাৰে সাধাৰণ সমস্যা হৈ পৰিছে ৷ অত্যাধিক মিঠা খোৱা আৰু ভালদৰে পৰিস্কাৰ নকৰাটোয়েই দাঁত পোকে খোৱাৰ অন্যতম মুখ্য কাৰণ ৷ প্ৰকৃততে, খাদ্য আৰু পানীয়ৰ পৰা দাঁতত প্লেক জমা হয় ৷ই বেক্টেৰিয়া গঠন কৰে, যি দাঁতৰ আলুত লাগি থাকে ৷
বেক্টেৰিয়াই এচিড প্ৰস্তুত কৰে আৰু ইয়াৰ ফলত দাঁতৰ ক্ষয় হয় ৷ ষ্ট্ৰেপ্টোকক্কাছ মিউটেন নামৰ বেক্টেৰিয়াক দাঁতৰ এই সমস্যাৰ কাৰণ বুলি বিবেচনা কৰা হয় ৷ দাঁতৰ ক্ষয়ৰ প্ৰথম পৰ্যায়ত দাঁতৰ পৰা খনিজ পদাৰ্থ হ্ৰাস হ'বলৈ আৰম্ভ কৰে, যি বগা দাগ হিচাপে দেখা যায় ৷ দাঁতৰ এনামেলৰ ক্ষতি হ'লে এনে হয় ৷ এই সমস্যাটো বাঢ়ি যোৱাৰ পিছত, দাঁতত অসহনীয় বিষ হয় আৰু একো খাব নোৱাৰা হয় ৷ এনে পৰিস্থিতিত, ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যাবলগীয়াত পৰে ৷কিন্তু এই সমস্যাৰ সমাধান আপুনি ঘৰূৱা উপায়ৰেও কৰিব পাৰে ৷আজি এই বিষয়ে জানো আহক-
নিমখ পানী
নিমখ পানী হৈছে এক প্ৰাকৃতিক এণ্টিচেপ্টিক, যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে ৷দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন ধুব ৷
তেলেৰে মুখ কুলি কৰা
তেলেৰে মুখ কুলি কৰাটো হৈছে এক আয়ুৰ্বেদিক চিকিৎসা ৷ই আপোনাৰ মুখৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰি মুখৰ স্বাস্থ্য সুৰক্ষিত কৰে ৷ ইয়াৰ বাবে আপুনি মিঠা তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ৷
লং তেল
লং তেল হৈছে এক প্ৰাকৃতিক এনালজেচিক, যিয়ে দাঁতৰ বিষ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷ ইয়াৰ বাবে আপুনি কপাহত অলপ লং তেল লগাই পোনপটীয়াকৈ প্ৰভাৱিত দাঁতত প্ৰয়োগ কৰিব ৷ দাঁতৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ দিনত কেইবাবাৰো এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব ৷
গ্ৰীণ টি
ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যি মুখৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ দাঁতৰ আলু ফুলা তথা পোকে খোৱা প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে একাপ গ্ৰীণ টি খাব ৷
হালধি
হালধি হৈছে এক প্ৰাকৃতিক প্ৰদাহ-প্ৰতিৰোধী এজেণ্ট, যি বিষ হ্ৰাস কৰাত খুবেই সহায়ক ৷ ইয়াৰ বাবে আধা চাহ চামুচ নিমখ আৰু সৰিয়হৰ তেলৰ সৈতে ১চাহ চামুচ হালধি গুৰি মিহলি কৰি এই পেষ্টটো প্ৰভাৱিত দাঁতত ১৫-২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব ৷
নিম
নিমৰ প্ৰাকৃতিক বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে, যি বেক্টেৰিয়াৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰে ৷ দাঁতৰ সমস্যা প্ৰতিহত কৰিবলৈ আপুনি নিমপাত চোবাব পাৰে বা দাঁতৰ আলুত নিম তেল মালিচ কৰিব ৷
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।
লগতে পঢ়ক: ৩৬ বছৰ বয়সতো এই খাদ্যৰে নিজকে ফিট ৰাখিছে সামান্থা ৰুথ প্ৰভুৱে