প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ পালন কৰা হয় ৷ প্ৰেমিক যুগলৰ বাবে এই দিনটো অতি বিশেষ হয় ৷ এই দিনটোত মানুহে নিজৰ সংগীক নিজৰ প্ৰেম প্ৰকাশ কৰি বিভিন্ন উপহাৰ দিয়ে, কিন্তু বহু সময়ত আমি আমাৰ সংগীক এনে উপহাৰ দিওঁ, যাৰ ফলত আমাৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰে ৷ গতিকে ভেলেণ্টাইন ডে’ত আপোনাৰ সংগীক কি উপহাৰ দিব আৰু কি দিব লাগে কি দিব নালাগে জানি লওক-
ভেলেণ্টাইন ডে’ত কি উপহাৰ দিব ?
ভেলেণ্টাইন ডে’ত গোলাপ কোৱাৰ্টছ বা ইয়াৰ পৰা তৈয়াৰী গহনা উপহাৰ হিচাপে দিলে প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ পৰে ৷
আপুনি আপোনাৰ সংগীক হৃদয় আকৃতিৰ কুশ্বন, মূৰ্তি বা ফটো দিব পাৰে ৷
গোলাপ, লেভেণ্ডাৰ বা জেচমিনৰ সুগন্ধি মমবাতি দিয়াটো সম্পৰ্কৰ বাবে ভাল বুলি প্ৰমাণিত হ’ব পাৰে ৷
আজিৰ দিনটোত ইয়াৰ পৰা তৈয়াৰী ৰত্ন বা গহনা আপোনজনক দিয়াটো অতি শুভ বুলি গণ্য কৰা হয় ৷
যদি আপুনি এই দিনটোক আৰু বিশেষ কৰি তুলিব বিচাৰে, তেন্তে আপুনি ঘৰৰ ভিতৰৰ গছ-গছনি যেনে মানি প্লাণ্ট, পিচ লিলি, বাঁহক উপহাৰ হিচাপে দিব পাৰে, কিয়নো ই ধনাত্মক শক্তিৰ সঞ্চাৰণ ঘটায় ৷
ভেলেণ্টাইন ডে’ত কি উপহাৰ দিব নালাগে ?
- ভঙা বস্তু দিয়াৰ পৰা বিৰত থাকক ৷
- বিষাদ আৰু দুখ প্ৰকাশ কৰা ছবি নিদিব ৷
- দাগ পৰা আৰু ফটা কাপোৰ উপহাৰ দিয়াৰ পৰা বিৰত থাকক ৷
- শুকান গছ-গছনি বা জীৱ-জন্তুৰে তৈয়াৰী কোনো ধৰণৰ সজ্জা সামগ্ৰী নিদিব, কিয়নো এইবোৰে দুখ আৰু হতাশাৰ অনুভূতিৰ সৃষ্টি কৰে ৷
লগতে পঢ়ক: কুম্ভ ৰাশিত সূৰ্যৰ প্ৰৱেশ; ভাগ্য উদয় হ’ব এইসমূহ ৰাশিৰ জাতক-জাতিকাৰ