ETV Bharat / health

মুখৰ পৰা দাগ ফোঁহা হ’ব দূৰ: মাত্ৰ অনুসৰণ কৰক এই উপায় - Skin Care

author img

By ETV Bharat Health Team

Published : Aug 31, 2024, 5:02 PM IST

Skin Care: এনেকুৱা প্ৰায়ে হোৱা দেখা যায় যে আমি আমাৰ মুখৰ দাগ, ফোঁহা আদি দূৰ কৰিবৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো ৷ কিন্তু তথাপিও আমি সুফল লাভ কৰিবলৈ সক্ষম নহও সেয়ে আজি আপোনাৰ এই সমস্যা সমাধানৰ বাবে লৈ আহিছো এক ৰামবান উপায় ৷ হয়, তলত উল্লেখ কৰা প্ৰতিকাৰৰ সহায়ত আপুনি যিমানেই পুৰণা দাগ নহওঁক কিয়, সেয়া আঁতৰাব পাৰিব ৷

these things get rid of the spots on your face
মুখৰ পৰা দাগ ফোঁহা হ’ব দূৰ: মাত্ৰ অনুসৰণ কৰক এই উপায় (FREEPIK)

সৌন্দৰ্য ম্লান কৰাত মুখত থকা ক'লা দাগে কি ভূমিকা গ্ৰহণ কৰে, তাক হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷ সকলোয়ে, বিশেষকৈ মহিলাসকলে এনে দাগৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে ৷ কিন্তু কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে ৷ হয়, তলত উল্লেখ কৰা প্ৰতিকাৰৰ সহায়ত আপুনি যিমানেই পুৰণা দাগ নহওঁক কিয়, সেয়া আঁতৰাব পাৰিব ৷

নেমুৰ ৰস

নেমুৰ ৰসত ভিটামিন চি থাকে, যিয়ে ছালৰ দাগ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ সেয়েহে, প্ৰতি নিশা আপোনাৰ মুখত নেমুৰ ৰস লগাব আৰু পুৱা ধুই পেলাব ৷

হালধি-দৈ

হালধিৰ বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে, যি ছালৰ দাগ হ্ৰাস কৰাত সহায়ক ৷ এক চাহ চামুচ গৰুৰ গাখীৰৰে তৈয়াৰ কৰা দৈত এক চাহ চামুচ হালধি মিহলি কৰক আৰু ইয়াক ১৫-২০ মিনিটৰ বাবে আপোনাৰ মুখত লগাব ৷নিৰ্দিষ্ট সময়ৰ পিছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব ৷

এল'ভেৰা- মৌ

এল'ভেৰাৰ ৰসত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছাল পৰিস্কাৰ কৰাত সহায় কৰিব পাৰে ৷ এল'ভেৰাৰ সৰু টুকুৰা এটাত অকনমান মৌ লৈ মুখত লাহে লাহে সানিব ৷ ১০-১৫ মিনিটৰ পিছত মুখখন ভালদৰে ধুই পেলাব ৷

গোলাপ জল

গোলাপ জল যথেষ্ট গুণ সম্পন্ন ৷ যিয়ে ছালক শীতলতা প্ৰদান কৰে ৷ আপুনি গোলাপ জল প্ৰতি নিশা কপাহত তিয়াই মুখত লগাই থৈ পুৱা ধুই পেলাব ৷

নাৰিকল তেল

নাৰিকল তেলত থকা ভিটামিন ইয়ে ছালৰ ৰং উন্নত কৰে ৷ ৰাতি শুবলৈ যোৱাৰ আগতে ইয়াক আপোনাৰ মুখত প্ৰয়োগ কৰিব আৰু পুৱা ধুই পেলাব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: বাৰিষাত ছালৰ সমস্যা খুব বেছি হয় নেকি ? তেন্তে অনুসৰণ কৰক চিকিৎসকে দিয়া এই পদ্ধতি - Rainy Season Skin Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.