ETV Bharat / health

গৰ্ভাৱস্থাত খোৱা উচিত এই ৫বিধ দাইল : মাতৃৰ লগতে সন্তানো হৈ থাকিব সুস্থ - Tips For Healthy Pregnancy

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:18 PM IST

Tips For Healthy Pregnancy: পুষ্টি সমৃদ্ধ খাদ্যই হৈছে সুস্থ গৰ্ভাৱস্থাৰ ভেঁটি ৷ দাইলো তেনে এবিধ পুষ্টিসমৃদ্ধ খাদ্য, যিবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে গৰ্ভাৱস্থাক সুস্থ আৰু সুখী কৰি তুলিব পাৰি ।

these 5 pulses should be Eaten During pregnancy for the good health of the Mother and Baby
গৰ্ভাৱস্থাত খোৱা উচিত এই ৫বিধ দাইল : মাতৃৰ লগতে সন্তানো হৈ থাকিব সুস্থ (ETV Bharat)

গৰ্ভাৱস্থাত মাতৃয়ে নিজৰ আৰু সন্তান উভয়ৰে স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ এই সময়ছোৱাত পুষ্টিকৰ খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এনে পৰিস্থিতিত প্ৰ’টিন, আইৰণ, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দাইল গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী খাদ্য হিচাপে গণ্য কৰা হয় ৷ ইয়াত আপুনি গৰ্ভাৱস্থাৰ বাবে উত্তম দাইল আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰিব-

  • মগু দাইল

মগু দাইল হৈছে সহজে হজম হোৱা এবিধ দাইল, যিয়ে গৰ্ভাৱস্থাত হোৱা ৰোগৰ পৰা সকাহ দিব পাৰে ৷ ইয়াৰ উপৰিও ইয়াত ফলিক এচিডো পোৱা যায়, যি শিশুৰ মগজু আৰু মেৰুদণ্ডৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয় ৷

  • মচুৰ দাইল

মচুৰ দাইলত প্ৰ’টিন আৰু আইৰণৰ উত্তম উৎস ৷ গৰ্ভাৱস্থাত শৰীৰত অধিক পৰিমাণৰ আইৰণৰ প্ৰয়োজন হয়, যিয়ে ৰক্তকণিকা গঠনত সহায় কৰে আৰু ৰক্তহীনতা দূৰ কৰে ৷

  • বুটৰ দাইল

বুটৰ দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷ লগতে ইয়াত থকা প্ৰ’টিন মাতৃ আৰু শিশু উভয়ৰে বিকাশৰ বাবে অপৰিহাৰ্য ৷

  • মাটি দাইল

শিশুৰ হাড় আৰু দাঁতৰ মজবুত বিকাশৰ বাবে মাটি দাইল খুবেই লাগতিয়াল লগতে ই কেলচিয়ামৰ এক ভাল উৎস ৷ ইয়াৰ উপৰিও মাটি দাইলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু ফলিক এচিড পোৱা যায় ৷

  • ৰহৰ দাইল

ৰহৰ দাইলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু আঁহ পোৱা যায় ৷ ই গৰ্ভৱতী মহিলাৰ পেট দীৰ্ঘ সময়লৈকে ভৰাই ৰাখে আৰু শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷

ইয়াক এনেদৰে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক

বিভিন্ন শাক-পাচলিৰ সৈতে দাইলো অন্তৰ্ভুক্ত কৰিব লাগে যাতে ই সোৱাদ আৰু আৰু পুষ্টিৰ ভাৰসাম্য বজাই ৰাখিব পাৰে ৷ দাইল ভাতৰ লগত নাখাই খালীকৈও চূপৰ দৰে খাব পাৰে ৷ অংকুৰিত দাইল খালে ইয়াৰ পুষ্টিগুণ আৰু অধিক বৃদ্ধি পায় ৷ লগতে দাইল সিজোৱাৰ আগতে ৬-৭ ঘন্টা পানীত তিয়াই থ’ব লাগে ৷ ইয়াৰ দ্বাৰা কোনো ধৰণৰ গেছৰ সমস্যা নহয় ৷

এইসমূহ কথা মনত ৰাখিব

এই দাইলবোৰ সেৱন কৰাৰ সময়ত পৰিমাণৰ কথা মনত ৰাখিব ৷ অধিক পৰিমাণে দাইল সেৱন কৰিলে গেছৰ সমস্যাও হ’ব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: মধুমেহ ৰোগীৰ বাবে কোনবিধ দাইল উৎকৃষ্ট ? জানো আহক... - Health tips for diabetic patients

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.