ETV Bharat / health

Vitamin-Cৰ অভাৱ দূৰ কৰিবলৈ আজিয়েই খাবলৈ আৰম্ভ কৰক এই ফল - ভিটামিনৰ চি

Vitamin-C Foods: শৰীৰত ভিটামিন চিৰ অভাৱৰ বাবে বহু সমস্যাৰ সৃষ্টি হয় ৷ ঠাণ্ডা, দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ কিন্তু খাদ্য তালিকাত এই কেইবিধ ফল অন্তৰ্ভুক্ত কৰি আপুনি আপোনাৰ শৰীৰৰ পৰা ভিটামিন চিৰ অভাৱ দূৰ কৰিব পাৰে ৷

These 5 foods will overcome Vitamin C deficiency
Vitamin-Cৰ অভাৱ দূৰ কৰিবলৈ আজিয়েই খাবলৈ আৰম্ভ কৰক এই ফল
author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:46 PM IST

সুস্বাস্থ্যৰ বাবে বহুতো ভিটামিনৰ প্ৰয়োজন ৷ যদি শৰীৰত এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হয়, তেন্তে বহু ধৰণৰ ৰোগৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ অৱশ্যে খাদ্যৰ দ্বাৰা ভিটামিনৰ অভাৱৰ ক্ষতিপূৰণ দিব পাৰি ৷আজি আমি আপোনালোকক ক'ম স্বাস্থ্যৰ বাবে অতি উপকাৰী ভিটামিন চিৰ বিষয়ে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাতে আপুনি চৰ্দি, কাহ আৰু আন বহু ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে ৷ ভিটামিন চিৰ অভাৱ দূৰ কৰিবলৈ খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক-

  • " class="align-text-top noRightClick twitterSection" data="">

১/ ব্ৰকলি

ব্ৰকলিত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন এ আৰু এন্টি অক্সিডেন্ট গুণ থাকে ৷ ইয়াক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে ৷

২/ কমলা

কমলাত ভিটামিন চি পৰ্যাপ্ত পৰিমাণে থাকে ৷ ইয়াত আঁহ, ভিটামিন এ, পটাছিয়াম আৰু বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিটো শৰীৰৰ বাবে অতি উপকাৰী ৷ দৈনন্দিন খাদ্যত কমলা সেৱন কৰিব লাগিব নহ’লে ইয়াৰ ৰসও খাব পাৰে ৷

৩/ আমলখি

আমলখি সোৱাদত টেঙা যদিও স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াত ভিটামিন চিৰ লগতে ভাল পৰিমাণৰ ফাইবাৰ, পটাছিয়াম, ওমেগা-৩ ফেটি এচিড থাকে ৷ কেঁচাও খাব পাৰে ৷ ইচ্ছা কৰিলে আমলখিৰ ৰসো খাব পাৰে ৷

৪/ কেপচিকাম

কেপচিকামত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন চি, এ, কে আৰু বিটা কেৰটিন থাকে ৷ ইয়াৰ সেৱনে শৰীৰত ভিটামিন চিৰ অভাৱ দূৰ কৰে ৷ চালাড, শাক-পাচলি বা আন খাদ্যৰ লগতো খাব পাৰে ৷

৫/ ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট গুণ থাকে ৷ ই কলেষ্টেৰলৰ সমস্যাৰ পৰা ৰক্ষা কৰে ৷ ইয়াত ভিটামিন চিৰ লগতে আঁহ, পটাছিয়াম, ফ’লেট থাকে ৷ যি বহু ৰোগ নিৰাময়ত সহায়ক ৷

লগতে পঢ়ক: Zerodhaৰ CEO নীতিন কামথৰ হ’ল মিনি ষ্ট্ৰ’ক; আপুনিও এই লক্ষণসমূহ দেখিলে হওক সাৱধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.