ETV Bharat / health

ননষ্টিক বাচন ব্যৱহাৰ কৰাৰ পূৰ্বে দহবাৰ ভাবক: ননষ্টিক বাচনৰ জৰিয়তে বিয়পিছে এই ভয়াৱহ ৰোগ - Teflon Flu

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 4:05 PM IST

Teflon flu: আপোনাৰ পাকঘৰত থকা ননষ্টিক বাচন-বৰ্তনে বিপদ মাতিব পাৰে আপোনাৰ জীৱনলৈ । ননষ্টিক বাচন-বৰ্তনে আপোনাক কৰিব পাৰে ৰুগীয়া ৷ কাৰণ এই বাচন-বৰ্তনৰ পৰা নিৰ্গত ধোঁৱাৰ ফলত টেফ্লন ফ্লু নামৰ এবিধ ৰোগৰ সৃষ্টি হয়, যিয়ে মানুহক দ্ৰুতগতিত আক্ৰান্ত কৰি আছে । ইয়াৰ বিষয় অধিক জানক-

Dangerous disease spreading from hot non-stick utensils, do not ignore flu-like symptoms
ননষ্টিক বাচন ব্যৱহাৰ কৰাৰ পূৰ্বে দহবাৰ ভাবক: ননষ্টিক বাচনৰ জৰিয়তে বিয়পিছে এই ভয়াৱহ ৰোগ (FREEPIK)

আপোনাৰ পাকঘৰত জিলিকি থকা ননষ্টিক বাচন-বৰ্তনবোৰে ৰন্ধন প্ৰক্ৰিয়া অতি সহজ কৰি তোলে, কিন্তু ই আপোনাক অসুস্থ কৰি তুলিব পাৰে ৷ হয়, আপুনি ঠিকেই শুনিছে ৷ টেফ্লন ফ্লু নামৰ এবিধ ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে, যিটো এই ননষ্টিক বাচনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৷ এই ৰোগৰ কাৰণ হৈছে ননষ্টিক বাচন-বৰ্তনৰ পৰা নিৰ্গত ধোঁৱা, যাৰ বাবে বিগত বৰ্ষত আমেৰিকাত ২৫০ জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (ডেইলীমেইলৰ প্ৰতিবেদন অনুসৰি) ৷

কেতিয়াবা ননষ্টিক কেৰাহীত ৰন্ধা-বঢ়া কৰি থাকোঁতে যদি অদ্ভুত গোন্ধ পায় বা ৰন্ধা-বঢ়া কৰাৰ পিচত ভাগৰুৱা, মূৰৰ বিষ বা জ্বৰ অনুভৱ হয়, তেন্তে ই আপুনি টেফ্লন ফ্লুত আক্ৰান্ত হোৱাৰ লক্ষণ হ’ব পাৰে ৷ অবিৰতভাৱে ইয়াৰ সংস্পৰ্শলৈ আহিলে হাওঁফাওঁ, বৃক্ক আৰু যকৃতৰ দৰে অংগৰ ক্ষতি হ’ব পাৰে ৷ ইয়াৰ উপৰিও ই কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে ৷ এই ৰোগ কিয় ইমান বিপজ্জনক আৰু কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰি সেই বিষয়ে বিতংভাৱে জানো আহক-

টেফ্লন ফ্লু কি ?

টেফ্লন ফ্লু হৈছে ননষ্টিক বাচন-বৰ্তন বেছিকৈ গৰম কৰিলে নিৰ্গত ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা এক প্ৰকাৰৰ ফ্লুৰ দৰে জ্বৰ ৷ টেফ্লন আৱৰণযুক্ত পাত্ৰ এটা অতি উচ্চ উষ্ণতাত গৰম কৰিলে ইয়াৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিবোৰ উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি ফ্লুৰ দৰে লক্ষণ দেখা দিয়ে ৷

টেফ্লন ফ্লুৰ লক্ষণ

ফৰিদাবাদৰ মাৰেংগো এছিয়া হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা-আভ্যন্তৰীণ চিকিৎসা ডাঃ সন্তোষ কুমাৰ আগৰৱালৰ মতে, টেফ্লন ফ্লুৰ লক্ষণসমূহ হ’ল জ্বৰ, কাহ, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট, মূৰৰ বিষ, ভাগৰ, পেশীৰ বিষ, বমি আৰু ওকট-পাকট লগা ৷

এই ৰোগৰ আশংকা কাৰ বেছি ?

গৰম ধাতুৰ পৰা নিৰ্গত ধোঁৱা আৰু প্লাষ্টিকৰ ধোঁৱাই মানুহৰ মাজত এনে ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ যিসকল লোকে ধাতু ৱেল্ডিঙৰ কাম কৰে এনে লোকৰ ক্ষেত্ৰত টেফ্লন ফ্লু হোৱাৰ আশংকা বেছি, কিয়নো এই ধোঁৱাৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কিছুমান শ্ৰমিকৰ হাতত সঠিক সুৰক্ষা সঁজুলি নাথাকে ৷ ৱেল্ডিং কামৰ সময়ত ইহঁতে তাম, লোহা, এলুমিনিয়াম আৰু টিনৰ দৰে বহু ধৰণৰ ধাতুৰ সংস্পৰ্শলৈ আহে ৷ পিটিএফই (টেফ্লন) আৱৰণযুক্ত ৰন্ধন সামগ্ৰী অতিমাত্ৰা গৰম কৰা লোকৰো টেফ্লন ফ্লু হ’ব পাৰে ৷ গতিকে ধোঁৱাৰ উৎসৰ পৰা মানুহে আঁতৰি থকাটো উচিত ৷

টেফ্লন ফ্লুৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি ?

* ননষ্টিক বাচন-বৰ্তন বেছিকৈ গৰম নকৰিব ৷

* খালী পাত্ৰ কেতিয়াও গৰম নকৰিব ৷

* আঁচোৰ বা নষ্ট হোৱা বাচন-বৰ্তন ব্যৱহাৰ নকৰিব ৷

* ৰান্ধি থাকোঁতে সদায় পাকঘৰৰ ওচৰত ফেন চলাব লাগে ৷

* ননষ্টিক বাচনৰ সলনি ষ্টেইনলেছ ষ্টীল বা লোহাৰ বাচন ব্যৱহাৰ কৰক ৷

* যদি আপুনি Teflon ফ্লুৰ লক্ষণ দেখা পায় তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

টেফ্লন ফ্লুৰ চিকিৎসা

টেফ্লন ফ্লুৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসা কৰা হয় ৷ এই সমস্যাত সাধাৰণতে জ্বৰ আৰু বিষ কমোৱাৰ ঔষধ দিয়া হয় ৷ যদি অৱস্থাটো গুৰুতৰ হয় তেন্তে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ব পাৰে ৷

লগতে পঢ়ক: পোনপটীয়াকৈ মগজুত পেলায় প্ৰভাৱ...লক্ষণৰ প্ৰতি গুৰুত্ব নিদিলে এই ভাইৰাছে কাঢ়িব আপোনাৰ প্ৰাণ - Chandipura Virus

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.