ETV Bharat / health

চাহৰ লগত বিস্কুট খাই ভালপায় নেকি ? তেন্তে জানি লওক লোকচান - Tea and Biscuit Combination

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:26 PM IST

Tea-Biscuit Disadvantages: যদি আপুনি চাহ আৰু বিস্কুট একেলগে খাই ভাল পায়, তেন্তে আপোনাৰ বাবে বেয়া খবৰ । কাৰণ এই সংমিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা, বি পি, পেটৰ চৰ্বিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে । জানক ইয়াৰ অন্য পাৰ্শ্বক্ৰিয়াসমূহ-

Tea Biscuit Disadvantages
চাহৰ লগত বিস্কুট খাই ভালপায় নেকি ? তেন্তে জানি লওক লোকচান (FREEPIK)

সাধাৰণতে মানুহে পুৱা একাপ চাহৰ সৈতে নিজৰ দিনটোৰ আৰম্ভণি কৰে ৷ একে সময়তে একাংশ লোকে চাহৰ লগত বিস্কুট খাই ভাল পায় ৷ কেৱল এয়াই নহয়, কিছুসংখ্যক লোকে সন্ধিয়াৰ জলপান হিচাপে চাহৰ লগত বিস্কুট খাই ভাল পায় ৷ কিন্তু চাহৰ লগত বিস্কুট খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি আপুনি জানেনে ? বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ৷

যদি আপুনিও চাহ আৰু বিস্কুট একেলগে খাই ভালপায় তেন্তে সাৱধান হোৱাটো প্ৰয়োজন ৷ চাহ আৰু বিস্কুট খোৱাৰ ফলত হজম শক্তি বেয়া হোৱাৰ লগতে ইনচুলিন প্ৰতিৰোধ ক্ষমতা, বি পি, পেটৰ চৰ্বি, এচিডিটিৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ ইয়াৰ বাহিৰেও ই আন বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ বিষয়ে জানো আহক-

চাহ আৰু বিস্কুট খালে কোষ্ঠকাঠিন্য হ’ব পাৰে

দৰাচলতে বিস্কুট ময়দা আৰু ৰিফাইন চেনিৰে তৈয়াৰ কৰা হয় যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ এনে পৰিস্থিতিত চাহ-বিস্কুট খালে কোষ্ঠকাঠিন্য, বুকুৰ জ্বলা-পোৰা আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে ৷

ওজন বৃদ্ধি হ’ব পাৰে

চাহত কেফেইন থাকে আৰু বিস্কুটত চেনি আৰু চেচুৰেটেড ফেট থাকে, যাৰ ফলত আপোনাৰ মেদবহুলতা আৰু ওজন বৃদ্ধি পাব পাৰে ৷ গতিকে চাহ আৰু বিস্কুট খায় যদি একেলগে খায় তেন্তে আজিৰ পৰাই খোৱা বন্ধ কৰক ৷

ডায়েবেটিছ ৰোগীয়ে চাহ আৰু বিস্কুট খাব নালাগে

যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোকে চাহ আৰু বিস্কুট খাব খোৱাটো পৰিহাৰ কৰিব লাগে ৷ এই সংমিশ্ৰণ ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট মাৰাত্মক হ’ব পাৰে ৷ চাহৰ লগত বিস্কুট খালে ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে ৷

চাহ আৰু বিস্কুট খালে ৰক্তচাপ বৃদ্ধি পায়

কেৱল এইটোৱেই নহয়, ৰক্তচাপৰ সমস্যা থকা লোকসকলেও চাহ আৰু বিস্কুট একেলগে খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ আচলতে বজাৰত উপলব্ধ কিছুমান বিস্কুটত অধিক পৰিমাণৰ নিমখ বা চেনি থাকে যিয়ে বি পি বৃদ্ধি কৰিব পাৰে ৷ এনে পৰিস্থিতিত চাহৰ লগত বিস্কুট খালে ৰক্তচাপৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে ৷

লগতে পঢ়ক: চাহ খোৱা এৰিব নোৱাৰে ? মনত ৰাখক এই ৫টা কথা, নহয় স্বাস্থ্যৰ কোনো ক্ষতি! - Side Effects of Tea

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.