ETV Bharat / health

ৰাতি শোৱাৰ সময়ত ঘাম ওলায় নেকি ? এনে হোৱাৰ কাৰণ কি জানো আহক - Night Sweats Causes

Night Sweats Causes: উৎকট গৰমৰ ঘাম ওলোৱাটো তেনেই এক সাধাৰণ কথা কিন্তু প্ৰায়ভাগ লোকৰ ঠাণ্ডা বতৰতো ৰাতি শোৱাৰ সময়ত প্ৰচুৰ ঘাম ওলায় ৷ ফেন আৰু এচি অন থকা স্বত্বেও ঘাম ওলায় ৷ এনে হোৱাৰ কাৰণ কি জানো আহক...

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:31 PM IST

Sweat in sleep health issues behind sweat in your sleep causes Check full details here
ৰাতি শোৱাৰ সময়ত ঘাম ওলায় নেকি ? এনে হোৱাৰ কাৰণ কি জানো আহক (SOURCE: Getty Images)

গ্ৰীষ্মকালত গৰম বতৰ আৰু উপযুক্ত বায়ু চলাচলৰ অভাৱৰ বাবে ঘাম ওলোৱাটো সাধাৰণ কথা ৷ উৎকট গৰম হ’লে ঘামো বেছিকৈ ওলায় ৷ কিন্তু প্ৰায়ভাগ লোকৰ ঠাণ্ডা বতৰতো ৰাতি শোৱাৰ সময়ত প্ৰচুৰ ঘাম ওলায় ৷ ফেন আৰু এচি অন থকা স্বত্বেও ঘাম ওলায় ৷ অৱশ্যে বেছিভাগ মানুহেই ঘাম ওলোৱাটোক এটা সাধাৰণ সমস্যা হিচাপে গণ্য কৰে ৷ কিন্তু, বিশেষজ্ঞসকলে সকীয়াই দিছে যে ই বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে ৷ সমস্যাটো ডাঙৰ হোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী ৷ গতিকে, ৰাতিৰ সময়ত ঘাম ওলোৱাটো কোনো স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ নেকি ? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

হাইপাৰথাইৰয়ডিজম: বিশেষজ্ঞসকলে কয় যে, ঠাণ্ডা বতৰত ৰাতি ঘাম ওলোৱাটো হাইপাৰথাইৰয়ডিজমৰ লক্ষণ হ’ব পাৰে ৷ কাৰণ থাইৰয়ড গ্ৰন্থিয়ে আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া আৰু অন্যান্য শাৰীৰিক কাম-কাজ সম্পন্ন কৰাত অতি ফলপ্ৰসূ ৷ কিন্তু হাইপাৰথাইৰয়ডিজম অতি সক্ৰিয় হ’লে এক সমস্যালৈ পৰিণত হয় ৷ ফলত বিশেষজ্ঞৰ মতে, শৰীৰে গৰম আৰু ঘাম সহ্য কৰিব নোৱাৰে ৷

মানসিক সমস্যা: বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত বহু লোকে বিভিন্ন মানসিক সমস্যাৰ সন্মুখীন হৈছে ৷ অৱশ্যে বিশেষজ্ঞসকলে কয় যে, যেতিয়া কোনো ধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হয় তেতিয়া মনত এক প্ৰকাৰৰ উদ্বেগ আৰু চিন্তা আৰম্ভ হয় ৷ বিশেষজ্ঞসকলে কয় যে, শুই থকাৰ সময়ত ঘাম ওলাব পাৰে ৷

মানসিক চাপ/উদ্বিগ্নতা: আমি সকলোৱে মাজে মাজে মানসিক চাপ আৰু উদ্বিগ্নতা অনুভৱ কৰো ৷ তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ মগজু আৰু শৰীৰৰ ওপৰত পৰে ৷ ফলত আপোনাৰ ঘাম ওলায় ৷ গতিকে বিশেষজ্ঞসকলে কয় যে, এইটোও টোপনিৰ সময়ত ঘাম ওলোৱাৰ কাৰণ!

ৰজোনিবৃত্তি: বিশেষজ্ঞসকলে কয় যে, যদি মহিলাসকলৰ টোপনিৰ সময়ত ৰাতি ঘাম ওলায়, তেন্তে সেয়া ৰজোনিবৃত্তিৰ বাবেও হ’ব পাৰে ৷ বিশেষকৈ ৪০ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত যদি এই সমস্যা থাকে তেন্তে ক’ব পাৰি যে তেওঁলোকে ৰজোনিবৃত্তিৰ কাষ চাপিছে ৷ কাৰণ ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তন ঘটে ৷ বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত অত্যধিক ঘাম ওলায় ৷

বিশেষজ্ঞসকলে কয় যে, টিবি/এইচআইভি, লিউকেমিয়া..আদি সমস্যাইও ৰাতি ঘামৰ সৃষ্টি কৰিব পাৰে ৷ এই ৰোগবোৰ থাকিলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, যাৰ ফলত ৰাতিৰ সময়ত ঘাম ওলায় ৷

কেফেইন সমৃদ্ধ খাদ্য খোৱা: বিশেষজ্ঞসকলে কয় যে, কেফেইন সমৃদ্ধ খাদ্য অত্যধিক সেৱন কৰিলেও ৰাতি ঘাম ওলাব পাৰে ৷ ২০১৮ চনত ‘PLOS One’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অধিক পৰিমাণৰ কেফেইনযুক্ত খাদ্য সেৱনে টোপনিৰ মান হ্ৰাস কৰাৰ লগতে ৰাতি ঘামৰ সম্ভাৱনা বৃদ্ধি কৰা দেখা গৈছে ৷ এই গৱেষণাত অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত কৰ্মৰত স্নায়ুজীৱবিজ্ঞানৰ অধ্যাপক ডাঃ ডেভিদ জে. লীয়ে অংশগ্ৰহণ কৰিছিল ৷ তেওঁ উল্লেখ কৰে যে, কেফেইন বেছি থকা পানীয় আৰু খাদ্য সেৱনৰ বাবে ৰাতি ঘাম ওলোৱাৰ সম্ভাৱনা আছে ৷

কিছুমান বিশেষ ধৰণৰ ঔষধৰ ব্যৱহাৰ: এন্টি ডিপ্ৰেছন, এন্টি ৰেট্ৰ’ভাইৰেল, হাইপাৰটেনচন ঔষধো ৰাতি ঠাণ্ডা বতৰত ঘাম ওলোৱাৰ কাৰণ হ’ব পাৰে বুলি বিশেষজ্ঞসকলে কয় ৷ কাৰণ এই ঔষধবোৰৰ ব্যৱহাৰে মগজুৰ ঘামগ্ৰন্থি নিয়ন্ত্ৰণ কৰা অংশত নেতিবাচক প্ৰভাৱ পেলায় ৷ ফলত বিশেষজ্ঞসকলে টোপনিৰ সময়ত ঘাম ওলায় বুলি কয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: আজিৰ পৰা আৰু কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.