ETV Bharat / health

বাৰিষাত ছালৰ সমস্যা খুব বেছি হয় নেকি ? তেন্তে অনুসৰণ কৰক চিকিৎসকে দিয়া এই পদ্ধতি - Rainy Season Skin Care - RAINY SEASON SKIN CARE

Rainy Season Skin Care: বাৰিষাৰ সময়ত ছালৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে মানুহৰ ছাল নিস্তেজ হৈ পৰে আৰু শালমনৰ সমস্যা বাঢ়ি যায় । বিশেষজ্ঞসকলৰ মতে এই ঋতুত ছালৰ ওপৰত অতিৰিক্ত মনোযোগৰ প্ৰয়োজন হয়। বৰষুণত ছালৰ যত্ন কেনেকৈ কৰিব লাগে জানো আহক ।

RAINY SEASON PRECAUTIONS SKIN CARE TIPS
বাৰিষাত ছালৰ সমস্যা খুব বেছি হয় নেকি ? তেন্তে অনুসৰণ কৰক চিকিৎসকে দিয়া এই পদ্ধতি (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 2:20 PM IST

এফালে বাৰিষাৰ ফলত গৰমৰ পৰা সকাহ পোৱাৰ বিপৰীতে আনফালে ছালৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰে ৷ এই বতৰত সাধাৰণতে মানুহৰ ছাল নিস্তেজ হৈ পৰে আৰু শালমনৰ সমস্যাও বাঢ়ি যায় ৷ বিশেষজ্ঞসকলৰ মতে, এই ঋতুত পৰিৱেশৰ আৰ্দ্ৰতা আৰু পৰিৱৰ্তিত উষ্ণতাই ছালত যথেষ্ট প্ৰভাৱ পেলায়, যাৰ বাবে ছালখনক অতিৰিক্ত মনোযোগৰ প্ৰয়োজন হয় ৷

বাৰিষাকালত ছালৰ যত্ন কেনেদৰে ল’ব: বাৰিষাৰ সময়ত ছালৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ দৰাচলতে এই ঋতুত সাধাৰণতে ছালৰ উজ্বলতা নোহোৱা হৈ যায় আৰু আঠাযুক্ত হৈ পৰে ৷ বাৰিষাৰ সময়ত ছালৰ লগত জড়িত বহু প্ৰকাৰৰ সমস্যাৰো সৃষ্টি হয় ৷

সৌন্দৰ্য বিশেষজ্ঞ ডাঃ আশা সাক্লানীয়ে কয় যে, বাৰিষাৰ সময়ত যদি ছালৰ সঠিকভাৱে যত্ন লোৱা হয় তেন্তে ছালৰ সৈতে জড়িত বহুতো সমস্যা আৰু অসুবিধাৰ পৰা হাত সাৰিব পৰা যায় ৷

সমস্যাৰ কাৰণ

উত্তৰাখণ্ডৰ ছালৰ বিশেষজ্ঞ ডাঃ আশা সাক্লানীয়ে কৈছে যে, বাৰিষাত পৰিৱেশত আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ বাবে খুব ঘাম ওলায় । বহু সময়ত বৰষুণৰ পানী ছালত পৰিলে বহু লোকৰ সেই ঠাইত বিৰক্তি, খজুৱতি আৰু ফোঁহা উঠিবলৈও আৰম্ভ কৰে ।

RAINY SEASON PRECAUTIONS SKIN CARE TIPS
বাৰিষাত ছালৰ সমস্যা খুব বেছি হয় নেকি ? তেন্তে অনুসৰণ কৰক চিকিৎসকে দিয়া এই পদ্ধতি (ETV Bharat)

দৰাচলতে আজিকালি পৰিবেশত প্ৰদূষণ যথেষ্ট বৃদ্ধি পাইছে ৷ যাৰ ফলত বৰষুণৰ পানীতো প্ৰদূষণ আৰু ধূলিৰ কণা উপস্থিত থাকে । যি আমাৰ ছালৰ সংস্পৰ্শলৈ আহিলে ইহঁতে নিজৰ প্ৰভাৱ দেখুৱায় । সেইবাবেই মানুহক সাধাৰণতে কোৱা হয় যে বৰষুণত তিতাৰ পিছত পৰিষ্কাৰ পানীৰে গা ধুব লাগে লগতে হাত, ভৰি আৰু মুখ ভালদৰে পৰিষ্কাৰ কৰিব লাগে ।

ইয়াৰ উপৰিও বাৰিষাৰ সময়ত বায়ুমণ্ডলৰ আৰ্দ্ৰতাও যথেষ্ট বৃদ্ধি পায় । যাৰ বাবে বৰষুণ বন্ধ হোৱাৰ লগে লগে অত্যধিক ঘাম ওলাবলৈ আৰম্ভ কৰে । এনে অৱস্থাত ঘাম আৰু মলিৰ কণাবোৰ ছালত জমা হ’লে ছিদ্ৰবোৰ বন্ধ হৈ পৰে । যিয়ে বহু ধৰণৰ ছালৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

চিকিৎসকে কয় যে, এই বতৰত বহু লোকৰ ছালত চেবাম (প্ৰাকৃতিক তেল)ৰ উৎপাদনো বৃদ্ধি পায়, যাৰ ফলত ছালখন নিস্তেজ, তেলীয়া আৰু আঠাযুক্ত হৈ পৰে । এই বতৰত ব্ৰণ আৰু শালমন, ছালত ভেঁকুৰৰ সংক্ৰমণ, ছাল শুকান হোৱা আৰু ছালৰ এলাৰ্জী আৰু ফোঁহা আদি সমস্যা যথেষ্ট পৰিমানে হোৱা দেখা যায় ।

বৰষুণত ছালৰ যত্ন

ডাঃ আশা সাক্লানীয়ে কয় যে, এই ঋতুত দৈনিক সঠিক ছালৰ যত্নৰ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় । কেৱল এয়াই নহয়, ছালখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে খাদ্যৰ লগত জড়িত সাৱধানতা অৱলম্বন কৰা আৰু ছালৰ হাইড্ৰেচনৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ যাতে ইয়াক ভিতৰৰ পৰা সুস্থ কৰি ৰাখিব পাৰি আৰু লগতে ছালৰ আৰ্দ্ৰতাৰো যত্ন লোৱাটো গুৰুত্বপূৰ্ণ । সঠিক ছালৰ যত্নৰ নিয়ম আৰু আন কিছুমান সাৱধানতা মানি চলিলে এই বতৰত ছালৰ লগত জড়িত বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু ছালৰ উজ্বলতাও বজাই ৰাখিব পাৰি । ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

ক্লীনজিং: বাৰিষাৰ সময়ত ছাল পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ দিনটোত কমেও দুবাৰকৈ মৃদু ক্লিনজাৰেৰে মুখখন ধোৱাটো খুবেই জৰুৰী ৷ বাহিৰৰ পৰা অহাৰ লগে লগে মুখ, হাত-ভৰি ধুব লাগে ৷ বজাৰৰ দামী সামগ্ৰী ব্যৱহাৰ কৰাতকৈ আপুনি দুচামুচ গাখীৰত কপাহ ডুবাই মুখ মচিলে আপোনাৰ ছালখন ভালদৰে পৰিস্কাৰ হ’ব ৷

মইশ্ব’ৰাইজিং: বাৰিষাৰ সময়ত ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ লঘু মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে ৷ যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে তেলবিহীন মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক ৷ গা ধোৱাৰ পিছত আৰু মুখ ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ নিশ্চয় ব্যৱহাৰ কৰিব ৷

এক্সফোলিয়েচন: সপ্তাহত এবাৰ ছালখন এক্সফোলিয়েট কৰাটো খুবেই জৰুৰী ৷ ইয়াৰ ফলত মৃত কোষবোৰ আঁতৰি যায় আৰু ছালখন সতেজ অনুভৱ হয় ৷ সম্ভৱ হ’লে প্ৰাকৃতিক স্ক্ৰাব ব্যৱহাৰ কৰক যাতে ইয়াৰ ফলত যাতে ছালত কোনো ক্ষতিকাৰক প্ৰভাৱ নপৰে ৷ আপুনি ঘৰতে দুচামুচ বেচন, এচামুচ কফি আৰু দুচামুচ মৌ আৰু অকণমান চেনি দি মুখ পৰিষ্কাৰ কৰিব পাৰে ৷

ছানস্ক্ৰীন ব্যৱহাৰ: বাৰিষাকালতো ছানস্ক্ৰীণ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷ UV ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ অন্তত: SPF 30 যুক্ত ছানস্ক্ৰীণ প্ৰয়োগ কৰক ৷

হাইড্ৰেচন: ছালখন ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ৷ লগতে খাদ্যত থকা তৰল পদাৰ্থ যেনে ৰস, চূপ আৰু বনৌষধি চাহ, পানীজাতীয় ফল-মূল পাচলি যেনে- তৰমুজ, বাঙী, তিয়ঁহ ইত্যাদিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে ৷

ভেঁকুৰৰ সংক্ৰমণৰ পৰা প্ৰতিৰোধ: সদায় শুকান কাপোৰ পিন্ধিব লাগে আৰু লগে লগে তিতা কাপোৰ সলনি কৰিব লাগে ৷ ভৰি আৰু কাষলতিত টেলকম পাউদাৰ লগাব যাতে আৰ্দ্ৰতা নাথাকে ৷ বন্ধ জোতা পিন্ধাৰ পৰা বিৰত থাকক আৰু বায়ু চলাচল কৰা জোতা ব্যৱহাৰ কৰিব লাগে ৷

ফেচ মাস্ক আৰু ঘৰুৱা উপায়: এই ঋতুত ছালৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক বা বনৌষধিৰ ফেচ মাস্ক ব্যৱহাৰ কৰক যিয়ে ছালখন পৰিষ্কাৰ তথা টান কৰি ৰখাত আৰু উজ্বল কৰাত সহায় কৰিব ৷

সুষম খাদ্য: সতেজ ফল-মূল, শাক-পাচলি আৰু বিশেষকৈ ভিটামিন আৰু প্ৰ’টিন সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ লগতে ভজা, পোৰা আৰু টেঙা খাদ্য অধিক পৰিমাণে খোৱাৰ পৰা বিৰত থাকক ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত নষ্ট হৈ পৰিছে হাত-ভৰিৰ ছাল ? সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ পৰা জানি লওক উপায় - Skin Care

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.