ETV Bharat / health

আজিকালি ল’ৰা-ছোৱালীয়ে পৰামৰ্শ নলয়... সন্তানৰ এইবোৰ কাৰ্যত ভাগি পৰে পিতৃ-মাতৃ - Sonakshi Sinha Marriage - SONAKSHI SINHA MARRIAGE

Shatrughan Sinha: সোনাক্ষী সিনহাৰ সৈতে থকা জাহীৰ ইকবালৰ সম্পৰ্কৰ বিষয়ে সম্প্ৰতি ব্যাপক চৰ্চা চলিছে সামাজিক মাধ্যমত । তাৰোপৰি শীঘ্ৰেই এওঁলোক বিবাহপাশত আবদ্ধ হ’ব বুলিও খবৰ বিয়পি পৰিছে । কিন্তু পিতৃ শত্ৰুঘন সিনহা এই খবৰত একেবাৰেই সুখী নহয় ।

Shatrughan Sinha's anger burst on Sonakshi, Never do these things with your parents; it breaks their hearts
আজিকালি ল’ৰা-ছোৱালীয়ে পৰামৰ্শ নলয়... সন্তানৰ এইবোৰ কাৰ্যত ভাগি পৰে পিতৃ-মাতৃ (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 5:19 PM IST

অহা ২৩ জুনত বলীউডৰ ‘শ্বটগান’ শত্ৰুঘ্ন সিনহাৰ কন্যা সোনাক্ষী সিনহাৰ বিবাহপাশত আবদ্ধ হ’ব বুলি খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ ৷ দৰাচলতে অভিনেতা জাহীৰ ইকবালৰ সৈতে সোনাক্ষী সিনহাৰ এক দীৰ্ঘদিনীয়া সম্পৰ্কত আছে ৷ যাৰ বাবে পিতৃ শত্ৰুঘ্ন সিনহাই এইকথা একেবাৰেই ভাল পোৱা নাই ৷

এনে অৱস্থাত শত্ৰুঘ্ন সিনহাক কন্যাৰ বিবাহৰ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে ৷ তেওঁ কয় যে, ‘‘আজিকালি ল’ৰা-ছোৱালীয়ে কোনো কাম কৰাৰ আগতে পিতৃ-মাতৃৰ পৰা অনুমতি লোৱাটো জৰুৰী বুলি নাভাবে, বৰঞ্চ তেওঁলোকে অৱগতহে কৰে ৷ মই ইয়াৰ বাবেই অপেক্ষা কৰি আছোঁ ৷ যেতিয়া এনেকুৱা হ’ব তেতিয়া মই আৰু মোৰ পত্নীয়ে দম্পতীক আশীৰ্বাদ দিম ৷’’

পিতৃ-মাতৃৰ মৰ্যাদা আৰু মৰম প্ৰতিটো সন্তানৰ বাবে বহুমূলীয়া ৷ কিন্তু কেতিয়াবা সন্তানৰ কিছুমান ভুলে পিতৃ-মাতৃৰ হৃদয় চিৰদিনৰ বাবে ভাঙি পেলায় আৰু সন্তানৰ ওপৰত থকা বিশ্বাস নোহোৱা হৈ যায় ৷

গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত নকৰা

সৰুৰে পৰা পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ বাবে সকলো সিদ্ধান্ত লৈ আহিছে ৷ এনে পৰিস্থিতিত যেতিয়া শিশুৱে ডাঙৰ হোৱাৰ পিচত পিতৃ-মাতৃৰ লগত নিজৰ সিদ্ধান্তৰ বিষয়ে আলোচনা নকৰে, তেতিয়া তেওঁলোকে অতিশয় স্তম্ভিত অনুভৱ কৰিব পাৰে ৷ বিশেষকৈ পিতৃৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাটো অতি কঠিন ৷

অসন্মান কৰা

প্ৰতিটো সম্পৰ্কৰ ভেটি সন্মানৰ ওপৰত নিৰ্ভৰশীল ৷ এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে কেতিয়াও সহ্য কৰিব নোৱাৰে যে সন্তানে তেওঁক সন্মান নকৰে ৷ তেওঁৰ লগত উচ্চস্বৰত বা ভুল ধৰণে কথা পতা আদি ৷

বিশ্বাস ভংগ কৰা

পিতৃ-মাতৃৰ বিশ্বাস প্ৰতিটো সম্পৰ্কৰ ভেটি ৷ তেওঁলোকৰ আগত মিছা কথা কোৱা বা প্ৰতিশ্ৰুতি পূৰণ নকৰাটোৱে তেওঁলোকক গভীৰভাৱে আঘাত দিব পাৰে ৷ এবাৰ বিশ্বাস হেৰুওৱালে সম্পৰ্কত ফাট মেলিব পাৰে, যিবোৰক পুনৰ জোৰা লগোৱাটো অতি কঠিন ৷

লগতে পঢ়ক: জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.