ETV Bharat / health

ভৰিৰ তলুৱাত নহৰু ঘঁহাৰ উপকাৰিতা জানি তবধ মানিব আপুনিও - Benefits Of Garlic - BENEFITS OF GARLIC

Rub Garlic On Foot Soles: দ্য জাৰ্নেল নিউট্ৰিচনৰ প্ৰতিবেদন অনুসৰি নহৰু সেৱনে ৰক্তচাপ হ্ৰাস কৰাৰ উপৰিও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ইয়াৰ বাহিৰেও ভৰিৰ তলুৱাত নহৰু ঘঁহিলে তলত উল্লেখিত এইসমূহ ৰোগৰ পৰাও সকাহ পাব পৰা যায় ।

Rub garlic on foot soles
ভৰিৰ তলুৱাত নহৰু ঘঁহাৰ উপকাৰিতা জানি তবধ মানিব আপুনিও (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 7:09 PM IST

প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে বহুদিনৰ পৰাই নহৰুক প্ৰাকৃতিক ঔষধ হিচাপে ডায়েবেটিছ আৰু হৃদযন্ত্ৰ বন্ধ হোৱা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ অহা হৈছে । ইয়াৰ উপৰিও নহৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী ।

মানুহে নহৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰে । কোনো কোনোৱে ঘিউত ভাজি নহৰু খায় আনহাতে কোনোৱে আকৌ চাটনি বনাই খাই ভাল পায় । কিন্তু আপুনি জানেনে যে নহৰু ভৰিৰ তলুৱাত ঘঁহিলেও ইয়াৰ পৰা বহু উপকাৰিতা পাব পাৰি ।

ৰক্ত সঞ্চালন বৃদ্ধি কৰে: ভৰিৰ তলুৱাত নহৰু ঘঁহিলে আপোনাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায় । ইয়াৰ বাহিৰেও তলুৱাত নহৰু ঘঁহিলে তেজ আৰু শৰীৰ গৰম হ’বলৈ আৰম্ভ কৰে । যদি আপুনি কোনোবা ঠাণ্ডা ঠাইত গৈছে তেন্তে ভৰিৰ তলুৱাত নহৰু ঘঁহি দিব । ইয়াৰ ফলত ঠাণ্ডাৰ পৰা সকাহ পাব ।

চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়ে: দুদিনৰ মূৰে মূৰে ভৰিৰ তলুৱাত নহৰু ঘঁহিলে চৰ্দি আৰু কাহৰ পৰা সকাহ পাব পাৰি । যদি চৰ্দি আৰু কাহৰ ফলত অসুবিধা অনুভৱ কৰে তেন্তে ভৰিৰ তলুৱাত নহৰু ঘঁহি দিব । ইয়াৰ দ্বাৰা ঠাণ্ডাৰ উপৰিও বতৰৰ সাল-সলনিৰ ফলত হোৱা অন্যান্য ৰোগৰ পৰাও আঁতৰি থাকিব পৰা যায় ।

লগতে পঢ়ক: বিদেশতো দেশী গাৰ্ল প্ৰিয়ংকাই পাহৰা নাই ভাৰতীয় ঘৰুৱা উপায় : চাওক নহৰুক কিদৰে কৰিলে ব্যৱহাৰ - Priyanka Chopra

মানসিক আৰু শাৰীৰিক চাপ দূৰ কৰাত ফলপ্ৰসূ: তলুৱাত নহৰু ঘঁহিলে মানসিক আৰু শাৰীৰিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব পাৰি । যদি আপুনি শাৰীৰিক আৰু মানসিকভাৱে যুঁজি আছে তেন্তে তলুৱাত নহৰু ঘঁহিলে অতি উপকাৰী হ’ব পাৰে ।

নহৰুৱে ভাগৰ দূৰ কৰে: যদি আপুনি ভাগৰুৱা অনুভৱ কৰে তেন্তে ভৰিৰ তলুৱাত নহৰু ঘঁহিলে পেশীবোৰে সকাহ পায় আৰু লগতে ভাগৰ দূৰ হয় ।

উচ্চ ৰক্তচাপত উপকাৰী হ’ব পাৰে: জাৰ্নেল নিউট্ৰিচনৰ প্ৰতিবেদন অনুসৰি নহৰু সেৱনে উচ্চ ৰক্তচাপ থকা লোকৰ ৰক্তচাপ হ্ৰাস কৰে ৷ লগতে ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষমতা প্ৰদান কৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: দৈনিক খাদ্যাভ্যাসৰ তালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পাব আচৰিত লাভ - Garlic Benefits

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.