ETV Bharat / health

আজিয়েই কিনি থৈ দিয়ক এই আয়ুৰ্বেদিক বনৌষধি...ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কৰিব সহায় - Ayurvedic Herbs For Weight Loss - AYURVEDIC HERBS FOR WEIGHT LOSS

Ayurvedic Weight Loss Tips: বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যাত আয়ুৰ্বেদিক বনৌষধিয়ে যুগ যুগ ধৰি বিশেষ ভূমিকা পালন কৰি আহিছে, কেৱল ৰোগ নিৰাময়ে নহয় ওজন বঢ়োৱা তথা কমোৱা আদি ক্ষেত্ৰতো আয়ুৰ্বেদিক বনৌষধি খুবেই লাভদায়ক ৷ কিন্তু আজি ওজন কম কৰাৰ ক্ষেত্ৰত কোনবোৰ বনৌষধিয়ে সহায় কৰিব পাৰে গৱেষণাৰ দ্বাৰাই জানি লও আহক-

Powerful Ayurvedic Herbs For Weight Loss
আজিয়েই কিনি থৈ দিয়ক এই আয়ুৰ্বেদিক বনৌষধি...ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কৰিব সহায় (Getty Images)
author img

By ETV Bharat Health Team

Published : Sep 19, 2024, 1:19 PM IST

ওজন বৃদ্ধি কৰাটো যিমান সহজ, কম কৰাটোও সমানেই কঠিন । ওজন কমাবলৈ বহুলোকে মানুহে জিমত ঘণ্টাৰ পিছত ঘণ্টা ৱৰ্কআউট কৰে, বিভিন্ন ব্যয়বহুল ডায়েট প্লেন, যোগাসন আৰু বহুতো পদ্ধতি অনুসৰণ । যদি আপুনিও ওজন কমাবলৈ সহজ উপায় বিচাৰি আছে, তেন্তে আপোনাৰ ওচৰত থকা কিছুমান আয়ুৰ্বেদিক বনৌষধি আপোনাৰ বাবে উপযোগী হ’ব পাৰে ।

আয়ুৰ্বেদৰ মতে, ওজন কমাবলৈ পদ্ধতিসমূহৰ ভিতৰত সুষম খাদ্য, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু কিছুমান বনৌষধিৰ ব্যৱহাৰ আদি অন্তৰ্ভুক্ত । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Institutes of Health) এটি প্ৰতিবেদন আগবঢ়াইছে য’ত এনে কেইবিধমান বনৌষধিৰ কথা উল্লেখ কৰা হৈছে যিয়ে আপোনাৰ ওজন হ্ৰাস কৰাৰ এই যাত্ৰাত খুবেই সহায় কৰিব ৷ তেন্তে পলম নকৰি জানো আহক এই আয়ুৰ্বেদিক বনৌষধিসমূহ নো কি-

  • ত্ৰিফলা (Triphala)
    Powerful Ayurvedic Herbs For Weight Loss
    ত্ৰিফলা (Getty Images)

ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ ৷ আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ত্ৰিফলা (Amalaki, Bibhitaki and Haritaki)৷ এই তিনিটা ফল সমান পৰিমাণে মিহলাই তৈয়াৰ কৰা হয় ৷ ত্ৰিফলা বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে ত্ৰিফলা গুড়ি ৰূপত সেৱন কৰা হয় ৷ ইয়াক পানী বা গাখীৰৰ লগত খাব পাৰে ৷ ইয়াৰ পৰা আপুনি যথেষ্ট সুফল লাভ কৰিব ৷

  • গুগুল (Guggul)

আয়ুৰ্বেদিক ঔষধত Guggul (Commiphora wightii) চিৰপৰিচিত এটি নাম ৷ গুগুলক "Pura" বুলিও কোৱা হয় যাৰ অৰ্থ হৈছে "ৰোগৰ পৰা আঁতৰি থকা"। আয়ুৰ্বেদৰ মতে, গুগুল ওজন নিয়ন্ত্ৰণত উপযোগী কিয়নো ই বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে আৰু পাচনতন্ত্ৰত সুস্থ কৰি ৰখাত সহায় কৰে । ই অষ্টিওআৰ্থ্ৰাইটিছৰ লগতে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত গাঁঠিৰ ফুলা, বিষ আৰু জঠৰতা হ্ৰাস কৰাত সহায় কৰে কাৰণ ইয়াৰ anti-inflammatory আৰু আৰ্থ্ৰাইটিক প্ৰতিৰোধী গুণাগুণ আছে । গুগুলে মুঠ কলেষ্টেৰল, নিম্ন-ঘনত্বৰ লাইপোপ্ৰ'টিন (low-density lipoprotein-LDL বা বেয়া কলেষ্টেৰল) আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰি তেজৰ কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব পাৰে । তদুপৰি ইয়াৰ বেক্টেৰিয়া-ৰোধী (anti-bacterial) গুণাগুণৰ বাবে ব্রণ সৃষ্টিকাৰী বেক্টেৰিয়াৰ বিকাশ প্ৰতিহত কৰে ।

  • থেকেৰা টেঙা (Garcinia Cambogia)

ই হৈছে এবিধ গ্রীষ্মমণ্ডলীয় ফল(Vrikshamla) যিটো আয়ুৰ্বেদিক চিকিৎসাত প্ৰায়ে ওজন কমাবলৈ ব্যৱহাৰ কৰা হয় । ই ভোক দমন কৰাত সহায় কৰে আৰু শৰীৰত চৰ্বি উৎপাদন ৰোধ কৰে বুলি বিশ্বাস কৰা হয় ।

গ্ৰীষ্মকালীন সময়ছোৱাত অসমত ইয়াৰ চৰবত, আঞ্জা(Curry) আদি খোৱা হয় ৷ কোৱা হয় যে থেকেৰাই আমাৰ পেট ঠাণ্ডা কৰি ৰাখে সেয়ে গৰমৰ দিনত খালে আমাৰ পেটৰ বাবে খুবেই লাভদায়ক৷ আনহাতে, থেকেৰা টেঙাই কলেষ্টেৰল কমোৱাত যথেষ্ট সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে বুলি বিশ্বাস কৰা হয় ।

Powerful Ayurvedic Herbs For Weight Loss
আজিয়েই কিনি থৈ দিয়ক এই আয়ুৰ্বেদিক বনৌষধি...ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কৰিব সহায় (Getty Images)
  • ট্ৰাইমেড (Trimad)

ত্ৰিমাদ হৈছে আয়ুৰ্বেদিক বহু বনৌষধি প্ৰস্তুতি যিটো মুস্তাকৰ কন্দ (Cyperus rotundus), বিডাংগাৰ ফল (Embelia ribes) আৰু চিত্ৰকৰ (Plumbago zeylanica) শিপাৰে গঠিত । মেদবহুলতা নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদত ই এবিধ অতি লাভদায়ক বনৌষধি । সেয়েহে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ নাপাহৰিব ৷

  • মেথি (Fenugreek Seeds)

ভাৰতীয় ৰন্ধন প্ৰণালীত সাধাৰণতে ব্যৱহৃত এবিধ মছলা মেথি । ই ভোক দূৰ কৰাত সহায় কৰে আৰু পেট ভৰি থকা যেন অনুভৱ কৰায়, যিয়ে অতি ক্ষীপ্ৰতাৰে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে । মেথিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু সামগ্ৰিক বিপাকীয় স্বাস্থ্যক উন্নত কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয় ।

  • ডালচেনি (Cinnamon)

    ডালচেনি (Getty Images)

আয়ুৰ্বেদিক চিকিৎসাত সততে ব্যৱহৃত মছলা ডালচেনিয়ে স্বাস্থ্যকৰ তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে । ডালচেনিয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু সামগ্ৰিক বিপাকীয় স্বাস্থ্যক সমৰ্থন কৰে বুলি বিশ্বাস কৰা হয় ।

  • অশ্বগন্ধা (Ashwagandha)

    অশ্বগন্ধা (Getty Images)

অশ্বগন্ধা হৈছে এনে এবিধ যাদুকৰী বনৌষধি যিয়ে আয়ুৰ্বেদত প্ৰায়ে সামগ্ৰিক স্বাস্থ্যক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে । ই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে আৰু শান্তিৰ অনুভৱ বৃদ্ধি কৰে, যিয়ে মানসিক চাপৰ সৈতে জড়িত খাদ্যাভ্যাস হ্ৰাস কৰি ওজন হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ।

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC7329718/

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: Home Remedies For Sore Throat: ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ আয়ুৰ্বেদিক ঔষধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.