ETV Bharat / health

বাৰিষাৰ সময়ত পৰিধান কৰক এই ৰঙৰ কাপোৰ; সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি - Monsoon Outfit Ideas

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 11:38 AM IST

Outfit Ideas for Monsoon: যদিও বাৰিষাৰ বতৰটোৱে সতেজতা আৰু উন্মাদনা কঢ়িয়াই আনে, কিন্তু এই বতৰত ষ্টাইলৰ লগত আপোচ নকৰাকৈ কাপোৰ কেনেকৈ পিন্ধিব লাগে সেয়া অলপ প্ৰত্যাহ্বানজনক হৈ পৰে ৷ সেয়ে এই সময়ছোৱাত পৰিধান কৰিবৰ বাবে কিছুমান বিশেষ ৰঙৰ কাপোৰৰ বিষয়ে ক’বলৈ ওলাইছো যাক পৰিধান কৰিলে আপুনি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷

Perfect colors to add to your wardrobe for the monsoon season
বাৰিষাৰ সময়ত পৰিধান কৰক এই ৰঙৰ কাপোৰ; সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি (INSTAGRAM)

বাৰিষাৰ বতৰে নিজৰ লগত কঢ়িয়াই আনে উৎসাহ আৰু সতেজতা, কিন্তু এই বতৰত আপুনি আপোনাৰ শৈলী বা ষ্টাইল বজাই ৰখাটো এক প্ৰত্যাহ্বানস্বৰূপ হ’ব পাৰে ৷ বিশেষকৈ জনগোষ্ঠীয় সাজ-পোচাকৰ কথা আহিলে ৷ এই ঋতুত সঠিক ৰঙৰ কাপোৰ বাছি ল’লে আমাক ফেশ্বনেবল দেখুওৱাই নহয়, আমাৰ মেজাজো উন্নত হ’ব পাৰে ৷ এনে কিছুমান ৰঙৰ বিষয়ে জানো আহক যিসমূহ ৰঙৰ কাপোৰ পৰিধান কৰি আপুনি বাৰিষাতো নিজকে ষ্টাইলিচ দেখাব পাৰে ৷

বাৰিষাৰ বতৰে নিজৰ লগত কঢ়িয়াই আনে উৎসাহ আৰু সতেজতা, কিন্তু এই বতৰত আপুনি আপোনাৰ শৈলী বা ষ্টাইল বজাই ৰখাটো এক প্ৰত্যাহ্বানস্বৰূপ হ’ব পাৰে ৷ বিশেষকৈ জনগোষ্ঠীয় সাজ-পোছাকৰ কথা আহিলে ৷ এই ঋতুত সঠিক ৰঙৰ কাপোৰ বাছি ল’লে আমাক ফেশ্বনেবল দেখুওৱাই নহয়, আমাৰ মেজাজো উন্নত হ’ব পাৰে ৷ এনে কিছুমান ৰঙৰ বিষয়ে জানো আহক যিসমূহ ৰঙৰ কাপোৰ পৰিধান কৰি আপুনি বাৰিষাতো নিজকে ষ্টাইলিচ দেখাব পাৰে ৷

১/ হালধীয়া

হালধীয়া ৰং সুখ আৰু শক্তিৰ প্ৰতীক ৷ এই ৰঙে বাৰিষাৰ দিনত মেজাজ সুখী আৰু ইতিবাচকতা প্ৰদান কৰে ৷ বিয়া বা যিকোনো উৎসৱত হালধীয়া ৰঙৰ কুৰ্তি, শাৰী বা অনাৰ্কালী চুট পিন্ধিব পাৰে ৷ যিয়ে আপোনাক ভিৰৰ পৰা পৃথক আৰু আকৰ্ষণীয় কৰি তুলিব ৷

২/ কমলা

বাৰিষাৰ বাবে কমলা ৰঙো অতি উত্তম বিকল্প ৷ এই ৰং উৎসাহ আৰু উদ্দীপনাৰ প্ৰতীক ৷ যিকোনো উৎসৱ-পাৰ্ৱণ বা কোনো অনুষ্ঠানত কমলা ৰঙৰ পাৰম্পৰিক সাজ পিন্ধিব পাৰে, এই ৰঙে সৌন্দৰ্য প্ৰদান কৰাৰ লগতে আত্মবিশ্বাসো বৃদ্ধি কৰে ৷

৩/ সেউজীয়া

সেউজীয়া ৰং প্ৰকৃতিৰ প্ৰতীক আৰু বাৰিষাৰ বাবে উত্তম ৰং ৷ এই ৰঙে চকুক শান্ত কৰাই নহয়, আপোনাকো সতেজ অনুভৱ কৰায় ৷ সেউজীয়া ৰেচম বা কপাহী শাৰী, কুৰ্তি বা লেহেংগাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে ৷

৪/ নীলা

নীলা ৰং বৰষুণৰ দিনত অতি শান্তিদায়ক দেখা যায় ৷ এই ৰং শান্তি আৰু স্থিৰতাৰ প্ৰতীক ৷ এই ৰঙৰ আপুনি শাৰী, চুট আৰু কুৰ্টি পৰিধান কৰিব পাৰে ৷ ডাৰ্ক ব্লু ৰঙৰ ড্ৰেছে আপোনাক ক্লাছি আৰু মাৰ্জিত লুক দিব ৷

৫/ গোলাপী

গোলাপী ৰং সদায় কোমলতাৰ প্ৰতীক হৈ আহিছে ৷ এই ৰঙে বাৰিষাৰ সময়ত সতেজতাৰে আপোনাক উল্লাসিত কৰি ৰাখে ৷ লাইট হওক বা ডাৰ্ক, গোলাপী ৰঙৰ প্ৰতিটো শ্বেডেই বৰ ধুনীয়া ৷

৬/ বগা

বগা ৰং শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক ৷ বাৰিষা কালত বগা ৰঙৰ কুৰ্টি, শাৰী বা অনাৰকলি চুট পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৷ এই ৰঙে কেৱল গৰমৰ পৰা সকাহ দিয়াই নহয়, আপোনাক ক্লাছি লুক এটাও দিয়ে ৷ কিন্তু বাৰিষাত এই ৰংটো পিন্ধাটো অলপ ৰিস্কি, কাৰণ ই সোনকালে লেতেৰা হৈ পৰে, গতিকে ইয়াক সাৱধানে পিন্ধিব লাগে ৷

৭/ ৰঙা

ৰঙা ৰং সদায় শক্তি আৰু শক্তিৰ প্ৰতীক হৈ আহিছে ৷ বাৰিষাত এই ৰঙৰ পৰম্পৰাগত পোছাক পিন্ধিলে আপোনাক শক্তিশালী আৰু সাহসী অনুভৱ কৰিব ৷ লগতে ই ষ্টাইলিঙৰ বাবে আটাইতকৈ উত্তম ৰং ৷ ৰঙা ৰঙৰ শাৰী, চুট বা কুৰ্টিয়ে প্ৰতিটো অনুষ্ঠানতে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে ৷

৮/ বেঙুনীয়া

বেঙুনীয়া ৰং এটা ৰয়েল আৰু আকৰ্ষণীয় ৰং ৷ এই ৰং ভাৰতীয় পাৰম্পৰিক সাজৰ পৰা পশ্চিমীয়ালৈকে সকলো ধৰণৰ সাজ-পোছাকৰ বাবে উপযুক্ত ৷ বেঙুনীয়া ৰঙৰ পাৰম্পৰিক সাজ-পোছাক পিন্ধি ভিৰৰ মাজতো সম্পূৰ্ণ বেলেগ দেখা যাব ৷

গতিকে যদি আপুনি বাৰিষাত যিকোনো বিয়া বা অনুষ্ঠানত অংশগ্ৰহণ কৰা বা কৰিবলৈ ফুৰিবলৈ গৈ আছে তেন্তে এই ৰংবোৰৰ সৈতে এক্সপেৰিমেন্ট কৰিব পাৰে ৷

লগতে পঢ়ক: প্ৰখৰ ৰ’দৰ পৰা পৰিত্ৰাণ বিচাৰিছে ? শৰীৰক শীতল কৰি ৰাখিবলৈ পৰিধান কৰক এই ৰঙৰ পোচাক... - Summer outfit ideas

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.