ETV Bharat / health

শিৱৰাত্ৰিত মহাদেৱক অৰ্পন কৰক এই ভোগ, পূৰণ হ’ব সকলো মনোকামনা

Mahashivratri 2024: আপুনি মহাদেৱৰ প্ৰিয় ভোগৰ বিষয়ে জ্ঞাতনে ? এইবাৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চত পালন কৰা হ’ব ৷ এই দিনটোত আপুনি মহাদেৱক সন্তুষ্ট কৰিবলৈ কি ভোগ আগবঢ়াব, আজি জানি লওঁক-

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:49 PM IST

Offer these Bhog items to Lord Mahadev on Shivratri, all your wishes will be fulfilled
শিৱৰাত্ৰিত মহাদেৱক অৰ্পন কৰক এই ভোগ, পূৰণ হ’ব সকলো মনোকামনা

ঈশ্বৰক নৈবেদ্য আগবঢ়োৱাটো আমাৰ ধৰ্মীয় পৰম্পৰা ৷ বিশ্বাস অনুসৰি, যদি ভক্তই আগবঢ়োৱা ভোগত ইশ্বৰ সন্তুষ্ট হয়, তেতিয়া ভক্তই খুব সোনকালে ভাল ফল লাভ কৰে ৷ সেয়েহে ভক্তসকলে উপাসনা কৰোঁতে সদায় ভগৱানৰ প্ৰিয় ভোগ আগবঢ়ায় ৷ কিন্তু বহুতেই তেওঁলোকে উপাসনা কৰা ভগৱানৰ প্ৰিয় ভোগৰ বিষয়ে জ্ঞাত নহয় ৷ পিছে আপুনি মহাদেৱৰ প্ৰিয় ভোগৰ বিষয়ে জ্ঞাতনে ? এইবাৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চত পালন কৰা হ’ব ৷ এই দিনটোত আপুনি মহাদেৱক সন্তুষ্ট কৰিবলৈ কি ভোগ আগবঢ়াব, আজি জানি লওঁক-

বিশ্বাস কৰা হয় যে এই দিনটোত এটা পাত্ৰত কেশৰ, গাখীৰ, দৈ, ঘিউ, সুগন্ধি, মৌ, চন্দন মিহলি কৰি শিৱলিঙ্গক অভিষিক্ত কৰাটো অতি শুভ ৷ ইয়াৰ বাহিৰেও, মহাদেৱক আপুনি তলত উল্লেখ কৰা ভোগসমূহ আগবঢ়াই সন্তুষ্ট কৰিব পাৰে ৷

লচ্চী

ভাং মহাদেৱৰ অতি প্ৰিয় ৷ সেয়েহে মহা শিৱৰাত্ৰিত আপুনি লচ্চীত ভাং মিহলি কৰি মহাদেৱক আগবঢ়াব পাৰে ৷ এনেদৰে ভোগ আগবঢ়ালে মহাদেৱ সন্তুষ্ট হৈ ভক্তসকলক আশীৰ্বাদ দিয়ে ৷

মালপোৱা

এইটো বিশ্বাস কৰা হয় যে ভগৱান শিৱই মালপোৱা খুব ভাল পায় ৷ যদি আপুনি ঘৰত মালপোৱা তৈয়াৰ কৰে, ইয়াত অলপ ভাং মিহলি কৰিব ৷ অৱশ্যে, আপুনি ভাং অবিহনেও মহাদেৱক মালপোৱা আগবঢ়াব পাৰে ৷

হালৱা

মহাশিৱৰাত্ৰিত দিনা হালৱা আগবঢ়ালেও ভগৱান শিৱ সুখী হৈ ভক্তসকলৰ সকলো মনৰ ইচ্ছা পূৰণ কৰে ৷

ভাঙৰ লাৰু

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ আপুনি মহাশিৱৰাত্ৰিত ভাঙৰ লাৰুও নৈবেদ্য হিচাপে আগবঢ়াব পাৰে ৷ ইয়াৰ বাবে আপুনি লাৰুও সৈতে অলপ ভাং মিহলি কৰি ল'ব ৷

মাখনাৰ পায়স

আপুনি মহাশিৱৰাত্ৰিত ভোগ হিচাপে মহাদেৱক মাখনাৰ পায়সো আগবঢ়াব পাৰে ৷এই পায়সত চাউলৰ সলনি ভজা মাখনা ব্যৱহাৰ কৰিব ৷ এই পায়সৰ সোৱাদ বৃদ্ধি কৰিবলৈ আপুনি ইয়াত কেশৰ আৰু ইলাচীৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে ৷

থাণ্ডাই

এই সকলোবোৰৰ বাহিৰেও ভোলানাথক ভোগ হিচাপে থাণ্ডাই আগবঢ়োৱা হয় ৷ গাখীৰ, চেনি আৰু ভাঙৰ সৈতে আপুনি থাণ্ডাইত কাঠবাদাম, কাজু বাদাম, পিস্তা, চফ গুটি, পপি গুটি, ইলাচী আৰু কেশৰ মিহলি কৰিব লাগিব ৷

লগতে পঢ়ক: Mahashivratri 2023: এইদৰে মহাশিৱৰাত্ৰিত কৰক মহাদেৱৰ আৰাধনা, জীৱন ভৰি পৰিব সুখ-সমৃদ্ধিৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.