ETV Bharat / health

অতিমাত্ৰা শব্দই শিশুৰ মগজুত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে আপুনি সেয়া জনাটো খুবেই প্ৰয়োজনীয় - Brain Health - BRAIN HEALTH

Children's Brain Health: আমি সকলোৱে জানো যে অতিমাত্ৰা শব্দই আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলায় । কিন্তু আপুনি জানেনে যে ই শিশুৰ মগজুৰো ক্ষতি কৰিব পাৰে ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক-

noise hurts children's brains, latest study makes a shocking claim
অতিমাত্ৰা শব্দই শিশুৰ মগজুত পেলাব পাৰে এই প্ৰভাৱ; অধ্যয়ন (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:55 PM IST

Updated : Jun 25, 2024, 2:56 PM IST

বাঢ়ি অহা শব্দই কেৱল আমাৰ কাণৰ বাবেই ক্ষতিকাৰক নহয়, শিশুৰ মগজুৰো ক্ষতি কৰিব পাৰে । শেহতীয়া এক অধ্যয়নত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যে, যান-বাহন আৰু অন্যান্য উৎসৰ পৰা অহা শব্দই শিশুৰ একাগ্ৰতা আৰু শিক্ষণ ক্ষমতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ অধ্যয়নতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

এই অধ্যয়ন জাৰ্মানীৰ মিউনিখত অৱস্থিত হেলমহল্টজ চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল ৰিচাৰ্চৰ বিজ্ঞানীসকলে কৰিছে । ৫ৰ পৰা ১২ বছৰ বয়সৰ ৫০০ ৰো অধিক শিশুক এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছিল । এই শিশুসকলক বিভিন্ন মাত্ৰাৰ শব্দ থকা পৰিৱেশত অধ্যয়ন কৰা আৰু কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছিল ।

অধ্যয়নৰ ফলাফলত দেখা গৈছে যে, যি সকল শিশুৱে কোলাহলপূৰ্ণ পৰিৱেশত আছিল, তেওঁলোকে একাগ্ৰতা আৰু শিক্ষণৰ সৈতে জড়িত কামত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল । কোলাহলে তেওঁলোকৰ স্মৃতিশক্তি, মনোযোগ দিয়াৰ ক্ষমতা আৰু সমস্যা সমাধানৰ ক্ষমতাও দুৰ্বল কৰি তুলিছিল ।

শব্দৰ পৰা সৃষ্টি হোৱা চাপ

বিজ্ঞানীসকলে কয় যে, শব্দই মগজুত মানসিক চাপৰ সৃষ্টি কৰে ৷ যাৰ ফলত একাগ্ৰতা আৰু শিক্ষণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে । শব্দৰ বাবে মগজুৱে অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত ক্লান্তি আৰু খিংখিঙীয়া ভাব বৃদ্ধি পাব পাৰে । ইয়াৰ পৰা বুজা যায় যে, শব্দ প্ৰদূষণ কেৱল কাণৰ বাবেই ক্ষতিকাৰক নহয়, বৰঞ্চ শিশুৰ মানসিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

ইয়াৰ সমাধান কি ?

এই অধ্যয়নৰ ভিত্তিত বিজ্ঞানীসকলে বিদ্যালয় আৰু আৱাসিক এলেকাত শব্দৰ মাত্ৰা হ্ৰাস কৰাৰ পদক্ষেপ লোৱা উচিত বুলি পৰামৰ্শ দিছে । লগতে শিশুসকলক কোলাহলৰ পৰা ৰক্ষা কৰিবলৈ ঘৰতে নিস্তব্ধ পৰিৱেশৰ ব্যৱস্থা কৰিব লাগে । শিশুৰ বিকাশ আৰু শিক্ষাৰ প্ৰতি চিন্তিত যিসকল অভিভাৱক আৰু শিক্ষকৰ বাবেও এই অধ্যয়ন গুৰুত্বপূৰ্ণ । শিশুসকলক অতিমাত্ৰা হৈ-হাল্লাৰ পৰা দূৰত ৰাখিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে তেওঁলোকক অধ্যয়ন বা তেওঁলোকৰ অন্য গুৰুত্বপূৰ্ণ কামত নিস্তব্ধ পৰিৱেশ দিয়াৰ বাবে চেষ্টা কৰিব লাগে ।

লগতে পঢ়ক: আপোনাৰ সন্তানটিৰ জীৱনলৈ বিপদ মাতিব পাৰে ম’বাইল ফোনে

Last Updated : Jun 25, 2024, 2:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.