ETV Bharat / health

মৃত্যুদূত বুলি ভবা কৰ্কট ৰোগ এতিয়া ধৰা পেলাব পাৰিব ৭ বছৰ পূৰ্বেই - Cancer

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 4:19 PM IST

Updated : May 30, 2024, 4:45 PM IST

Cancer: প্ৰায়ে কৰ্কট ৰোগ পলমকৈ ধৰা পৰে, যাৰ বাবে চিকিৎসা কঠিন হৈ পৰে । অৱশ্যে বিজ্ঞানীসকলে দাবী কৰিছে যে, ভৱিষ্যতে তেজ পৰীক্ষাৰ জৰিয়তে ৭ বছৰ আগতেই ১৯ প্ৰকাৰৰ কৰ্কট ৰোগ ধৰা পেলাব পৰা যাব । কিন্তু কেনেকৈ জানো আহক-

New blood test may detect 19 cancers 7 years before symptoms show
যি ৰোগৰ নামত মনলৈ আহে মৃত্যুৰ কথা এতিয়া ধৰা পৰিব ৭ বছৰ পূৰ্বেই (FREEPIK)

প্ৰায়ে কৰ্কট ৰোগ পলমকৈ ধৰা পৰে, যাৰ বাবে ইয়াৰ চিকিৎসা অতি কঠিন হৈ পৰে ৷ কিন্তু এক নতুন গৱেষণাৰ অন্তত এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে ৷ বিজ্ঞানীসকলে দাবী কৰিছে যে, ভৱিষ্যতে তেজ পৰীক্ষাৰ জৰিয়তে ৭ বছৰ আগতীয়াকৈ ১৯ প্ৰকাৰৰ কৰ্কট ৰোগ ধৰা পেলাব পৰা যাব ৷ এই গৱেষণা ব্ৰিটেইনৰ নেচাৰ কমিউনিকেচন জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য ৷

ব্ৰিটেইনৰ বায়’বেংকৰ ৪৪ হাজাৰৰো অধিক লোকৰ তেজৰ নমুনাৰ ওপৰত বিশ্লেষণ কৰা হৈছিল ৷ ইয়াৰে ৪৯০০ লোকৰ পিচত কৰ্কট ৰোগত আক্ৰান্ত আছিলে৷ গৱেষকৰ দলটোৱে তেজত থকা ১৪৬৩টা প্ৰ’টিন পৰীক্ষা কৰে ৷ কোনবোৰ প্ৰ’টিনে কেন্সাৰৰ আশংকাৰ সৈতে জড়িত হ’ব পাৰে সেই বিষয়ে জানিবলৈ গৱেষকসকলে কেন্সাৰ নোহোৱা লোকৰ ফলাফলক পিচলৈ কেন্সাৰ হোৱা লোকৰ ফলাফলৰ সৈতে তুলনা কৰিছিল ৷ এই তুলনাৰ পৰা বিজ্ঞানীসকলে জানিব বিচাৰিছিল যে প্ৰ’টিনৰ মাজত কিবা পাৰ্থক্য আছে নে নাই ৷

কেনেধৰণৰ কেন্সাৰ হোৱাৰ আশংকা অধিক ?

অধ্যয়নটোত দেখা গৈছে যে, ৬১৮টা প্ৰ’টিন ১৯ প্ৰকাৰৰ কৰ্কট ৰোগৰ সৈতে জড়িত, য’ত আন্ত্ৰিক, হাওঁফাওঁ, নন-হজকিন লিম্ফোমা আৰু যকৃতৰ কৰ্কট ৰোগ ৷ অৱশ্যে এতিয়াও ইয়াৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন ৷ বৰ্তমান এইটো এটা প্ৰাৰম্ভিক পৰ্যায়ৰ অধ্যয়ন আৰু ইয়াৰ ব্যাপক পৰীক্ষা এতিয়াও হোৱা নাই ৷ তথাপিও এই গৱেষণা কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ যদিহে বিজ্ঞানীসকলে এই ৰক্ত পৰীক্ষাৰ অধিক বিকাশত সফল হয়, তেন্তে ইয়াৰ দ্বাৰা কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব ৷

বিশেষজ্ঞই কি কয় ?

কেন্সাৰ ৰিচাৰ্চ ইউ কেৰ গৱেষণা আৰু উদ্ভাৱনৰ কাৰ্যবাহী সঞ্চালক ডাঃ ইয়ান ফ’লকেছে কয় যে, এই গৱেষণা কেন্সাৰক আগতীয়াকৈ ধৰা পেলোৱাৰ দিশত এক ডাঙৰ পদক্ষেপ ৷ আমি বিশ্বাস কৰোঁ যে, ভৱিষ্যতে এই পৰীক্ষাটো কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পৰা যাব ৷ কিন্তু কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাৰ ফলাফল উন্নত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ইয়াৰ ওপৰতো অধিক গৱেষণাৰ প্ৰয়োজন ৷ কিন্তু ইমান সোনকালে কেন্সাৰ ধৰা পৰিলে ৰোগীক মানসিকভাৱে শক্তিশালী কৰি তুলিব পাৰে আৰু অতি সোনকালে চিকিৎসা আৰম্ভ কৰাৰ সুযোগ পাব পাৰে ৷

লগতে পঢ়ক: কৰ্কট ৰোগৰ গ্ৰাসত উত্তৰ-পূব: কৰ্কটৰ লক্ষণ-প্ৰতিকাৰ সন্দৰ্ভত আজিয়েই জানি লওক সবিশেষ - hotspot of cancer

Last Updated : May 30, 2024, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.