গুৱাহাটী, 1 মাৰ্চ: মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মাৰ্চ মাহটো খুব ভাল ৷ কৰ্মক্ষেত্ৰতো শুভফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতাৰ লগতে উন্নতি লাভ কৰিব ৷ বিত্তীয় দিশতো শুভফল লাভ কৰিব ৷
বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই মাহত ভাগ্যোদয় হ'ব ৷ ঘৰুৱা ক্ষেত্ৰতো এই মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ সমৃদ্ধি বৃদ্ধি পাব ৷
মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকা সকলে চলিত মাহত বিত্তীয় দিশত খুব লাভ কৰিব ৷
কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো খুব ভাল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব লগতে সম্পত্তিৰ দিশতো ভাল ৷
সিংহ ৰাশি- সিংহ ৰাশিৰ ক্ষেত্ৰত যি সকলে শ্বেয়াৰৰ লেনদেন কৰে বা যদি কোনো ধৰণৰ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে এই মাহত এই ৰাশিৰ লোক সকলে খুব ভাল ফল লাভ কৰিব ৷
কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক-জাতিকাসকলে এই মাহটোত অকণমান বাধাৰ সন্মুখীন হ'ব ৷ ঘৰুৱা আৰু বিত্তীয় দুয়োটা দিশতে অকণমান সাৱধান হ'ব লাগিব ৷
তুলা ৰাশি- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো খুব ভাল ৷ সম্পত্তিৰ দিশত বা নতুন কোনো সম্পত্তি যদি ক্ৰয় কৰিব বিচাৰিছে তেন্তে ভাল ফল লাভ কৰিব ৷ লগতে ছাত্ৰ-ছাত্ৰী সকলেও ভাল ফল লাভ কৰিব
বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে ঘৰুৱা, বিত্তীয় আদিকে আৰম্ভ কৰি সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব ৷
ধনু ৰাশি- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও সকলো ক্ষেত্ৰতে এই মাহটো ভাল ৷
মকৰ ৰাশি- মকৰ ৰাশিৰ জাতক-জাতিকাসকলে অকণমান বাধাৰ সন্মুখীন হ'ব পাৰে ৷ সম্পৰ্ক, স্বাস্থ্য সকলো ক্ষেত্ৰতে অকণমন যতন ল'ব লাগিব ৷
কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বিত্তীয় ক্ষেত্ৰত হঠাৎ উন্নতি হ'ব পাৰে ৷
মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্রত অকণমান যতন ল'ব লাগিব ৷ বিত্তীয় ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে ৷
লগতে পঢ়ক: বয়স অনুসৰি দৈনিক কিমান কেলচিয়ামৰ প্ৰয়োজন হয় ? জানি লওক বিশেষজ্ঞৰ পৰা