প্ৰতিগৰাকী নাৰীয়ে নিজকে ধুনীয়া কৰি ৰাখিবলৈ সাজ-সজ্জা কৰি ভাল পায় ৷ মহিলাৰ প্ৰসাধনৰ অন্যতম প্ৰসাধন হৈছে লিপষ্টিক ৷ লিপষ্টিকে এগৰাকী নাৰীৰ মুখমণ্ডল উজ্জ্বল কৰি তোলে ৷
পিচে আপোনালোকে জানেনে এই লিপষ্টিকৰ ৰঙে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় ? এগৰাকী নাৰীয়ে ব্যৱহাৰ কৰা লিপষ্টিকৰ ৰঙে জীৱনলৈ পৰিৱৰ্তন অনাৰ লগতে এগৰাকী নাৰীৰ ভাগ্য উদয় কৰিব পাৰে ৷ সেইবাবে এগৰাকী নাৰীয়ে নিজ ৰাশি অনুসৰি কি ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ালে জ্যোতিষী ৰাহুল দে’য়ে ৷
ৰাহুল দে’য়ে কয় যে জ্য়োতিষশাস্ত্ৰ অনুসৰি ৰাশি অনুযায়ী লিপষ্টিক ব্যৱহাৰ কৰিলে শুভ ৷ ৰাশি অনুযায়ী লিপষ্টিক ব্যৱহাৰ কৰিলে মহিলাৰ ভাগ্য উদয় হোৱাৰ লগতে জীৱনলৈ বহুতো পৰিৱৰ্তন আহে ৷ জানো আহক কি ৰাশিৰ জাতিকাই কি ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷
মেষ ৰাশি : মেষ ৰাশিৰ প্ৰতীক ৰঙা ৷ সেইবাবে এই ৰাশিৰ জাতিকাসকলে গাঢ় ৰঙা ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতিকাসকলে পাতল ৰূপালী ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷ এই ৰাশিৰ মহিলাই ৰঙা ৰঙৰ লিপষ্টিক পৰিহাৰ কৰাই ভাল ৷
মিথুন ৰাশি : মিথুন ৰাশিৰ ওপৰত বুধৰ অধিপত্য চলে ৷ এই ৰাশিৰ মহিলাই পাতল সেউজীয়া আপৰু ঈষৎ ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷
কর্কট ৰাশি : কর্কট ৰাশিৰ মহিলা সাধাৰণতে দয়ালু প্ৰকৃতিৰ হয় ৷ তেওঁলোকে যিকোনো পাতল ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷ পাতল গোলপীয়া, পীচ ৰং আৰু পাতল কমলা ৰঙৰ হ’লে ভাল ৷
সিংহ ৰাশি : সিংহ ৰাশিৰ মহিলাই ৰঙা ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷ নহ’লে কোনো উজ্জ্বল কমলা বা পীচ ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷ সিংহ ৰাশিৰ অধিপত্য হ’ল দেও ৷
কন্যা ৰাশি : কন্যা ৰাশিৰ মহিলাই গাঢ় বেঙুনীয়া আৰু গাঢ় মেৰুন ৰং ব্যৱহাৰ কৰিব লাগে ৷
তুলা ৰাশি : তুলা ৰাশিৰ মহিলা সাধাৰণতে ৰোমান্টিক হয় ৷ তেওঁলোকে পাতল বাদামী ৰং আৰু পাতন গোলপীয়া ৰঙৰ লিপষ্টিক লগাব লাগে ৷
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ মহিলাই গাঢ় ৰঙৰ লিপষ্টিক লগাব লাগে ৷ গাঢ় ৰঙা আৰু গাঢ় গোলপীয়া ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷
ধনু ৰাশি : ধনু ৰাশিৰ মহিলাই বেঙুনীয়া বা গোলপীয়া ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷ এই ৰঙৰ লিপষ্টিকে ধনু ৰাশিৰ মহিলাৰ ভাগ্য উদয় কৰাব ৷
মকৰ ৰাশি : মকৰ ৰাশিৰ মহিলা বাস্তৱবাদী হয় ৷ তেওঁলোকে বেছি সাজ-সজ্জা ভাল নাপায় ৷ তেওঁলোকে সাধাৰণভাৱে থাকি ভাল পায় ৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ মহিলাই বোল্ড অথবা গাঢ় ৰঙৰ লিপষ্টিক লগাব লাগে ৷
মীন ৰাশি : মীন ৰাশিৰ মহিলাই পাতল গোলপীয়া বা পাতল বাদামী ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ৷
লগতে পঢ়ক: আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 22nd April