ETV Bharat / health

চেনি খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? - Harmful Effects of Sugar - HARMFUL EFFECTS OF SUGAR

Harmful Effects of Sugar: চেনিয়ে আমাৰ খাদ্য মিঠা আৰু সোৱাদযুক্ত কৰে, কিন্তু ই আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে আপুনি জানেনে ? অত্যধিক পৰিমাণৰ চেনি সেৱনে আমাৰ শৰীৰৰ বহু দিশত ক্ষতি কৰিব পাৰে । NCBIৰ এটি প্ৰতিবেদন অনুসৰি চেনিয়ে আমাৰ স্বাস্থ্যৰ কেনেধৰণে ক্ষতি কৰিব পাৰে জানো আহক-

Let's know the Reason Why Too Much Sugar Is Bad for You
চেনি খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? (CANVA)
author img

By ETV Bharat Health Team

Published : Aug 22, 2024, 1:02 PM IST

চেনি, আমি সকলোৱে ভাল পোৱা এবিধ সামগ্ৰী । এই মিঠা সোৱাদে আমাৰ মুখত এক বেলেগ অনুভৱৰ সৃষ্টি কৰে । কিন্তু আপুনি জানেনে যে চেনি অতিৰিক্তভাৱে সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে ? গতিকে আমাৰ খাদ্যত চেনিৰ পৰিমাণ কমাবলৈ চেষ্টা কৰা উচিত । আমি স্বাস্থ্যসন্মত বিকল্প বাছি লৈ আৰু আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰি চেনিৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিব পাৰো ।

2023 চনৰ NCBIৰ এটি প্ৰতিবেদন অনুসৰি অত্যধিক চেনিৰ সেৱনে মেদবহুলতা, বিপাকীয় বিকাৰ, ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ, হতাশা আৰু জ্ঞানশক্তিৰ অক্ষমতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ NCBIৰ তথ্যৰ পৰা অনুমান কৰা হৈছে যে খাদ্যত অত্যধিক চেনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ।

চেনি খোৱাটো আমাৰ বাবে কিয় ক্ষতিকাৰক আৰু ইয়াৰ ফলত পাৰ্শ্বক্ৰিয়া কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে জানো আহক-

চেনি দৰাচলতে হয় কি ?

চেনি হৈছে প্ৰাকৃতিকভাৱে পোৱা কাৰ্বহাইড্ৰেট । ইয়াক প্ৰধানকৈ কুঁহিয়াৰৰ পৰা নিষ্কাশন কৰা হয় । আমাৰ শৰীৰক শক্তি প্ৰদান কৰিবলৈ চেনি প্ৰয়োজনীয়, কিন্তু ইয়াৰ অত্যধিক সেৱন আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ।

চেনিৰ পাৰ্শ্বক্ৰিয়া

  • মেদবহুলতা: অত্যধিক চেনি সেৱন কৰিলে মেদবহুলতাৰ সমস্যাই দেখা দিয়ে । চেনিৰ কেলৰিৰ পৰিমাণ অতি বেছি, যাৰ ফলত ওজন বৃদ্ধি পায় ।
  • ডায়েবেটিছ: অত্যধিক চেনি সেৱন কৰিলে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । চেনিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰত ইনচুলিন উৎপাদন কমি যায় ।
  • হৃদৰোগ: অত্যধিক চেনি সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। চেনিয়ে বেয়া কলেষ্টেৰল বৃদ্ধি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে, যিটো হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক ।
  • দাঁতৰ সমস্যা: অত্যধিক চেনি সেৱনে দাঁতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । চেনিয়ে মুখত বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত দাঁতত ফুটা আৰু দাঁতৰ গুৰিৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ।
  • শক্তিৰ মাত্ৰা হ্ৰাস: চেনি খোৱাৰ পিছত প্ৰথম অৱস্থাত শক্তিৰ মাত্ৰা বৃদ্ধি পায় যদিও কিছু সময়ৰ পিছত কমি যায় ।
  • ছালৰ সমস্যা: অত্যধিক চেনি সেৱনৰ ফলত ছালৰ সমস্যা যেনে ব্ৰণ আৰু বলিৰেখাৰ সৃষ্টি হ’ব পাৰে ।

চেনি কেনেকৈ কম কৰিব ?

  • পানীয়ত চেনি কম কৰক: চ’ডা, পেকেটৰ ৰস আৰু অন্যান্য মিঠাযুক্ত পানীয়ৰ পৰিমাণ কম কৰক । লগতে ফাষ্টফুড তথা বিভিন্ন পেকেটত উপলব্ধ খাদ্য খোৱাটো কমাই দিয়ক ৷
  • মিঠা খাদ্য কমকৈ খাওক: মিঠাই, চকলেট আৰু অন্যান্য মিঠা খাদ্যৰ পৰিমাণ কমাই দিয়ক ।
  • ফলৰ পৰিমাণ বৃদ্ধি কৰক: ফলত প্ৰাকৃতিক মিঠা থাকে । ফলৰ ইয়াৰ পৰিমাণ বৃদ্ধি কৰি আপুনি আপোনাৰ বাবে মিঠাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে ।
  • ঘৰতে ৰন্ধা খাদ্য খাওক: বাহিৰৰ খাদ্যত প্ৰায়ে চেনিৰ পৰিমাণ বেছি হয় । সেয়ে ঘৰতে ৰন্ধা খাদ্য খাব লাগে ।
  • চেনিৰ বিকল্প ব্যৱহাৰ কৰক: চেনিৰ সলনি মৌ, গুড় বা ষ্টেভিয়া ব্যৱহাৰ কৰিব পাৰে ।
লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে দিনটোত কিমানবাৰ খাব লাগে গাখীৰ ? জানি লওক ইয়াৰ উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.