ETV Bharat / health

শৰীৰত প্ৰ’টিনৰ যোগান ধৰিবলৈ খাওক এই ৫বিধ খাদ্য - Protein Rich Foods - PROTEIN RICH FOODS

Protein: আমি সকলোৱে জানো যে প্ৰ'টিন আমাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ৷ কিন্তু আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷

Learn what you need to eat to provide your body with adequate protein
শৰীৰত প্ৰ’টিনৰ যোগান ধৰিবলৈ খাওক এই ৫বিধ খাদ্য (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 5:31 PM IST

সুস্থ হৈ থাকিবলৈ আমাৰ শৰীৰত সকলো পুষ্টি সঠিক পৰিমাণে থকাটো অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু যদি এই পুষ্টিৰ অভাৱ হয় তেন্তে আপোনাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে ৷ শৰীৰৰ লাগতিয়াল এনে এক অন্যতম পুষ্টি হৈছে প্ৰ'টিন ৷ শৰীৰত থকা প্ৰতিটো জীৱিত কোষকে প্ৰ'টিনৰ প্ৰয়োজন ৷ যদি আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ থাকে, তেন্তে ই আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ৷ অৱশ্যে, প্ৰ'টিনৰ অভাৱ হ’লে শৰীৰত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে ৷যিসমূহ চিনাক্ত কৰি আপুনি আপোনাৰ শৰীৰৰ পৰ্যাপ্ত যতন ল’ব পাৰে ৷ আজি এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

আঘাত-ঘাঁ সোনকালে নুশুকায়

শৰীৰত প্ৰ'টিনৰ অভাৱৰ হ'লে আঘাতপ্ৰাপ্ত ঠাইডোখৰ অথবা ঘা-ফোঁহা সোনকালে নুশুকায় ৷ কিয়নো, প্ৰ'টিনৰ অভাৱৰ বাবে ক্ষত নিৰাময়ৰ প্ৰক্ৰিয়া অতি লেহেম হয় ৷ প্ৰকৃততে, নতুন কোষ গঠন কৰিবলৈ সময় আৰু প্ৰ'টিন লাগে ৷ নতুন কোষ গঠন হ'লেহে আঘাত আৰোগ্য হয় ৷ সেয়েহে, যদি আপোনাৰ সৈতেও এনে হয়, তেন্তে আওকান নকৰিব ৷

সঘনাই ভোক

শৰীৰত প্ৰ'টিনৰ অভাৱ হ'লে ভোকৰ মাত্ৰা বৃদ্ধি হয় ৷ এই সময়ত নিমখীয়া বা মিঠা খাদ্য খোৱাৰ নিৰন্তৰ হেঁপাহ জাগে ৷ কিয়নো, যেতিয়া আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ হয়, উচ্চ প্ৰ'টিন যুক্ত খাদ্য খোৱাৰ ইচ্ছা থাকে ৷

চুলি সৰা

চুলি সৰাটোও প্ৰ'টিনৰ অভাৱৰ ইংগিত ৷ বহুলোকে চুলি সৰাৰ বাবে সকলো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু তথাপিও চুলি সৰা বন্ধ নহয় ৷ এই পুষ্টিৰ অভাৱত আনকি চুলিৰ উজ্জ্বলতা দিনে দিনে হ্ৰাস পায় আৰু সেইবোৰ শুকান হৈ পৰে ৷

শৰীৰ ফুলা

বিশেষজ্ঞসকলৰ মতে, প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰৰ যিকোনো অংশ ফুলিব পাৰে ৷ ইয়াক চিকিৎসা পৰিভাষাত এডিমা বুলি কোৱা হয় ৷ তেজত এলবামিন প্ৰ'টিনৰ অভাৱ হ'লে এই সমস্যাটো ঘটিব পাৰে ৷

ভাগৰ লগা

প্ৰ'টিনৰ অভাৱৰ ফলত পেশী ঢিলা হ'ব পাৰে, যাৰ ফলত আপোনাৰ শক্তি আৰু বিপাক ক্ৰিয়া হ্ৰাস হয় ৷ শৰীৰৰ ভাৰসাম্য বজাই ৰখাটোও কঠিন হৈ পৰে ৷প্ৰটিনৰ অভাৱে ৰক্তহীনতাও হ'ব পাৰে ৷

পেশীৰ বিষ

পেশীবোৰে প্ৰয়োজন অনুসৰি হাড়ৰ পৰা প্ৰ'টিন শোষণ কৰা আৰম্ভ কৰে ৷ ইয়াৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে ৷ হাঁড় দুৰ্বল হ'লে পেশীবোৰে অধিক শক্তি ব্যয় কৰিবলগীয়া হয় ৷ যাৰ ফলত পেশীৰ বিষ হয় ৷

কাহ, চৰ্দি

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যিসকল লোকৰ শৰীৰত প্ৰ'টিনৰ অভাৱ আছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হয় ৷ সেয়েহে, এনে লোকসকল সংক্ৰমিত ৰোগ যেনে কাহ, চৰ্দি আদি ৰোগ হ'ব পাৰে ৷

শৰীৰক প্ৰ'টিন যোগানৰ বাবে কি খাব

কণী

কণীক প্ৰ'টিনৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয় ৷ ই ভিটামিন, কেলচিয়াম, খনিজ আৰু স্বাস্থ্যকৰ চৰ্বিৰ দৰে পুষ্টিৰে সমৃদ্ধ ৷ কণীত থকা এণ্টিঅক্সিডেণ্টে শৰীৰক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷

ছ'য়াবিন

প্ৰ'টিনৰ বাবে নিৰামিষ উৎসত ছ'য়াবিন যথেষ্ট ভাল পছন্দ ৷ আপুনি ছ'য়াবিনৰ পৰা দৈনিক প্ৰ'টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে ৷

বুটমাহ

বুটমাহো প্ৰ'টিনৰ উৎস ৷ বুটমাহত শৰ্কৰা, আঁহ, আইৰণ, ফলেট, ফছফৰাছ, পটাছিয়াম আদি পুষ্টি থাকে ৷ বুটমাহ খোৱাটোৱে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ৷

ট'ফু

ছ'য়াবিনৰ পৰা তৈয়াৰ কৰা ট'ফু অতি স্বাস্থ্যকৰ ৷ ট'ফুত কণীৰ সমান প্ৰ'টিন থাকে ৷ আপুনি ইয়াক যিকোনো প্ৰকাৰে আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ প্ৰ'টিনৰ উপৰিও ট'ফু আইৰণ আৰু কেলচিয়ামসমৃদ্ধ ৷

মগু দাইল

ইয়াত আঁহ, এমিনো এচিড, কাৰ্বোহাইড্ৰেট আৰু লিপিড থাকে ৷ মগু দাইলত কেলৰিৰ পৰিমাণ যথেষ্ট কম ৷ সেয়েহে ইয়াক ওজন হ্ৰাসৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: উচ্চহাৰত প্ৰ’টিন গ্ৰহণে সৃষ্টি কৰিব পাৰে কিডনী পাথৰৰ দৰে গুৰুতৰ সমস্যা - Protien can be harmful

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.