ETV Bharat / health

ৰমজান মাহত খেজুৰৰ গুৰুত্ব বাঢ়ি যায়, খেজুৰ খোৱাৰ উপকাৰিতা জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 4:00 PM IST

Benefits Of Eating Dates: ৰমজান মাহত ৰোজা ভংগ কৰিবলৈ খেজুৰ খোৱা হয় । ইয়াৰ আঁৰত এটা ধৰ্মীয় কাহিনী আছে যদিও সেই কাহিনীৰ উপৰিও ৰোজা ৰখাৰ পিচত খেজুৰ খোৱাৰ বহু উপকাৰ পোৱা যায় । এই বিষয়ে বিতংভাৱে জানো আহক ।

Know Benefits Of Eating Dates During Ramadan
ৰমজানত খেজুৰ খোৱাৰ উপকাৰিতা

ৰমজান মাহত খেজুৰৰ গুৰুত্ব বাঢ়ি যায় । এই সময়ছোৱাত খেজুৰ এনেকুৱা বস্তু যাৰ অবিহনে ৰোজা ভাঙিব নোৱাৰি । কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ কি ? আচলতে খেজুৰৰ লগত জড়িত এটা ধৰ্মীয় কাহিনী আছে ৷ কিন্তু তাৰ উপৰিও বহু কাৰণ আছে ৷ যাৰ বাবে খেজুৰ খাই ৰোজা ভংগ কৰা হয় ৷ ৰমজানত খেজুৰ কিয় খোৱা হয় ? কি কি লাভ হয় ? জানো আহক এই প্ৰতিবেদনত ৷

উপবাসৰ পিচত খেজুৰ খোৱাৰ উপকাৰিতা

১/ উপবাসৰ পিচত চুগাৰৰ ভাৰসাম্য ৰক্ষা কৰাত খেজুৰ সহায়ক হয়

ৰোজাৰ সময়ত শৰীৰত থকা চুগাৰৰৰ পৰিমাণ সুষম হৈ নাথাকে । গোটেই দিনটো খাদ্য আৰু পানীৰ অভাৱত চুগাৰ মাত্ৰা কম হৈ পৰে । এনে পৰিস্থিতিত খেজুৰৰ প্ৰাকৃতিক চেনিয়ে ইয়াক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু শৰীৰক অন্যান্য সমস্যাৰ পৰা ৰক্ষা কৰে ।

২/ বি পি ৰ ভাৰসাম্য ৰক্ষা কৰাতো সহায়ক

খেজুৰৰ এটা বিশেষ কথা হ’ল খেজুৰত ভাল পৰিমাণৰ পটাছিয়াম আৰু মেগনেছিয়াম থাকে যিয়ে বি পিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । এই দুয়োটা উপাদানে আপোনাৰ ধমনীবোৰ সুস্থ কৰি ৰাখে আৰু ৰোজাৰ পিচত হঠাতে বি পি কমি যোৱাত বাধা দিয়ে । গতিকে, ৰোজা মাহত খেজুৰ খাওক আৰু আপোনাৰ বি পি ভাৰসাম্য ৰক্ষা কৰক ।

৩/ শৰীৰে তৎক্ষণাত শক্তি লাভ কৰে

খেজুৰ সেৱনে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে । ইয়াৰ ফলত আপোনাৰ শৰীৰটো উপবাসৰ পিচত অনুভৱ কৰা দুৰ্বলতা, ভাগৰ আৰু মূৰৰ বিষৰ পৰা ৰক্ষা পৰে । সেয়ে ৰোজা ভংগ কৰাৰ সময়ত প্ৰথমে খেজুৰ খোৱাৰ আন এটা কাৰণ ।

৪/ এচিডিটিৰ পৰা ৰক্ষা কৰিব

এচিডিটি ৰোধ কৰিবলৈ খেজুৰ খাব পাৰে । পেটৰ পিত্তৰ ৰস বৃদ্ধি আৰু ইয়াৰ আৱৰণ সুস্থ কৰি ৰখাত ই সহায়ক হয় । যেতিয়া আপুনি উপবাস ভংগ কৰে আৰু অতি গধুৰ কিবা এটা খায় তেতিয়া ইয়াৰ ফলত এচিডিটিৰ সমস্যা হ’ব পাৰে । আপোনাৰ বদহজমৰ সমস্যাও হ’ব পাৰে । এনে পৰিস্থিতিত খেজুৰ খালে এই সমস্যাবোৰৰ পৰা ৰক্ষা পৰিব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: ছাৰ্ভাইকেল কেন্সাৰৰ পৰা হাত সাৰিবলৈ প্ৰতি বছৰে কৰক এইসমূহ স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.