ETV Bharat / health

গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন - GANESH CHATURTHI 2024

author img

By ETV Bharat Features Team

Published : Sep 6, 2024, 4:44 PM IST

Ganesh Chaturthi 2024: প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সমগ্ৰ দেশতে অতি উলহ-মালহেৰে উদযাপন কৰা গণেশ চতুৰ্থী উৎসৱ । সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বিঘিনি নাশক গণেশক আদৰিবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ সেয়ে এনে ক্ষেত্ৰত কাইলৈৰ দিনটোত কিদৰে সিদ্ধিদাতা গণেশক পূজা অৰ্চনা কৰিব জানি লওক-

how-to-worship-lord-ganesha-on-ganesh-chaturthi-2024
গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন (CANVA)

গুৱাহাটী, 6 ছেপ্টেম্বৰ: কাইলৈ অতি উলহ-মালহেৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব গণেশ চতুৰ্থী । দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হ'ব শিৱ-পাৰ্বতী তনয় গণেশক ৷ সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে ৷ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি দেৱ-দেৱীসকলতকৈ আগেয়ে অৰ্থাৎ যিকোনো দেৱ-দেৱীৰ পূজাৰ আগতে প্ৰথমে বিঘ্নহৰ্তাৰ পূজা কৰা হয় । ইফালে গুৱাহাটী মহানগৰীৰ লতাশিলতো গণেশ দেৱতাক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন (ETV Bharat Assam)

ইফালে, ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বিঘিনি নাশক গণেশক আদৰিবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ কাইলৈ ৰাজ্য প্ৰতিটো প্ৰান্তৰ মন্দিৰ তথা ভিন্ন স্থানত গণেশৰ মন্ত্ৰোচ্চাৰনেৰে মুখৰ হৈ পৰিব । সেয়ে এনে ক্ষেত্ৰত কাইলৈৰ দিনটোত কিদৰে সিদ্ধিদাতা গণেশক পূজা অৰ্চনা কৰিব জানি লওক-

১/গণেশ চতুৰ্থীৰ দিনটোত গণেশক আৰাধনা কৰিলে সৌভাগ্য হয় । মনৰ কামনা পূৰণ হয় । গণেশ চতুৰ্থীৰ দিনটোত এপাহ ফুল দি আৰাধনা কৰিলেও মনৰ কামনা পূৰ্ণ হয় ।

২/ গণেশ চতুৰ্থীৰ দিনটোত ঘৰটো গণেশক আৰাধনা কৰিব ফল পাব পাৰে । গণেশ চতুৰ্থীৰ দিনটোত ঘৰটো যদি গণেশ পূজা কৰা হ'লে ধন সম্পদ , ঐশ্বয্য ,বিভূতি সকলোখিনিৰে নদন বদন হৈ পৰে ।

৩/ গণেশ চতুৰ্থীৰ দিনটোত গণেশ মন্দিৰলৈ গৈ অথবা ঘৰতে গণেশৰ মূৰ্তিৰ ওচৰত একান্ত মনে পূজা কৰিব পাৰে । সিদ্ধিদাতা গণেশক ভোগ হিচাপে পায়স, গণেশৰ প্ৰিয় খাদ্য বুন্দিয়া লাৰু আগবঢ়াব পাৰে । বুন্দিয়া লাৰু হৈছে মহাভোগ । এই ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে ।

৪/ গণেশ চতুৰ্থীৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলেও যদি গণেশক আৰধনা কৰে তেন্তে জ্ঞান বৃদ্ধি হয় । গণেশক আৰধনা কৰিলে সৰ্বকাৰ্য সিদ্ধি হয় ।

৫/ আজি আবেলি ৪.৩৮ বজাৰ পৰা শনিবাৰে ৩.২৩ বজালৈ গণেশ চতুৰ্থীৰ তিথি থাকিব । শনিবাৰে পুৱা ১০- ১২ বজালৈ গণেশৰ আৰধনা কৰাটো উত্তম সময় । এই সৌভাগ্য তিথিৰ ভিতৰত আপুনি গণেশক যি বিচাৰে তেওঁ সন্তুষ্ট হৈ সেই ফলেই আগবঢ়ায় ।

৬/ গণেশ চতুৰ্থীৰ দিনটো উপবাসে থাকি পূজা শেষ হোৱাৰ পিছত প্ৰসাদ খাই উপবাস ভাঙিব পাৰে । তাৰ পিছত নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক: কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি - Ganesh Chaturthi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.