যদি আপুনি ঘৰত খাদ্য ৰান্ধি থকাৰ সময়ত বা জুইৰ লগত জড়িত আন কোনো কাম কৰি থকাৰ সময়ত হঠাৎ আপোনাৰ হাত বা শৰীৰৰ আন কোনো অংগ পোৰে । তেন্তে এনে পৰিস্থিতিত সাধাৰণতে মানুহে প্ৰথমে পোৰা ঠাইখিনিত বৰফ বা টুথপেষ্ট লগোৱা দেখা যায় ।
দৰাচলতে আমি ভাবো যে পোৰা ছালত ঠাণ্ডা বস্তু লগালে ছালখন নুফুলে, কিন্তু পোৰা ঠাইত কেতিয়াও বৰফ বা টুথপেষ্ট লগোৱাটো উচিত নহয় । ইয়াৰ বাবে ৰক্ত সঞ্চালন বন্ধ হৈ যায় ।
পোৰা ছালত বৰফ বা টুথপেষ্ট লগোৱাৰ পৰা বিৰত থাকক
বিশেষজ্ঞসকলে কয় যে, যেতিয়া গৰম বস্তুৰ ফলত ছাল জ্বলি যায় তেতিয়া তাৰ ওপৰত বৰফ বা টুথপেষ্ট লগোৱাটো উচিত নহয় । বৰফ লগালে সেই অংশৰ তেজৰ চলাচল বন্ধ হৈ যায় আৰু পোৰা ছালখন সোনকালে ভাল হোৱাৰ পৰিৱৰ্তে আৰু অধিক পলম হয় । অৱশ্যে এতিয়া প্ৰশ্ন হয় শৰীৰৰ যিকোনো অংশ জ্বলিলে প্ৰথমে আমি কি কৰিব লাগে ? জানো আহক-
ছাল পুৰিলে কি কৰিব ?
যদি আপোনাৰ শৰীৰৰ কোনো অংশ জ্বলি যায় বা আপোনাৰ ছালখন জ্বলি যায়, তেন্তে প্ৰথমে টেপটো খুলি ১৫ৰ পৰা ২০ মিনিটলৈকে ছালখন বৈ থকা পানীত পোৰা অংশখিনি ৰাখক । এনে কৰিলে ছালত থকা মলি আৰু বেক্টেৰিয়া পৰিষ্কাৰ হ’ব । ইয়াৰ ফলত সংক্ৰমণৰ আশংকাও হ্ৰাস পাব ।
বাৰ্ন ক্ৰীম ব্যৱহাৰ কৰক
কেৱল এয়াই নহয়, কিছুমান মানুহে পোৰা ঠাইত ঘিউ বা তেল লগায় । অৱশ্যে এনে কৰাটো উচিত নহয় বৰঞ্চ ইয়াৰ পৰিৱৰ্তে আপুনি পোৰা ঠাইখিনি পানীত ধুই লোৱাৰ পিচত বাৰ্ন ক্ৰীম ব্যৱহাৰ কৰিব লাগে । মনত ৰাখিব যে ক্ৰীম ডাক্তৰে প্ৰেছক্ৰাইব কৰাৰ পিচতহে ব্যৱহাৰ কৰা উচিত ।
খৰখেদাকৈ চিকিৎসাৰ প্ৰয়োজন হ’লে এলোভেৰা জেল বা গোলাপ পানী স্প্ৰে কৰিব পাৰে । কিন্তু মনত ৰাখিব যে সামান্য পোৰাৰ চিকিৎসাহে ঘৰতে কৰিব লাগে । শৰীৰৰ অংশ বেছিকৈ পুৰিলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক ।
লগতে পঢ়ক: মেকআপৰ পিচতো ছালখন খুব তেলেতীয়া হৈ পৰে নেকি ? তেন্তে এয়া লওক সমাধান - Oily Skin Makeup Tips