ETV Bharat / health

গ্ৰীষ্মকালত নষ্ট হৈ পৰিছে হাত-ভৰিৰ ছাল ? সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ পৰা জানি লওক উপায় - Skin Care - SKIN CARE

Skin care tips: গৰমৰ সময়ছোৱাত কেনেধৰণৰ কাপোৰ পৰিধান কৰিব ? গৰমৰ সময়ছোৱাত কেনেদৰে আপোনাৰ হাত-ভৰিৰ যতন ল'ব ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Skin care
গ্ৰীষ্মকালত নষ্ট হৈ পৰিছে হাত-ভৰিৰ ছাল ? সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ জানি লওক উপায় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 5:09 PM IST

গুৱাহাটী, 16 জুলাই: গৰমৰ এই সময়ছোৱাত প্ৰায়ভাগে ঘৰতে হওঁক বা বাহিৰলৈ যাওঁতেই হওক চুটি বা স্লিভলেচ(sleeveless) কাপোৰ পিন্ধা পৰিলক্ষিত হয় ৷ কিন্তু সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই কয় যে গৰমৰ সময়ছোৱাত আমি এনেধৰণৰ সাজ-পাৰ পৰিধান কৰিব লাগে যি কাপোৰ পৰিধান কৰিলে আমাৰ গৰম কম লাগে আৰু আমাক দেখি আনেও সতেজ অনুভৱ কৰে ৷ এই সময়ছোৱাত যিসমূহ পাতল ৰঙৰ কাপোৰ আছে সেইসমূহ আমি পৰিধান কৰিব পাৰো ৷ গৰমৰ সময়ছোৱাত কপাহী সূতাৰে প্ৰস্তুত কৰা কাপোৰ পৰিধান কৰিলে ছালখনত গৰম কমকৈ লাগে ৷ লগতে ছালৰ যিসমূহ সমস্যা থাকে ঘামচি আদিকে ধৰি এইসমূহ পৰা ৰক্ষা পাব পাৰি ৷ লগতে কপাহী কাপোৰ পৰিধান কৰাৰ ফলত ঘামৰ সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি ৷

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat)

গৰমৰ সময়ছোৱাত হাত, ভৰিৰ ছালৰ কেনেদৰে যতন ল'ব ?

গৰমৰ এই সময়ছোৱাত বহুতে চুটি কাপোৰ, স্লিভলেচ(sleeveless) পিন্ধি খুব ভাল পায় ৷ এনে ধৰণৰ কাপোৰ পৰিধান কৰিবলৈ হ'লে হাত-ভৰিৰ ছালো ধুনীয়া হৈ থকাটো খুবেই প্ৰয়োজনীয় ৷ হাত-ভৰিৰ ক্ষেত্ৰত সাধাৰণতে Strawberry Legsৰ সমস্যা দেখা যায় যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Keratosis Pilaris বুলিও কোৱা হয় ৷ এই সমস্যাটোত হাত-ভৰি ছালৰ তলত প্ৰ’টিন জমা হৈ নোমৰ গুৰিবোৰ বন্ধ হৈ যায় ৷ যাৰ ফলত নোমৰ গুৰিত সৰু সৰু গুটিৰ নিচিনা সৃষ্টি হয় ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে স্কাবিং(Scrubbing) আৰু ময়শ্বৰাইজিং ৷ এই দুটা কাম নিয়মীয়াভাৱে কৰি থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

ঘৰুৱাভাৱে কেনেদৰে যতন ল'ব ?

ঘৰুৱাভাৱে যতন ল'বলৈ আৰু স্কাবিং(Scrubbing) কৰিবলৈ আপোনাক লাগিব চাউলৰ গুৰি, অটমিল পাউদাৰ আৰু চাৰি চামুচ বা আধা কাপ মান পকা কঠালৰ ৰস ৷ এই আটাইকেইটা সামগ্রী ভালদৰে মিহলি কৰি হাত আৰু ভৰিৰ ছালত ১৫ মিনিট সময় লগাই ৰাখক ৷ ১৫ মিনিটৰ পাচত হাতেৰে ঘূৰাই ঘূৰাই খুব ভালদৰে স্কাৰ্ব কৰিব ৷ প্ৰতি সপ্তাহত এনেদৰে দুই বা তিনি দিন গা-ধোৱাৰ সময়ত স্কাৰ্ব কৰিলে ছালৰ যিকোনো সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰিব ৷

তদুপৰি ৰুকি লোৱা নাৰিকল এবাটি আৰু তাৰ সৈতে মৌ মিহলাই হাত আৰু ভৰিৰ ছালত স্কাৰ্ব কৰিব পাৰে ৷ ইয়াৰ ফলত ছালৰ টেনিংৰ সমস্যাও দূৰ কৰিব পৰা যায় ৷

লগতে পঢ়ক: মেকআপৰ পিচতো ছালখন খুব তেলেতীয়া হৈ পৰে নেকি ? তেন্তে এয়া লওক সমাধান - Oily Skin Makeup Tips

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.