ETV Bharat / health

পৰীক্ষাৰ সময়ছোৱাত কি কৰিলে মনৰ পৰা চিন্তা দূৰ কৰিব পাৰি ?

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:55 PM IST

Astro Tips: পৰীক্ষাৰ পূৰ্বে কি কৰিলে শিক্ষাৰ্থীসকলৰ মনৰ পৰা চিন্তা কমিব ? কি কৰিলে একাগ্ৰতা বা পঢ়াত মনোযোগ বাঢ়িব এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

Astro tips
পৰীক্ষাৰ সময়ছোৱাত কি কৰিলে মনৰ পৰা চিন্তা দূৰ কৰিব পাৰি ?
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকে ধৰি পৰীক্ষা সমূহ বৰ্তমান চলি আছে ৷ সমান্তৰালকৈ নীট বা ভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ বৰ্তমান সমাগত ৷ পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাক লৈ সন্তানৰ লগতে মাক-দেউতাকেও বহু চিন্তা কৰা দেখা যায় ৷ শিক্ষাৰ্থীসকলৰো পৰীক্ষাকলৈ ভয় বা শংকা বৃদ্ধি পায় ৷ পৰীক্ষাৰ ফলাফল কি হ'ব আদি ভিন্ন ধৰণৰ চিন্তাৰ ফলত কেতিয়াবা জনা প্ৰশ্নও পাহৰি যোৱা যায় ৷ যাৰ বাবে ভৱা মতে ফলাফল লাভ কৰা নাযায় ৷

পৰীক্ষা হলত সন্মুখীন হোৱা এনে সমূহ চিন্তাৰ পৰা মুক্তি পাবলৈ কি কৰিব ?

যদি পঢ়াৰ সময়ছোৱাত খুব বেছি মনলৈ চিন্তা বা ভয়-শংকা আহিছে তেন্তে সেইটো লৈ পঢ়িবলৈ চেষ্টা নকৰিব ৷ সেই সময়ত পঢ়া টেবুলৰ পৰা উঠি আহি কিবা এটা খাওক বা ভাল লগা কিবা এটা কাম কৰক ৷

লগতে এনেকুৱা হলে " ঔম নমঃ শিৱায়ঃ " এই মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে ৷" ঔম নমঃ শিৱায়ঃ " এই মন্ত্ৰ উচ্চাৰণৰ ফলত মনৰ পৰা হতাশা বা চিন্তা আঁতৰে লগতে একাগ্ৰতা বৃদ্ধি কৰাটো সহায় কৰে ৷

এটা যোগ পদ্ধতিৰে " ঔম নমঃ শিৱায়ঃ " উচ্চাৰণ কৰি চিন্তাৰ পৰা মুক্ত হ'ব পাৰি ৷ তাৰ বাবে বিচনা এখনত হাত দুখন ওপৰত থৈ চিট হৈ শুই ল'ব ৷ ১১ বাৰ লাহে লাহে উশাহ-নিশাহ ল'ব ৷ তাৰ পাছত লাহে লাহে " ঔম নমঃ শিৱায়ঃ " মন্ত্ৰ ২০ বাৰ উচ্চাৰণ কৰিব ৷ এনে কৰাৰ ফলত মনৰ পৰা হতাশা বা চিন্তাৰ পৰা মুক্ত বা সকাহ সহায় লাভ কৰিব পাৰে ৷ ইয়াৰোপৰি খোৱা ওপৰতো গুৰুত্ব দিব লাগিব ৷ পৰীক্ষাৰ এই সময়ছোৱাত যিমান পাৰে ফাষ্ট ফুড জাতীয় খাদ্য গ্ৰহণ নকৰিব ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত বিটৰ ৰস কেতিয়া খাব লাগে ? সঠিক সময় তথা পদ্ধতি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.