ETV Bharat / health

শালমইনাৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? পঢ়ক বিশেষ টিপছ - How To reduce acne pain

Tips to reduce acne pain : আপোনাৰ মুখত শলমইনা আছে নেকি ? সাধাৰণতে শালমইনা ওলালে বহুত বিষ সহ্য কৰিবলগীয়া হয় ৷ জানক শালমইনাৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান বিশেষ টিপছ ...

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 3:32 PM IST

How To reduce acne pain
শালমইনাৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? পঢ়ক বিশেষ টিপছ

কিশোৰসকলৰ বাবে শালমইনা সততে দেখা এক সমস্যা । হৰম’নৰ পৰিৱৰ্তনৰ বাবে কৈশোৰ অৱস্থাত শালমইনা হয় ৷ শালমইনা সাধাৰণতে মুখত দেখা যায় যদিও কিছু লোকৰ পিঠি, বুকু আৰু কান্ধতো ওলোৱা দেখা যায় ৷ এই শালমইনাৰ ফলত বহুত বিষ অনুভৱ কৰিবলগীয়া হয় ৷ সেইবাবে আমি আজি আপোনালোকলৈ লৈ আহিছো এনে টিপছ, যাৰ জড়িয়তে আপুনি শালমইনাৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব...

মুখখন পৰিষ্কাৰ কৰি ৰাখক :

দিনত দুবাৰকৈ মুখ ধুব । ই ছালৰ তৈলাক্ততা হ্ৰাস কৰে । মৃত কোষবোৰ নোহোৱা হয় । অৱশ্যে আপোনাৰ মুখখন সঘনাই ধোৱে তেনেহ’লে, ই ভালতকৈ বেছি ক্ষতিহে কৰিব । কঠোৰ চাবোনে ছালৰ খজুৱতি কৰিব পাৰে । ডাঠ চাবোন ব্যৱহাৰ নকৰিব । টাৱেলেৰে জোৰেৰে মুখ ঘঁহিব নালাগে । কোমল টাৱেলেৰে মুখ মচিব ৷

শালমইনাবোৰ নুফুটাব :

সঘনাই মুখ স্পৰ্শ কৰিলে হাতৰ পৰা বেক্টেৰিয়া বিয়পিব পাৰে । ইতিমধ্যে আপোনাক ফুলি থকা ছালখনে অশান্তি কৰি থাকে ৷ শলমইনাবোৰ খজুৱাব অথবা টিপিব নালাগে ৷ ই বেক্টেৰিয়াক আৰু প্ৰৱেশ কৰি অধিক সংক্ৰমণ কৰিবলৈ সুবিধা কৰি দিয়ে ৷

মলম :

ফাৰ্মচীত উপলব্ধ মলমবোৰ শালমইনা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰে বেছিভাগতে বেঞ্জাইল পেৰোক্সাইড, চেলিচিলিক এচিড, গ্লাইকলিক এচিড আৰু লেক্টিক এচিড থাকে । এইবোৰে বেক্টেৰিয়া ধ্বংস কৰে । প্ৰথম অৱস্থাতেই এইসমূহ লগাব লাগে ৷ মলমৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিহে মলম ব্যৱহাৰ কৰক ৷

মেক-আপৰ প্ৰতি সাৱধান হ'ব:

ৰাতি শোৱাৰ আগত মেক আপ পৰিস্কাৰ কৰি শুৱক ৷ সম্ভৱ হ'লে তেলমুক্ত প্ৰসাধন ব্যৱহাৰ কৰিব ।

চেম্পুৰে মূৰ ধোৱক :

আপোনাৰ মূৰৰ ছালৰ তেলে আপোনাৰ কপাল স্পৰ্শ কৰিব পাৰে ফলত শালমইনা হোৱাৰ সম্ভাৱনা অধিক । কিছু শালমইনা আকাৰত ডাঙৰ হয় । গতিকে মৃদু চেম্পুৰে পৰিস্কাৰকৈ গা ধোৱক ৷ মূৰৰ ছালত তেল প্ৰয়োগ নকৰিব । ই মুখমণ্ডললৈ বিয়পি আহিব পাৰে ৷ আৰু ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে ৷ যদি আপোনাৰ দীঘল চুলি আছে, নিশ্চিত কৰিব যে চুলি আপোনাৰ মুখত নপৰে ৷

চানবাৰ্ণ হ’বলৈ নিদিব :

সূৰ্যৰ পৰা অতি-বেঙুনীয়া ৰশ্মিৰ ফলত আপোনাৰ ছাল দহি পেলোৱাৰ লগতে ছাল ৰঙা পেলাব পাৰে ৷ শালমইনা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা কিছু ঔষধে সূৰ্যৰ তাপত অত্যাধিক প্ৰতিক্ৰিয়া কৰে । যিমান পাৰে সূৰ্যৰ তাপৰ পৰা মুখখন ঢাকি ৰাখক ৷ বিশেষকৈ পুৱা 10 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত, অধিক সাৱধানতাৰ প্ৰয়োজন । ৰ'দত বাহিৰলৈ যাওঁতে চানস্ক্ৰীণ তথা লোশ্যন প্ৰয়োগ কৰিব ৷

খাদ্য:

চৰ্বিযুক্ত খাদ্য হ্ৰাস কৰিব লাগে । সতেজ পাচলি আৰু ফল খাব । দুগ্ধজাত সামগ্ৰী আৰু মিঠাই নাখাব ৷ সেইবোৰে ব্ৰেকআউট আৰম্ভ কৰিব পাৰে । গতিকে এই ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন ৷

দৈনিক ব্যায়াম:

দৈনিক ব্যায়াম কৰিলে ছালৰ লগতে শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে । ব্যায়াম কৰাৰ পিচত গা ধুবলৈ নাপাহৰিব ৷

মানসিক শান্তি :

কিছুমান অধ্যয়নে পৰামৰ্শ দিয়ে যে মানসিক চাপৰ ফলত শালমইনা হ'ব পাৰে । গতিকে মানসিক শান্তিৰ বাবে চেষ্টা কৰক । যোগ আৰু ধ্যান ইয়াৰ বাবে উপযোগী ৷

লগতে পঢ়ক: শৰীৰৰ উষ্ণতা হ্ৰাস কৰিবলৈ আপোনাৰ প্ৰতিদিনৰ ৰুটিনত যোগ কৰক এইসমূহ বনৌষধি আৰু খাদ্য সামগ্ৰী - Summer Heatwave Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.