ETV Bharat / health

বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেকৈ ৰক্ষা কৰিব ? - Child Care

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:19 PM IST

Child Care Tips: সঘনাই সলনি হৈছে ৰাজ্যৰ জলবায়ু । এই সময়ছোৱাত আপোনাৰ শিশুটিৰ কেনেদৰে যতন ল'ব এই সন্দৰ্ভত বিতংভাবে জনালে শিশুৰোগ বিশেষজ্ঞ চামিউল এ. হুছেইনে ।

Child care
বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেকৈ ৰক্ষা কৰিব ? (ETV Bharat)

গুৱাহাটী, 3 জুলাই: সঘনাই হৈ থকা জলবায়ু পৰিবৰ্তনৰ ফলত বৰ্তমান এই সময়ছোৱাত শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠলোক সকলৈকে ভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায় । এই সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকৈ প্ৰয়োজনীয় । বিভিন্নধৰণৰ বীজাণু এই সময়ত বাঢ়িবলৈ ধৰে ।

শিশুৰোগ বিশেষজ্ঞ চামিউল এ. হুছেইন (ETV Bharat)

বানপানীৰ বাবেও ৰাজ্যৰ বহু অঞ্চলত ডেংগুৰ প্ৰভাৱো বাঢ়ি গৈছে । সেয়ে এই সময়ত শিশুসকলক সাৱধানে ৰখাটো খুবেই প্ৰয়োজনীয় । বিশেষকৈ আপোনালোকৰ ঘৰৰ যদি পানী জমা হৈ আছে , ততাতৈয়াকৈ সেই পানী তাৰ পৰা আঁতৰাই দিয়ক । অন্যথা তাত মহে কণী পাৰিলে তাৰ পৰা মহৰ বংশ বৃদ্ধি হ'ব পাৰে আৰু যাৰ ফলত ডেংগু, মেলেৰিয়াৰ ৰোগে দেখা দিব পাৰে ৷

বৰ্তমান অসমত ৰাজ্যত সঘনাই হৈ থকা বৰষুণৰ ফলত ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হোৱা দেখা গৈছে । বিশেষকৈ এই সময়ত ডেংগু, মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । লগতে এই সময়ছোৱাত শিশুসকলক বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত সাৱধান হোৱাটো খুবেই জৰুৰী । বৰষুণত যাতে মূৰত নপৰে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে । কাৰণ তিতিলে শিশুটিৰ শৰীৰৰ ভিতৰত ঠাণ্ডা সোমাই যাব পাৰে । যদিহে শিশুটিৰ দেহত ঠাণ্ডা সোমাই যায় তেন্তে বিভিন্ন ভাইৰেল ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ।

লগতে এই সময়ছোৱাত শিশুৰ খাদ্যৰ ওপৰতো গুৰুত্ব দিয়াটো উচিত । শিশুক এই সময়ছোৱাত সুষম আহাৰ খুওৱাৰ লগতে পানী সদায় গৰম কৰিহে খুওৱাব লাগে । গৰম বেছি পৰিলে শিশুসকলক পাতল কাপোৰ পিন্ধাব লাগে । লগতে প্ৰখৰ ৰ'দত শিশুক বাহিৰলৈ ওলাব দিব নালাগে । যিমান পাৰি এই সময়ছোৱাত ওপৰত উল্লেখিত সাৱধানতাসনূহ অৱলম্ৱন কৰিলে আপোনাৰ শিশুটি বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব ৷

লগতে পঢ়ক: Breastfeeding: জন্মৰ পৰা ১ বছৰলৈ শিশুৰ যতন কেনেদৰে ল’ব জানি লওক

লগতে পঢ়ক: শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ? - Child Health Care

লগতে পঢ়ক: ভাইৰেল ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেদৰে কৰিব ৰক্ষা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.