ETV Bharat / health

গৰ্ভাৱস্থাত কেতিয়াও নহয় গেছৰ সমস্যা, অনুসৰণ কৰক এই টিপছ - Acidity in Pregnancy

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 4:35 PM IST

Acidity in Pregnancy: গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গেছ, বদহজম তেনেই সাধাৰণ সমস্যা । অৱশ্যে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায় । যদিহে গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে বিশেষজ্ঞই আগবঢ়োৱা এই নিয়মসমূহ মানি চলে ।

How to Prevent and Treat acidity Problems During Pregnancy? follow these tips given by experts
গৰ্ভাৱস্থাত কেতিয়াও নহয় গেছৰ সমস্যা; অনুসৰণ কৰক এই টিপছ (FREEPIK)

গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত তেওঁলোকে বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । গৰ্ভাৱস্থাৰ সময়টো মহিলাৰ বাবে প্ৰত্যাহ্বানতকৈ কম নহয় । প্ৰায়ে গৰ্ভাৱস্থাত মহিলাসকলে এচিডিটি অৰ্থাৎ গেছৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে, যদি গৰ্ভাৱস্থাত মহিলাসকলে এচিডিটিৰ অধিক সমস্যাৰ সন্মুখীন হয়, তেন্তে সেয়া স্বাভাৱিক সমস্যা । অৱশ্যে কিছুমান টিপছ মানি চলি মহিলাসকলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

খাদ্য ভালদৰে চোবাই খাব লাগে

বহু সময়ত মানুহে খৰখেদাকৈ খাদ্য চোবাই খায় । ইয়াৰ ফলত আমাৰ পাচনতন্ত্ৰৰ ক্ষতিও হয় । এনে অৱস্থাত খৰধৰকৈ খাদ্য চোবাই খাব নালাগে । এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভালদৰে খাদ্যখিনি চোবাই খাব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ গেছৰ দৰে কোনো সমস্যাই দেখা নিদিয়ে ।

মানসিক চাপ ল’ব নালাগে

বিশেষজ্ঞসকলে কয় যে, গৰ্ভাৱস্থাত মানসিক চাপ বেচি হ’লেও হজম শক্তিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । ইয়াৰ বাবেও গেছৰ সমস্যা হ’ব পাৰে । এনে পৰিস্থিতিত গৰ্ভাৱস্থাত মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে ।

যোগাসন কৰক

যোগাসন কৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন হয় । মহিলাসকলে গৰ্ভাৱস্থাত যিমান পাৰি লঘু যোগাসন কৰিব লাগে । অৱশ্যে ইয়াৰ বাবে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক । কিন্তু যদি আপুনি গেছৰ পৰা মুক্ত হ’ব বিচাৰে তেন্তে কিছু লঘু যোগাসন কৰক । লাহে লাহেকৈ খোজ কাঢ়িবও পাৰে ।

ইয়াৰ লগতে গৰ্ভাৱস্থাত হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয় । যদি আপুনি হাইড্ৰেটেড হৈ থাকে তেন্তে ই গেছ আৰু বদহজমৰ দৰে সমস্যাও ৰোধ কৰাত সহায় কৰিব ।

লগতে পঢ়ক: গৰ্ভাৱস্থাত ভুলতো নাখাব এই খাদ্য অন্যথা হ’ব এই লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.