ETV Bharat / health

ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ফাকুৱা উদযাপন কৰিব পাৰি - Holi with Natural Homemade Colours - HOLI WITH NATURAL HOMEMADE COLOURS

Holi with Natural Homemade Colours: ঘৰতে তৈয়াৰ কৰা প্ৰাকৃতিক ৰঙেৰেও ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিব পাৰি ৷ ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে জানো আহক ৷ ঘৰুৱা সামগ্ৰীৰে কিদৰে ৰং প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে সদৰী কৰিছে হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উপ-সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই ৷

how-to-make-natural-colours-for-holi-at-home
ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ফাকুৱা উদযাপন কৰিব পাৰি
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 3:40 PM IST

গুৱাহাটী, 23 মাৰ্চ: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাথো এটা দিন বাকী ৷ এই ৰঙৰ উৎসৱৰ সময়ত ৰং বিৰঙী ফাকুৰে বজাৰ ভৰি পৰিছে ৷ কিন্তু বজাৰত উপলব্ধ ফাকু কেমিকেলযুক্ত হোৱাৰ ফলত ছাল, চকু, স্বাস প্ৰস্বাসজনিত ৰোগ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ সেয়েহে ঘৰতে তৈয়াৰ কৰা প্ৰাকৃতিক ৰঙৰেও ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিব পাৰি ৷ ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে জানো আহক ৷ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উপ সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই ঘৰুৱা সামগ্ৰীৰে কিদৰে ৰং প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে সদৰী কৰা অনুসৰি

১/ ৰঙা ৰং: ৰঙা ফাকু গুড়ি ৰঙা চন্দন কাঠৰ গুড়ি আৰু আটা বা পৰিশোধিত ময়দা মিহলাই প্ৰস্তুত কৰি ল'ব পাৰো ৷ প্ৰাকৃতিক সেন্দুৰ আৰু আটা বা পৰিশোধিত ময়দা মিহলি কৰিও ৰঙা ৰং পাব পাৰি৷ বজাৰত উপলব্ধ সেন্দুৰৰ পেকেটসমূহত লিড অক্সাইড থাকে ৷ সেয়েহে তেনে পেকেট ল'ব নালাগে ৷ ৰঙা পনীয়া ৰঙটো আমি বিটৰ শিপা পানীত উতলাই বা গোটেই ৰাতি তিয়াই ৰাখি প্ৰস্তুত কৰি ল'ব পাৰো ৷ গোলাপ ফুলৰ পাহি খুন্দি পানীত তিয়াই ৰাখিও ৰঙা ৰং পাব পাৰি ৷ ৰঙা চন্দন ৰঙৰ গুড়ি বা ৰঙা জবা ফুল পানীত ১২ ঘণ্টা তিয়াই ৰাখিও ৰং প্ৰস্তুত কৰিব পাৰি ৷

২/ হালধীয়া ৰং: হালধীয়া ৰঙৰ ফাকু গুড়ি আমি হালধি আৰু বেচন মিহলাই তৈয়াৰ কৰি ল'ব পাৰো ৷ হালধীয়া পনীয়া ৰঙটো পাবলৈ হ'লে নার্জী ফুল বা ডালিমৰ বাকলি পানীত উতলাই বা গোটেই ৰাতি তিয়াই ৰাখিব লাগে ৷ সেইদৰে ডালিমৰ গুটি বা বিট পানীত তিয়াই ৰাখি আমি গুলপীয়া পনীয়া ৰং ফাকুৱা উৎসৱৰ বাবে তৈয়াৰ কৰিব পাৰো ৷

৩/ সেউজীয়া ৰং: সেউজীয়া ৰং গুড়ি প্ৰস্তুত কৰিবলৈ আমি শুকান মেথি বা পদিনা ভালদেৰ পিহি ল'ব লাগে ৷ জেতুকাৰ গুড়ি ময়দাৰ লগত মিহলাই সেউজীয়া ৰঙটো পাব পাৰো ৷ পনীয়া সেউজীয়া ৰং আমি বিভিন্ন প্ৰকাৰৰ শাক ভালদৰে পিহি তৈয়াৰ কৰিব পাৰো ৷ ইয়াৰ ভিতৰত পালেং, ধনীয়া, মিঠি বা মূলাৰ পাত পানীত তিয়াই ল'লেই হ'ব ৷ পনীয়া ৰঙবোৰ নষ্ট নহ'বলৈ দ্ৰৱটো প্ৰস্তুত কৰি ফ্ৰিজত ৰাখি তাক উৎসৱৰ সময়চোৱাত ব্যৱহাৰ কৰি থাকিব পাৰো ৷

লগতে পঢ়ক: হোলী খেলাৰ সময়ত চকু-কাণ-মুখত ৰং সোমালে তাৎক্ষণিকভাৱে গ্ৰহণ কৰক এই ব্যৱস্থা - Holi Health Care

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.