পাকঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি বহু ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷ কিন্তু ঘৰৰ আন অংশৰ তুলনাত পাকঘৰটো চাফা কৰাটো কঠিন ৷ বিশেষকৈ গেছ বাৰ্নাৰ, য’ত ৰন্ধা সময়ত প্ৰায়ে তেল বা গ্ৰেভি ছিটিকি পৰে ৷
দৰাচলতে বাৰ্নাৰত তেল বা গ্ৰেভি পৰিলে ইয়াৰ ফুটাবোৰ বন্ধ হৈ যায় ৷ ইয়াৰ ফলত ইয়াৰ শিখা কমি যায় আৰু গেছটোও অপচয় হ’বলৈ আৰম্ভ কৰে ৷ যিমানেই চাফা নকৰক কিয়, কেতিয়াও নতুনৰ দৰে জিলিকি নাথাকে ৷ যদি আপুনিও আপোনাৰ লেতেৰা গেছ বাৰ্নাৰ পৰিষ্কাৰ কৰি ভাগৰি পৰিছে, তেন্তে আজি আমি আপোনালোকক কিছুমান টিপছ দিবলৈ ওলাইছো যিয়ে আপোনাক ইয়াক চাফা কৰাত সহায় কৰিব পাৰে ৷
আপেল ভিনেগাৰত বাৰ্নাৰ ডুবাই ৰাখক
বাৰ্নাৰটো জিলিকাবলৈ হ’লে এটা পাত্ৰত আপেলৰ ভিনেগাৰ অৰ্থাৎ এপল চাইডাৰ ভিনেগাৰ ঢালি তাত গেছ বাৰ্নাৰটো ডুবাই দিব ৷ কিছু সময়ৰ পাচত নেমু আৰু বেকিং পাউদাৰ লগাই টুথব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰিব ৷ এনে কৰিলে গেছ বাৰ্নাৰত থকা মলি পৰিষ্কাৰ হ’ব আৰু ই নতুন বাৰ্নাৰৰ দৰে জিলিকি উঠিব ৷
নেমু আৰু ভিনেগাৰেৰে পৰিষ্কাৰ কৰক
গেছ বাৰ্নাৰ পৰিষ্কাৰ কৰিবলৈ এটা পাত্ৰত গৰম পানী লৈ তাত নেমুৰ ৰস আৰু ইনো দিব ৷ ইয়াৰ পিচত বাৰ্নাৰটো তাত কমেও দুঘণ্টা তিয়াই ৰাখিব ৷ দুঘণ্টাৰ পিচত বাৰ্নাৰত তৰল চাবোন লগাই টুথব্ৰাছেৰে ঘঁহিব লাগে ৷ এনে কৰিলে বাৰ্নাৰৰ জিলিকনি ঘূৰি আহিব ৷
পানী আৰু ভিনেগাৰেৰে পৰিষ্কাৰ কৰক
ভিনেগাৰৰ সহায়ত বাৰ্নাৰটো সহজে পৰিষ্কাৰ কৰিব পাৰি ৷ ইয়াৰ বাবে আপুনি এটা পাত্ৰত পানী আৰু ভিনেগাৰ মিহলাই ল’ব লাগিব ৷ ইয়াৰ পিচত তাত বেকিং চোডা দি বাৰ্নাৰত এঘণ্টাৰ পৰা দুঘণ্টা ধৰি ৰাখিব ৷ ইয়াৰ পিচত বাৰ্নাৰটো উলিয়াই টুথব্ৰাছেৰে পৰিষ্কাৰ কৰিব লাগে ৷