ETV Bharat / health

তিতাবিধৰহে আছে উপকাৰিতা: ভাল পালেও কমাই খাওক মিঠাবিধ - Benefits of chocolate - BENEFITS OF CHOCOLATE

Benefits of chocolate: শিশুৱে কিমান চকলেট খাব লাগে ? চকলেট খোৱাৰ লাভালাভ আছেনে ?

how much chocolate is good for children
চকলেট খোৱাৰ উপকাৰিতা আছেনে
author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 4:32 PM IST

শিশুৰ চকলেটৰ প্ৰতি দুৰ্বলতা সকলোৰে জ্ঞাত ৷ অভিভাৱকৰ বাবে বহু সময়ত সন্তানক চকলেটৰ পৰা আঁতৰত ৰখাটো কঠিন হৈ পৰে ৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে চকলেটৰ উপকাৰিতাৰ বিষয়ে...

দৈনিক এটাকৈ চকলেট খোৱাটো বহুতৰে অভ্যাস ৷ কিছুমানে সুখৰ সময়ত কিছুমানে আকৌ দুখৰ সময়ত চকলেট এটা খাবলে বিচাৰেই ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে প্ৰিয় এই চকলেট ৷ কিন্তু জানিবলৈ মন নাযায়নে এই চকলেটৰ উপকাৰিতা আছেনে নাই ? বহুতে হয়তো নাজানে ক’ক’ বিনত প্ৰচুৰ পৰিমাণে চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আৰু ফেনলিক যৌগ থাকে যিয়ে বি পি হ্ৰাস কৰে ।

আজিকালি উৎসৱসমূহ যেন চকলেট অবিহনে আধৰুৱা ৷ দোকানবোৰত বিভিন্ন আকাৰ-প্ৰকাৰৰ চকলেট নানাৰঙী বাকচত যেনেদৰে সজাই ৰাখে, নাচাও বুলিলেও চকু টান মাৰি নিয়ে ৷ চুপাৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি শ্বপিং মলসমূহত চকলেটৰ যি পয়োভৰ, সন্তানক লৈ তেনেকুৱা ঠাইলৈ যোৱাৰ আগতে অভিভাৱকে বহুত ভাবিবলগীয়া হয় ৷ কাৰণ সেই চকলটে দেখিলে খাবলৈ মন যোৱাটো স্বাভাৱিক ৷ তেনেক্ষেত্ৰত সন্তানক চকলেটৰ পৰা দূৰত ৰখাটো অভিভাৱকৰ বাবে কঠিন হৈ পৰে ৷

চকলেটত কি আছে ! চকলেটৰ স্বাস্থ্যৰ বাবে সম্ভাব্য উপকাৰ আছে । ক’ক’ বিনত প্ৰচুৰ পৰিমাণে চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আৰু ফেনলিক যৌগ (বা ফাইটোকেমিকেল) থাকে যিয়ে ৰক্তচাপ কমায় । কিন্তু এই ফেনলিক যৌগবোৰৰ সোৱাদ ইমানেই তিতা যে কেঁচা ক’ক’ প্ৰায় অখাদ্যৰ দৰে হৈ পৰে । এইখিনিতে আহি পৰে খাদ্য প্ৰক্ৰিয়াকৰণৰ পদক্ষেপ । মিল্ক চকলেট বনাবলৈ চেনি, গাখীৰৰ চৰ্বি আৰু অন্যান্য উপাদান মিহলি কৰা হয় য’ত ক’ক’ৰ পৰিমাণ কমি যায় । বগা চকলেটত পৰিণত হোৱাৰ সময়লৈকে ক'ক' সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় । সামগ্ৰিকভাৱে চকলেটৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত কৰা অধ্যয়নত চকলেট আমাৰ স্বাস্থ্যৰ বাবে ভাল বুলি অতি দুৰ্বলভাৱে প্ৰমাণ পোৱা গৈছে ।

ক’ক’ আৰু ফাইটোকেমিকেলৰ পৰিমাণ বেছি থকা অতি গাঢ় আৰু তিতা চকলেটৰহে উপকাৰিতা থাকে, যিটো শিশুৱে ভাল নাপায় । ডাৰ্ক চকলেটে কেতিয়াবা প্ৰাপ্তবয়স্কসকলক "মুড বুষ্ট" দিয়ে কাৰণ ইয়াত কেফেইন থাকে ।

শিশুৱে কিমান চকলেট খাব লাগে ?

সকলো প্ৰকাৰৰ চকলেটক "বিবেচনামূলক" খাদ্য হিচাপে শ্ৰেণীবদ্ধ কৰা হয়, যেনে বিস্কুট, কেক আৰু চেনীযুক্ত পানীয় । এক নিৰ্দেশনা অনুসৰি, দুইৰ পৰা তিনি বছৰ বয়সৰ শিশুক প্ৰতিদিনে একতকৈ অধিক পালি বিবেচনামূলক খাদ্য দিব নালাগে আৰু ডাঙৰ শিশুক প্ৰতিদিনে তিনিটালৈকে বিবেচনামূলক খাদ্য দিব পাৰি ।

যদি শিশুৱে গোটেই দিনটো চকলেট খাই থাকে, তেন্তে নিশ্চয়কৈ চুগাৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ নিশা শোৱাৰ সময়ত শিশু ভোকত থাকিবলগীয়া হ’ব পাৰে যিয়ে এটি শিশুক খিংখিঙীয়া কৰি তুলিব পাৰে ৷ সেইকাৰণে সন্তানক চকলেট খাবলৈ দিয়াৰ আগতে এটা কথা মন কৰিব যাতে সন্তানৰ পেট ভৰ্তি হৈ থাকে ৷ অতিমাত্ৰা চকলেট সন্তানক দিব নালাগে কিয়নো মিঠাৰ প্ৰতি তেওঁলোক সংবেদনশীল হৈ পৰিব পাৰে ৷

উৎসৱৰ সময়ত ঘৰলৈ অহা আলহীক চকলেটৰ পৰিমাণ হ্ৰাস কৰি কিতাপ বা খেলনা সামগ্ৰী উপহাৰ হিচাপে ক্ৰয় কৰিবলৈ কওক ৷ চকলেট খোৱাৰ আগতে তেওঁলোকক সুস্বাদু লঘু আহাৰ দিয়ক যাতে তেওঁলোকে চকলেটৰ আগতে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব পাৰে ৷

লগতে পঢ়ক : উফঃ গৰম, খাওক গিলাচে গিলাচে নেমু চৰবত - Lemonade In Summers

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.