ETV Bharat / health

সুস্থ হৈ থাকিবলৈ আমি এদিনত কিমান গিলাছ পানী খোৱা উচিত ? - Drinking Water in the Morning - DRINKING WATER IN THE MORNING

Drinking Water in the Morning: নিজকে সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আমি কিছুমান সুস্থ অভ্যাস গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় । এই স্বাস্থ্যসন্মত অভ্যাসবোৰৰ ভিতৰত এটা হ’ল প্ৰতিদিনে পুৱা খালী পেটত পানী খোৱা । খালী পেটত পানী খালে হজম প্ৰক্ৰিয়া উন্নত হয় । আহক জানো ইয়াৰ অন্য উপকাৰিতাসমূহ-

How many glasses of water you should drink on an empty stomach in the morning? Read on to learn more
সুস্থ হৈ থাকিবলৈ আমি এদিনত কিমান গিলাছ পানী খোৱা উচিত ? (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 7:54 PM IST

নিজকে সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আমি কিছুমান সুস্থ অভ্যাস গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ এই স্বাস্থ্যসন্মত অভ্যাসবোৰৰ ভিতৰত এটা হ’ল প্ৰতিদিনে পুৱা খালী পেটত পানী খোৱা ৷ খালী পেটত পানী খালে হজম প্ৰক্ৰিয়া উন্নত হয় ৷ কেৱল এয়াই নহয়, আন মানুহৰ তুলনাত প্ৰতিদিনে পুৱা খালী পেটতে পানী খোৱা লোকসকলৰ বৃক্ক আৰু পাথৰৰ সমস্যা কম দেখা যায় ৷ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি প্ৰতিদিনে পুৱা খালী পেটত পানী খাব লাগিব ৷

প্ৰতিদিনে পুৱা খালী পেটত পানী খালে বহু উপকাৰ পোৱা যায় যদিও প্ৰায়ে মানুহৰ মনলৈ অহা প্ৰশ্নটো হ’ল- সাধাৰণতে আমি কিমান গিলাচ পানী খালে উপকাৰ লাভ কৰিম ৷ প্ৰতিদিনে পুৱা পানী খোৱাৰ উপকাৰিতা সন্দৰ্ভত আমাক সকলোৱে জানো, কিন্তু কিমান গিলাচ পানী খাব লাগে সেই বিষয়ে প্ৰায়সংখ্যক লোকেই হয়তো জ্ঞাত নহয় ৷

পুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে আমি দাঁত ব্ৰাছ কৰা উচিত ৷ ইয়াৰ পিচত যদি চাহ খোৱাৰ অভ্যাস আছে তেন্তে তাৰ পৰিৱৰ্তে পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ৷ পুৱা খালী পেটতে অন্ততঃ ২-৩ গিলাচ পানী খাব লাগে ৷ যদি এবাৰতে ইমান পানী খাব নোৱাৰে তেন্তে এগিলাচ পানীৰে আৰম্ভ কৰক ৷ লাহে লাহে কেইদিনমানৰ ভিতৰতে ২-৩ গিলাচ পানী খাবলৈ আৰম্ভ কৰক ৷

যদি আপোনাৰ পুৱা পানী খোৱাৰ অভ্যাস আছে, তেতিয়াহ’লে কুহুমীয়া পানী খাবলৈ লওক ৷ ইয়াৰ দ্বাৰা আপোনাৰ হজম শক্তি উন্নত হোৱাত সহায়ক হ’ব ৷ কুহুমীয়া পানী খালে আপোনাৰ হজম শক্তি উন্নত হোৱাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় ৷ গৰম পানী খালে আপোনাৰ পাচনতন্ত্ৰ সক্ৰিয় হৈ থাকে যদিও মনত ৰাখিব যে পানী খোৱাৰ পিচত কমেও আধা ঘণ্টালৈকে একো নাখাব ৷

পুৱা খালী পেটত গৰম পানী খোৱাৰ উপকাৰিতা

১) পুৱা সাৰ পোৱাৰ পিচত খালী পেটত গৰম পানী খালে হজম শক্তি উন্নত হয় আৰু লগতে বিপাকীয় ক্ৰিয়াও শক্তিশালী হয় ৷

২) ইয়াৰ ফলত শৰীৰ দীৰ্ঘসময় ধৰি হাইড্ৰেট হৈ থাকে ৷

৩) যদি আপুনি আপোনাৰ শৰীৰক প্ৰাকৃতিকভাৱে বিষমুক্ত কৰিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানী খাব লাগে ৷

লগতে পঢ়ক: সঠিক সময়ত এইবিধ পানীয় খালে আপোনাৰ স্বাস্থ্যই পাব এইসমূহ লাভ - Coconut Water

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.