ETV Bharat / health

শীতকালত আমি দৈনিক কেইটাকৈ কণী খাব লাগে ? কি কয় বিশেষজ্ঞই - EGGS BENEFITS

কণী হৈছে প্ৰ'টিন, ভিটামিন, খনিজ আৰু স্বাস্থ্যকৰ চৰ্বিৰ এক উৎকৃষ্ট উৎস, কিন্তু শীতকালত কিমানটা কণী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী ? বিশেষজ্ঞৰ পৰাই জানো আহক...

How many eggs you should eat in winter daily know what expert says
শীতকালত আমি দৈনিক কেইটা কণী খাব লাগে ? কি কয় বিশেষজ্ঞই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 9, 2024, 1:25 PM IST

কণী প্ৰায়ভাগ লোকে নিতৌ খাদ্যত অন্তৰ্ভুক্ত কৰে ৷ বহু লোকৰ এবিধ প্ৰিয় ব্ৰেকফাষ্ট কণী ৷ শীতকালত কণী খোৱাৰ শৰীৰৰ বহুতো উপকাৰীতা আছে ৷ এই এক পুষ্টিকৰ আৰু লগতে শক্তি সমৃদ্ধ খাদ্য ৷ কণী খাই, শৰীৰ সুস্থ কৰি ৰখা লগতে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷ কণীয়ে কেৱল ঠাণ্ডাত শৰীৰ গৰম কৰি ৰখাই নহয় লগতে পুষ্টিও প্ৰদান কৰে ৷ কিন্তু এই বতৰত আপুনি দৈনিক কিমানটা কণী খোৱা উচিত ? বিশেষজ্ঞৰ পৰা ইয়াৰ বিষয়ে জানো আহক-

এই সন্দৰ্ভত নাৰায়ণা চিকিৎসালয়ৰ জ্যেষ্ঠ ডায়েটিচিয়ান তথা পুষ্টিবিদ ৰাখী চেটাৰ্জীয়ে কয় যে, কণীত প্ৰ’টিন, ভিটামিন এ, ডি, ই আৰু বি12, আইৰন, জিংক আৰু চেলেনিয়াম আদি বস্তু থাকে ৷ ইয়াত অমেগা-3 ফেটি এচিড থাকে ৷ যি হৃদযন্ত্ৰ ভালে ৰথাৰ বাবে উপকাৰী ৷ কণী খোৱাৰ পৰিমাণ ব্যক্তিজনৰ বয়স, স্বাস্থ্য, জীৱনশৈলীৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে ৷

How many eggs you should eat in winter daily know what expert says
শীতকালত আমি দৈনিক কেইটা কণী খাব লাগে ? কি কয় বিশেষজ্ঞই (ETV Bharat)

শীতকালত কণী খোৱাৰ লাভালাভ

শক্তিৰ উৎস: শীতকালত, শৰীৰক অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয় ৷ কিয়নো ঠাণ্ডা বতৰত শৰীৰ গৰম ৰাখিবলৈ অধিক শক্তি ব্যৱহাৰ হয় ৷ কণীত প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বি থাকে ৷ যিয়ে শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: কণীত যথেষ্ট পৰিমাণৰ ভিটামিন ডি থাকে ৷ যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে ৷ শীতৰ সময়ত মানুহে প্ৰায়ে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ কমকৈ আহে ৷ যাৰ ফলত ভিটামিন ডি-ৰ অভাৱ হ’ব পাৰে ৷ এনে পৰিস্থিতিত, এই অভাৱ পূৰণ কৰাৰ বাবে কণী হৈছে এক উৎকৃষ্ট উৎস ৷

ছাল আৰু চুলিৰ বাবে উপকাৰী: ঠাণ্ডা বতাহ আৰু শীতকালত কম আৰ্দ্ৰতাৰ ফলত ছাল আৰু চুলি শুকান হ’ব পাৰে ৷ কণীত অমেগা-3 ফেটি এচিড আৰু ভিটামিন ই থাকে ৷ যিয়ে ছাল হাইড্ৰেটেড আৰু চুলিৰ ভালে ৰখাত সহায় কৰে ৷

পেশীৰ শক্তি: কণী হৈছে প্ৰ’টিনৰ এক ভাল উৎস ৷ যি পেশী শক্তিশালী কৰাত সহায় কৰে ৷ শীতকালত, যেতিয়া মানুহে প্ৰায়ে ব্যায়াম কৰে বা শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰে, কণী খোৱাটোৱে পেশীবোৰ ভালদৰে আৰোগ্য কৰি ৰখাত সহায় কৰে ৷

দৈনিক আমি কিমানটা কণী খোৱা উচিত ?

সাধাৰণতে, এজন স্বাস্থ্যৱান ব্যক্তিক প্ৰতিদিনে ১ ৰ পৰা ২টা কণী খাবলৈ পৰামৰ্শ দিয়া হয় ৷ কেলচিয়ামৰ অভাৱত ভোগা আৰু হিম’গ্লবিনৰ সমস্যা থকা ৫০ বছৰৰ ওৰ্ধৰ মহিলাসকলৰ বাবে কণীয়ে ভাল প্ৰ’টিন হিচাপে কাম কৰে । যাৰ বাবে প্ৰতিদিনে এটাকৈ কণী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷

যদি আপুনি ব্যায়াম কৰে বা শাৰীৰিক কাৰ্যকলাপৰ ক্ষেত্ৰত অধিক সক্ৰিয় হয়, আপুনি ৩টালৈকে কণীও খাব পাৰে ৷ মনত ৰাখিব যে, কণীত কলেষ্টেৰল থাকে, সেয়েহে অধিক কণী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

উৎস:- https://www.deakin.edu.au/research/research-news-and-publications/articles/an-egg-a-day-can-help-maintain-vitamin-d-levels-in-winter#:~:text=People%20with%20low%20vitamin%20D,hours%20decline%2C'%20says%20Prof.

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে কি নিতৌ এই ৭বিধ সামগ্ৰীৰ দ্বাৰা তৈয়াৰী চাহ খোৱা উচিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.