ETV Bharat / health

বানপানীৰ সময়ছোৱাত বিভিন্ন ৰোগৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব ? - Floods and Your Safety

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:09 PM IST

Flood Precautions: বানপানীৰ কি কি ৰোগ হ'ব পাৰে ? এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সন্দৰ্ভত জনালে মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে ।

Doctor advice
বানপানীৰ সময়ছোৱাত বিভিন্ন ৰোগৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব ? (ETV Bharat)

গুৱাহাটী, 12 জুলাই: বানত বিধস্ত ৰাজ্য ৷ উজনিৰ পৰা নামনিলৈ এতিয়া কেৱল বলিয়া বানৰ সংহাৰ ৷ প্ৰতিকূল বতৰ আৰু বানপানীৰ ফলত এই সময়ছোৱাত বহু ৰোগো সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ চৌদিশে পানীৰ বিভীষিকাৰ বাবে বিশেষকৈ বানপানী হোৱা যিসমূহ অঞ্চল আছে সেইসমূহত শিশুৰ পৰা বৃদ্ধলৈ প্ৰায় ভাগে ভাইৰেল জ্বৰ, চৰ্দি আদিত আক্রান্ত হোৱাৰ লগতে জীৱ-জন্তু আদিৰ পৰাও বহুৰোগৰ সংক্ৰমণ হোৱা দেখা যায় ৷ বানপানীৰ এই সময়ছোৱাত বহুতে নিজৰ ঘৰ এৰি শিবিৰ আদিত বাসস্থান পাতিবলগীয়া হয় আৰু এই শিবিৰসমূহত যিহেতু মানুহৰ লগতে জীৱ-জন্তুসমূহো থাকে ৷ সেই জীৱ-জন্তুৰ সমূহৰ পৰাও কিছুমান ৰোগ সংক্ৰমণ হোৱা দেখা যায় ৷

মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়ক (ETV Bharat)

জীৱ-জন্তুসমূহৰ পৰা সংক্ৰমণ হোৱা ৰোগ যেনে-পেট বা পাকস্থলীৰ ৰোগ, ডায়েৰীয়া, পাকস্থলীৰ সংক্ৰমণ, জ্বৰ আদি হোৱা দেখা যায় ৷ ইয়াৰোপৰিও বাৰিষাকালত হোৱা বিভিন্নৰোগ যেনে- মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু আদিৰ সংক্ৰমণো বৃদ্ধি হোৱা দেখা যায় ৷

প্ৰৱল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিত হাওঁফাঁওৰ সংক্ৰমণ হোৱাও পৰিলক্ষিত হয় ৷ প্ৰথমে চৰ্দি লগাৰ পৰা আৰম্ভ কৰি উশাহ-নিশাহৰ সমস্যাৰ আৰু পিচলৈ নিউমোনিয়া পৰ্যন্ত হ'ব পাৰে ৷ লগতে এই সময়ছোৱাত চৰ্মৰোগ আদি হ'ব পাৰে ৷ কাৰণ এই বানপানীৰ পানীত বহুখিনি বীজাণু মিহলি থাকে আৰু কি বীজাণু থাকে সেইটোও ধৰা পেলোৱাটোও সম্ভৱ নহয় ৷

এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) বিশুদ্ধ পানী খাব পাৰিলে ভাল ৷ লগতে খোৱা পানী গৰম কৰি খাব লাগে ৷

২) বাহি বা পুৰণি খাদ্য খাব নালাগে ৷

৩) স্বচ্ছতা বৰ্তাই নৰখাৰ ফলতো ৰোগৰ সৃষ্টি হ'ব পাৰে ৷ সেয়ে যিমান পাৰে স্বচ্ছ হৈ থাকিবলৈ চেষ্টা কৰিব লাগে ৷

৪) কিবা ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷ নিজেই ঘৰুৱাভাৱে কোনো প্ৰতিকাৰ কৰাৰ চেষ্টা কৰিব নালাগে ৷

৫) শাৰীৰিক অসুস্থতাই দেখা দিলেই তৎক্ষণাত চিকিৎসালয়লৈ যাব লাগে ৷

লগতে পঢ়ক: শ্বাসনলীৰ বিকাৰ সম্বন্ধীয় বিষয়ৰ গুৰুত্ব আৰু তাৎপৰ্য - World Airway Disorders Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.