ETV Bharat / health

স্বাভাৱিক ঋতুচক্ৰ কিমান দিনলৈ থাকিব লাগে ? চিকিৎসকৰ পৰা জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 1:23 PM IST

Period Cycle: কাৰোবাৰ ঋতুচক্ৰ যদি ২ দিন আৰু কিছুমানৰ বাবে ৪-৫ দিন । জানো আহক এটা মাহত স্বাভাৱিক ঋতুচক্ৰ কিমান দিন থাকিব লাগে-

For How Many Days a Normal Period Cycle Lasts?
স্বাভাৱিক ঋতুচক্ৰ কিমান দিনলৈ থাকিব লাগে ? চিকিৎসকৰ পৰা জানি লওক

মাহত এবাৰ প্ৰতিগৰাকী কিশোৰীৰ ঋতুচক্ৰ বা ঋতুস্ৰাৱ হয় ৷ কিছুমানৰ ঋতুচক্ৰ ২ দিন, আন কিছুমানৰ মাহেকীয়া ৪-৫ দিনলৈকে থাকে ৷ কেৱল এয়াই নহয়, কিছুমান কিশোৰীৰ ঋতুস্ৰাৱ ৫ দিনতকৈ অধিক হয় ৷ কিন্তু কম বেছি দিন মাহেকীয়া হোৱাটোও স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয় ৷ এনে পৰিস্থিতিত মানুহৰ মনত প্ৰায়ে এটা প্ৰশ্ন থাকে যে স্বাভাৱিক ঋতুচক্ৰ কিমান দিন চলিব লাগে ?

আহক, ফৰ্টিছ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু প্ৰসূতি বিশেষজ্ঞ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বন্দনা সোধিৰ পৰা এই বিষয়ে জানি লওক-

আপোনালোকক জনাই দিও যে, কিশোৰীৰ ঋতুস্ৰাৱ আৰম্ভ হয় ৮ বছৰ বয়সৰ পৰা ৷ অৱশ্যে ইয়াৰ বয়স সকলো কিশোৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে ৷ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ গড় বয়স ১২ বছৰ ৷ একে সময়তে ৫০ বছৰ বয়সৰ পিচত ঋতুস্ৰাৱ অহা বন্ধ হয় ৷ এই অৱস্থাক ৰজোনিবৃত্তি বুলি জনা যায় ৷ ২৮ দিনৰ মূৰে মূৰে ঋতুস্ৰাৱ আহে ৷ কিছুমান কিশোৰীৰ ক্ষেত্ৰত ৩৫ দিনৰ পিচতো আহিব পাৰে ৷

স্বাভাৱিক ঋতুস্ৰাৱ কিমান দিন থাকিব লাগে ?

বয়স অনুসৰি ঋতুস্ৰাৱ বা ঋতুস্ৰাৱৰ সময় বেলেগ বেলেগ হ’ব পাৰে ৷ বয়সস্থ মহিলাতকৈ কিশোৰী বা যুৱতীৰ ঋতুচক্ৰ বেলেগ বেলেগ হয় ৷ উল্লেখ্য যে, স্বাভাৱিক ঋতুস্ৰাৱ ২ ৰ পৰা ৭ দিনলৈকে থাকিব পাৰে ৷ মহিলাসকলৰ এটা ঋতুস্ৰাৱত প্ৰায় ২০ ৰ পৰা ৯০ মিলিলিটাৰ নিৰ্গত হয় ৷ কিছুমান মহিলাৰ ইয়াতকৈ বেছি ৰক্তক্ষৰণ হ’ব পাৰে ৷ সকলো মহিলাৰ Blood Flow বেলেগ বেলেগ হ’ব পাৰে ৷

যেতিয়া কিশোৰী এগৰাকীৰ মাহেকীয়া আৰম্ভ হয় তেতিয়া ইয়াৰ লগত ৰক্ত প্ৰবাহ অধিক হ’ব পাৰে ৷ ইয়াৰ উপৰিও ঋতুচক্ৰও বেছি দিনলৈকে থাকে ৷ কিন্তু বয়স বৃদ্ধিৰ লগে লগে ঋতুচক্ৰ চুটি হৈ পৰে ৷ কেৱল বয়সেই নহয়, হাইপ’থাইৰয়ডিজম, পিচিঅ’ডি বা ডায়েবেটিছ আদি কিছুমান স্বাস্থ্যজনিত সমস্যাই ঋতুচক্ৰতো প্ৰভাৱ পেলাব পাৰে ৷

ঋতুচক্ৰ কেনেকৈ সুস্থ কৰি ৰাখিব ?

  • ঋতুচক্ৰ সুস্থ কৰি ৰাখিবলৈ মানসিক চাপ আৰু উদ্বেগ পৰিহাৰ কৰিব লাগে ৷
  • ইয়াক সঠিকভাৱে ৰাখিবলৈ যোগ আৰু প্ৰাণায়ামো কৰিব লাগিব ।
  • মাহেকীয়া নিয়মীয়া কৰিবলৈ ভাল আহাৰ গ্ৰহণ কৰাটোও জৰুৰী ৷
  • ইয়াৰ বাবে খাদ্য তালিকাত ভিটামিন আৰু প্ৰ’টিন অন্তৰ্ভুক্ত কৰিব লাগিব ৷

লগতে পঢ়ক: কবি মানচুৰিয়ান-কটন কেণ্ডী খাবলৈ ভাল পায় নেকি ? তেন্তে আজিয়েই কৰক ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.