এদিনত চাৰিটাকৈ কণী ! ভুলতো আশা নকৰিব পজিটিভ ৰিজাল্ট - how much egg per day is good - HOW MUCH EGG PER DAY IS GOOD
Egg side effects: সাৱধান, কণী খাই ভালপোৱাসকল ৷ যদি আপুনি প্ৰতিদিনে অত্যধিক কণী খাই, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে । স্বাস্থ্য উন্নত কৰাৰ নামত অনুন্নত কৰি নল’ব । অত্যধিক কণী খোৱা কিমান বিপদজনক সেয়া জানি লওক-


Published : Mar 30, 2024, 1:50 PM IST
কণী আপোনাৰ বাৰু প্ৰিয় খাদ্য নেকি ? আমি সকলোৱে জানো যে কণীত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে ৷ সেয়ে হয়তো সকলোৱে খাদ্যৰ তালিকাত কণী নিশ্চয় অন্তভুক্ত কৰে ৷ পিছে এদিনত আপুনি কিমানটা কণী খায় বাৰু ? যদিহে আপুনি এদিন অধিক প্ৰ’টিনৰ আকাংক্ষাত চাৰিটাতকৈ অধিক কণী খায় তেন্তে সাৱধান ৷ কিয়নো আপুনি গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে ৷
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱে অধিক প্ৰ’টিনৰ বাবে এদিনত কিমান কণী খাব লাগে সেই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে ৷ তেওঁ কয় যে কণীক প্ৰ’টিনৰ ভাল উৎস বুলি গণ্য কৰা হয় । কণীত ভিটামিন B প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন B ১২, বায়’টিন, ৰাইব’ফ্লেভিন, থাইয়ামিন আৰু চেলেনিয়ামও থাকে । এই সকলোবোৰ ভিটামিন ভাল ছাল, চুলি আৰু নখৰ বাবে অতি প্ৰয়োজনীয় ।
তেওঁৰ মতে, ৪০ বছৰৰ উৰ্ধৰ এজন ব্যক্তিয়ে দৈনিক এটাকৈ কণী খাব লাগে । ইয়াৰ দ্বাৰা ৪০ বছৰৰ উৰ্ধৰ ব্যক্তিজনৰ প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হয় । যিসকল লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হয় তেওঁলোকে কেৱল কণীৰ বগা অংশটোহে খায় ৷ কাৰণ ই চৰ্বিমুক্ত আৰু কম কেল’ৰিযুক্ত । ইয়াৰ উপৰিও কণী খালে পেশী গঠন হয় আৰু শৰীৰৰ ওজনো বৃদ্ধি নহয় ।
বাদামী আৰু বগা দুয়োটা কণীতে সমান পৰিমাণে প্ৰ’টিন থাকে -
ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱে কয় যে সাধাৰণতে বজাৰত দুবিধ কণী পোৱা যায় । এটা কণী বগা আৰু আনটো বাদামী ৰঙৰ দৰে কিছু ৰঙচুৱা হয় । মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে বগা কণীতকৈ ব্ৰাউন বা বাদামী ৰঙৰ কণীত অধিক পুষ্টিকৰ উপাদান থাকে । কিন্তু এয়া এটা ভুল ধাৰণাহে মাত্ৰ ৷

তেওঁ কয় যে পুষ্টিৰ দৃষ্টিকোণৰ পৰা বাদামী আৰু বগা ৰঙৰ দুয়োটা কণীতে একে পৰিমাণৰ প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । দুয়োবিধেই ভিটামিন B ১২, ভিটামিন D, ৰাইব’ফ্লেভিন, চেলেনিয়াম আৰু কলিনৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে, যি সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
দৈনিক কিমান কণী খাব পাৰি ?
ডাঃ আনন্দ কুমাৰ শ্ৰীবাস্তৱৰ মতে যদি কোনো ব্যক্তিয়ে দৈনিক এটাকৈ কণী খাই, তেন্তে তেওঁৰ স্বাস্থ্যৰ বাবে সেয়া স্বাস্থ্যৰ বাবে উত্তম ৷ তেনে ব্যক্তিৰ শৰীৰত ভিটামিন আৰু প্ৰ’টিনৰ অভাৱ নহয় ।
কণীৰ কোনটো অংশ স্বাস্থ্যৰ বাবে উপকাৰী ?
তেওঁ কয় যে বহু যুৱক-যুৱতীয়ে শৰীৰ চৰ্চা কৰে বাবে খাদ্যত কণীৰ বগা অংশহে গ্ৰহণ কৰে আৰু হালধীয়া অংশটো এৰি দিয়ে ৷ কিয়নো কণীৰ হালধীয়া অংশত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল থাকে ৷ যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় ।

গ্ৰীষ্মকালত কেনেধৰণৰ সমস্যা আহি পৰে ?
যদি কোনো ব্যক্তিয়ে গ্ৰীষ্মকালত কণী খোৱাৰ পিচত ফোঁহা বা পেটৰ কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।
প্ৰতিদিনে চাৰিটা কণী খোৱাৰ পাচত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হয় -
- গ্ৰীষ্মকালত অতিমাত্ৰা কণী খোৱাটো ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে গ্ৰীষ্মকালত দুটাতকৈ অধিক কণী খাব নালাগে ।
- দৈনিক চাৰিটা কণী খোৱা ব্যক্তিয়ে হৃদযন্ত্ৰৰ সমস্যাত ভুগিব পাৰে ।
- কণীত প্ৰজেষ্টেৰনো থাকে ৷ শৰীৰৰত যদি প্ৰজেষ্টেৰনৰ মাত্ৰা বৃদ্ধি হয় ফোঁহা অথবা পিম্পলছ হয় ।
অত্যধিক ৰূপত কণীৰ কুহুম খালে শৰীৰত কলেষ্টেৰল বৃদ্ধি হয় ।
লগতে পঢ়ক : আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - Moringa Oleifera Benefits