আমাৰ মাজৰ প্ৰায় সকলোৰে ঘৰত আচাৰ থাকে ৷ গৰম চাউলত তৰকাৰী বা দালিৰ লগতে আচাৰ অকণমান থাকিলে ইয়াৰ সোৱাদ আৰু বৃদ্ধি হয়৷ আম, আমলখি, নেমু, তেঁতেলী আদি আচাৰ প্ৰায়ভাগ ভাৰতীয়ৰ ঘৰত উপলব্ধ ৷ এনে বহুলোক আছে যিয়ে ঘৰত যি তৰকাৰীয়েই প্ৰস্তুত নকৰক কিয়, যদি লগত আচাৰ নাথাকে তেন্তে খাবলৈ তৃপ্তি নাপায় ৷ কিন্তু দৈনিক আচাৰ খোৱাটো স্বাস্থ্যৰ বাবে ভাল নে ? হায়দৰাবাদৰ অন্তঃস্ৰাৱ বিশেষজ্ঞ ডাঃ ৰবি শংকৰ ইৰুকুলপতিৰ পৰা এই বিষয়ে কি ক’লে জানো আহক-
সেউজীয়া ৰঙৰ কথা ভাবিলে আমাৰ মনলৈ আমৰ কথা ৷ গ্ৰীষ্মকালত প্ৰতি ঘৰে ঘৰে পৰ্যাপ্ত পৰিমাণৰ আমৰ আচাৰ টেমাত এবছৰলৈকে ৰখা হয় ৷ ইয়াৰ উপৰিও নেমু, আমলখি আৰু তেঁতেলী আদিৰ আচাৰো ঋতু অনুসৰি ৰখা হয় ৷ কিন্তু আচাৰ দীৰ্ঘদিন ধৰি ৰাখিবলৈ যথেষ্ট পৰিমাণৰ নিমখ আৰু তেলৰ প্ৰয়োজন হয় ৷ ডাঃ ৰবি শংকৰে কয় যে আচাৰ দৈনিক খালে আমাৰ শৰীৰত কিছু পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে ৷
কোনো পুষ্টিকৰ উপাদান নাথাকে !
যদি আপুনি ভাত বা ৰুটিৰ লগত কেৱল আচাৰ খায়, তেন্তে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিব নোৱাৰে ৷ ইয়াৰ ফলত ওজন বৃদ্ধি পাব পাৰে ৷ সেইবাবেই এণ্ডক্ৰাইন’লজিষ্ট ডা. ৰবি শংকৰ এৰুকুলাপতিয়ে যিকোনো তৰকাৰী/শাক-পাচলি বা দালি আদিৰ লগত আচাৰ খাবলৈ পৰামৰ্শ দিয়ে ৷
ৰক্তচাপ, কেন্সাৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত বিপদ: অত্যধিক আচাৰ খোৱা লোকসকলে মৰিচা আৰু মছলাৰ বাবে পেট ফুলা, ডায়েৰিয়া আৰু পাচনতন্ত্ৰৰ সমস্যাত ভুগিব পাৰে ৷ লগতে সকীয়াই দিয়া হৈছে যে, অত্যধিক আচাৰ খালে কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় গতিকে ডাঃ ৰবি শংকৰে কয় যে, আচাৰৰ সেৱন যিমান পাৰি কম কৰিব লাগে ৷ আচাৰত অধিক পৰিমাণৰ তেল থকাৰ বাবে শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে ৷ ডাঃ ৰবি শংকৰ এৰুকুলাপতিয়ে কয় যে, ইয়াৰ ফলত ওজন বৃদ্ধি পাব ৷ লগতে কোৱা হয় যে অতিৰিক্ত নিমখৰ বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ আশংকা থাকে ৷ অতিমাত্ৰা আচাৰ খালে এই সমস্যা বাঢ়িবও পাৰে!