ETV Bharat / health

চিৰাৰে ঘৰতে অতি সহজে তৈয়াৰ কৰক এই সুস্বাদু বড় - Poha Cutlet Recipe - POHA CUTLET RECIPE

Poha Cutlet: বাৰিষাকাল পৰাৰ লগে লগে আমাৰ পকৰি, বড় আদি খোৱাৰ ইচ্ছা বাঢ়ি যায় ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে এনে এক বড়ৰ ৰেচিপি লৈ আহিছো যাক আপুনি অতি সহজে ঘৰতে অতি কম সামগ্ৰীৰ সৈতে তৈয়াৰ কৰি খাব পাৰে ৷

During the monsoon Try this delicious Poha Cutlet at home, note the recipe
চিৰাৰে ঘৰতে অতি সহজে তৈয়াৰ কৰক এই সুস্বাদু বড় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:40 PM IST

বাৰিষা অহাৰ লগে লগে আমাৰ গৰমে গৰমে বড়জাতীয় খাদ্য খাবলৈ ইচ্ছা বাঢ়ি যায় ৷ তেনেস্থলত আজি আমি আপোনালোকৰ বাবে এনে এক সহজ বড়ৰ ৰেচিপি লৈ আহিছো যাক তৈয়াৰ কৰাটোও সহজ আৰু খাবলৈও অতি সুস্বাদু ৷ তেন্তে চাও আহক ইয়াক কেনেকৈ তৈয়াৰ কৰিব পাৰি ৷

During the monsoon Try this delicious Poha Cutlet at home, note the recipe
চিৰাৰে ঘৰতে অতি সহজে তৈয়াৰ কৰক এই সুস্বাদু বড় (FREEPIK)

আপুনিও নিশ্চয় বহুবাৰ ব্ৰেকফাষ্টত চাহৰ সৈতে চিৰা খাইছে । ই কেৱল এবিধ লঘু খাদ্যই নহয় বৰঞ্চ ইয়াৰ সোৱাদো আচৰিত ধৰণৰ । সেয়ে আজি আমি আপোনালোকৰ বাবে চিৰাৰে তৈয়াৰ কৰিব পৰা এবিধ কাটলেটৰ সহজ ৰেচিপি লৈ আহিছো যি মচমচীয়া হোৱাৰ লগতে, স্বাস্থ্যকৰ আৰু খাবলৈও অতি সুস্বাদু । জানো আহক ৰেচিপি-

সামগ্ৰী :

  • চিৰা- ১ কাপ
  • আলু- ১
  • পিঁয়াজ- ১
  • বিলাহী- ১/২
  • চাট মছলা- ১/২ চামুচ
  • ৰঙা জলকীয়াৰ গুড়ি- ১/২ চামুচ
  • সেউজীয়া ধনীয়া– গাৰ্নিচৰ বাবে
  • পিঠাগুড়ি- ১ চামুচ
  • তেল – ভাজিবৰ বাবে
  • নিমখ- ৰুচি অনুসৰি

পদ্ধতি :

  • চিৰা কাটলেট বনাবলৈ প্ৰথমে চিৰাখিনি পানীৰে অলপ ধুই লওক ।
  • এতিয়া ষ্ট্ৰেনাৰত থৈ সকলো পানী উলিয়াই লওক ।
  • এটা এতিয়া চিৰাখিনি এটা পাত্ৰত স্থানান্তৰিত কৰি লওক ৷
  • তাৰ পিচত আলু সিজাই বাকলি উলিয়াই লওক ।
  • তাৰ পিছত বিলাহী আৰু পিঁয়াজখিনি মিহিকৈ কাটি লওক ।
  • এতিয়া চিৰাখিনিত বিলাহী, পিঁয়াজ, চাট মছলা, ৰঙা জলকীয়াৰ গুড়ি, ৰুচি অনুযায়ী নিমখ আৰু সেউজীয়া ধনীয়া দি দিয়ক ।
  • এতিয়া আলুখিনি মিশ্ৰণখিনিত দি পিটিকা কৰি লওক আৰু তাৰ পিচত আপোনাৰ পছন্দ অনুসৰি ঘূৰণীয়া বলৰ দৰে বা আপোনাৰ পছন্দ অনুসৰি যিকোনো আকৃতি দিয়ক ।
  • কাটলেটবোৰ এটা এটাকৈ চাউলৰ আটাত কোট কৰি গৰম তেলত ভালদৰে ফ্ৰাই হ’বলৈ দিয়ক ।
  • পাতল সোণালী হোৱালৈকে ইয়াক ভাজি লওক ।
  • এবাৰ মচমচীয়া হ’লে তেলৰ পৰা উলিয়াই তাত অলপ চাট মছলা দি আপোনাৰ প্ৰিয় চাটনিৰ সৈতে গৰমে গৰমে পৰিবেশন কৰক ।
লগতে পঢ়ক: বাৰিষাৰ বতৰত চাহ-পকৰি খায় নেকি ? তেন্তে এবাৰ পঢ়ক এই প্ৰতিবেদন - Tea Pakora Combination

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.