ETV Bharat / health

শুকান ফলে মেদবহুলতা বৃদ্ধি কৰে নেকি ? কি কয় গৱেষণাই - মেদবহুলতা

Dry Fruits: শেহতীয়া এক অধ্যয়নে কাঠবাদাম আৰু পিষ্টাচিয়াৰ দৰে শুকান ফল খোৱাৰ বিষয়ে এক সাধাৰণ ভুল ধাৰণা দূৰ কৰিছে । যাৰ বিষয়ে হয়তো বহুলোকেই জ্ঞাত নহয়-

dry fruits have no relation with obesity research says almonds and pistachios do not cause weight gain
শুকান ফলে মেদবহুলতা বৃদ্ধি কৰে নেকি ? কি কয় গৱেষণাই
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 8:12 PM IST

শেহতীয়া কৰা এক অধ্যয়নে কাঠবাদাম আৰু পিষ্টাচিয়াৰ দৰে শুকান ফল খোৱাৰ বিষয়ে এক সাধাৰণ ভুল ধাৰণা দূৰ কৰিছে ৷ আমেৰিকাৰ ভেণ্ডাৰবিল্ট ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ গৱেষকসকলে এই বাদাম খালে পেটৰ চৰ্বি বৃদ্ধি নহয় বৰঞ্চ ওজন নিয়ন্ত্ৰণতহে সহায় কৰে আৰু ই শক্তিৰ এক উন্নত উৎস ৷

যিহেতু শুকান ফলত কেলৰি আৰু চৰ্বি বেছি থাকে, গতিকে ইয়াক খালে ওজন বৃদ্ধি হয় বুলি এটা সাধাৰণ ভুল ধাৰণা আছে ৷ কিন্তু, কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক কাঠবাদাম আৰু পিষ্টাচিঅ’ৰ দৰে বাদাম খালে মানুহে শক্তি লাভ কৰাৰ লগতে ই পুষ্টিকৰ, আৰু বহনযোগ্য স্নেক হিচাপেও উপভোগ কৰাৰ এক সহজ উপায় ৷ এই অধ্যয়ন ‘Nutrients’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে ৷

৮৪ জন অংশগ্ৰহণকাৰীৰ ওপৰত কৰা অধ্যয়ন

গৱেষকসকলে ২২ৰ পৰা ৩৬ বছৰ বয়সৰ ভিতৰৰ ৮৪জন যুৱকক অন্তৰ্ভুক্ত কৰিছিল, যিসকলৰ অন্ততঃ এটা মেটাবলিক চিনড্ৰমৰ ৰিস্ক ফেক্টৰ আছিল, যেনে উচ্চ ৰক্তচাপ, উচ্চ ৰক্ত শৰ্কৰা, কঁকালৰ চাৰিওফালে অতিৰিক্ত চৰ্বি বা তেজত কলেষ্টেৰলৰ মাত্ৰা অস্বাভাৱিক হোৱা ৷ অংশগ্ৰহণকাৰীসকলক ১৬ সপ্তাহৰ বাবে দৈনিক দুবাৰকৈ এমুঠিমান মিশ্ৰিত, নিমখবিহীন বাদাম (পিষ্টাচিঅ’কে ধৰি) বা এমুঠিমান কাৰ্বহাইড্ৰেট ব্ৰেকফাষ্ট (যেনে নিমখবিহীন প্ৰেটজেল বা গ্ৰেহাম ক্ৰেকাৰ) দিয়া হৈছিল ৷ গৱেষকসকলে বাদাম খোৱা মহিলাৰ ক্ষেত্ৰত মেটাবলিক চিনড্ৰমৰ সম্ভাৱনা ৬৭% হ্ৰাস পোৱাৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰত ৪২% হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷

শুকান ফলবোৰে ওজন নিয়ন্ত্ৰণত কেনেদৰে সহায় কৰে ?

বাদাম খোৱা অংশগ্ৰহণকাৰীসকলে কাৰ্বহাইড্ৰেটযুক্ত ব্ৰেকফাষ্ট খোৱাসকলতকৈ চৰ্বিক শক্তি হিচাপে অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল, যাৰ পৰা প্ৰমাণিত হয় যে অধ্যয়নৰ সময়ছোৱাত বাদাম খোৱা গোটটোৱে শৰীৰৰ ওজন বা শৰীৰৰ চৰ্বি কিয় বৃদ্ধি কৰা নাছিল ৷ ১৬ সপ্তাহৰ হস্তক্ষেপৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে খোৱা কেলৰিৰ সংখ্যা মিলাই শৰীৰৰ ওজনৰ ওপৰত বাদাম খোৱাৰ স্বতন্ত্ৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ এই অধ্যয়নৰ ডিজাইন কৰা হৈছিল ৷ দৈনিক হ্ৰাস কৰা কেলৰিৰ মিল কৰা হৈছিল, যিটো অধ্যয়নৰ ডিজাইন আৰু ফলাফলৰ ভিতৰত অন্যতম ৷

শুকান ফল খোৱাৰ স্বাস্থ্য উপকাৰিতা

কাঠবাদাম, আখৰোট, কিচমিচৰ দৰে শুকান ফলৰ দ্বাৰা স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন হয় ৷ ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ইহঁতে সামগ্ৰিক স্বাস্থ্যক সমৰ্থন কৰে ৷ এই পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ ব্ৰেকফাষ্টে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি আৰু সুস্থ ৰক্তচাপক সমৰ্থন কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷ ইয়াৰ উপৰিও ইহঁতৰ আঁহৰ পৰিমাণে পাচনত সহায় কৰে, কোষ্ঠকাঠিন্য হ্ৰাস কৰে আৰু অন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে ৷ শুকান ফলৰ উচ্চ কেলৰি আৰু পুষ্টিকৰ উপাদানৰ বাবে শক্তিৰ মাত্ৰাও বৃদ্ধি কৰা বুলি জনা যায়, যাৰ বাবে ই গোটেই দিনটো স্থায়ী শক্তিৰ বাবে এক উত্তম স্নেক৷ খাদ্যত বিভিন্ন ধৰণৰ শুকান ফল নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক: দীৰ্ঘ সময় চকীত বহি কাম কৰাৰ অভ্যাসে বিপদ মাতিব পাৰে আপোনালৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.