ETV Bharat / health

প্লাষ্টিকৰ বটলত পানী খায় নেকি ? তেন্তে সৰ্বনাশ! - Drinking Water in Plastic Bottle - DRINKING WATER IN PLASTIC BOTTLE

Drinking Water in Plastic Bottle: আজিকালি মানুহে প্লাষ্টিকৰ বটল সহজে উপলব্ধ হোৱাৰ বাবে বেছিকৈ ব্যৱহাৰ কৰে । কিন্তু আপুনি জানেনে প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থই স্বাস্থ্যৰ কিমান ক্ষতি কৰে ।

Drinking water in plastic bottles causes many health problems, know about them from the doctor
প্লাষ্টিকৰ বটলত পানী খায় নেকি ? তেন্তে সৰ্বনাশ! (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 9:25 PM IST

প্লাষ্টিকে আমাৰ জীৱনত ইমানেই প্ৰভাৱ পেলাইছে যে প্লাষ্টিক অবিহনে আজিৰ পৃথিৱীখন কল্পনাই কৰিব নোৱাৰি ৷ মানুহ প্লাষ্টিকৰ ওপৰত ইমানেই নিৰ্ভৰশীল যে খোৱাপানীৰ বটলৰ পৰা আৰম্ভ কৰি খাদ্য ৰখা টিফিন বাকচটো আৰু প্ৰয়োজনীয় সকলো বস্তুতে প্লাষ্টিক ব্যৱহাৰ কৰি আছে ৷ প্লাষ্টিকৰ বটলটোত থকা জুইচ বা ক’ল্ড ড্ৰিংক খাই বহুলোকে তাক পেলাই নিদি আকৌ ব্যৱহাৰ কৰে ৷

কিছুমান মানুহে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সচেতন যদিও বহু লোকে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে একোৱে নাজানে ৷ তেওঁলোকে নাজানে প্লাষ্টিকৰ ব্যৱহাৰ মানৱ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই শৰীৰৰ কিমান ক্ষতি কৰিব পাৰে আৰু প্ৰকৃতিৰ লগতে মানুহৰ শৰীৰৰ কিমান ক্ষতি কৰে ৷ আজি এই বিষয়ে জানো আহক-

প্লাষ্টিকৰ বটলত পানী খোৱাৰ অপকাৰিতা

কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ সৃষ্টি কৰে

সীহ, কেডমিয়াম আৰু পাৰাৰ দৰে প্লাষ্টিকত পোৱা ৰাসায়নিক পদাৰ্থই শৰীৰত কৰ্কট ৰোগ, অক্ষমতা, ৰোগ প্ৰতিৰোধ ক্ষমতাত অসুবিধা আদি গুৰুতৰ ৰোগ সৃষ্টি কৰে আৰু লগতে শিশুৰ বিকাশতো প্ৰভাৱ পেলায় ৷

হাইপোথাইৰয়ডিজমৰ কাৰণ

BPA অৰ্থাৎ Bisphenol A য়ে থাইৰয়ড হৰম’ন ৰিচেপ্টৰৰ পৰিমাণ হ্ৰাস কৰে ৷ যাৰ বাবে হাইপ’থাইৰয়ডিজমৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে ৷ প্লাষ্টিকে আমাৰ শৰীৰৰ আন আন দিশতো ক্ষতি কৰিব পাৰে ৷ এক গৱেষণাৰ মতে প্লাষ্টিকৰ বটলত EDC অৰ্থাৎ Endocrine Disrupting Chemical ৰ দৰে অতি বিপজ্জনক আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পোৱা যায় ৷ যিয়ে লাহে লাহে কিন্তু প্ৰত্যক্ষভাৱে মানুহৰ হৰম’ন তন্ত্ৰৰ ক্ষতি কৰে ৷

ডিম্বাশয়ৰ লগত জড়িত ৰোগ

প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাৰ ক্ষেত্ৰতো ডিম্বাশয় সম্পৰ্কীয় ৰোগ, স্তন কেন্সাৰ, কলন কেন্সাৰ, প্ৰষ্টেট কেন্সাৰৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ U.S. Food and Drug Administrationএ কয় যে, যেতিয়া প্লাষ্টিক গৰম হয় তেতিয়া ইয়াৰ পৰা ৫০ৰ পৰা ৬০টা বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় আৰু এয়া শৰীৰৰ বাবে অত্যন্ত বিপজ্জনক ৷ Asthma, Pulmonary cancer, Lung cancer আদি ৰোগে দেখা দিয়ে ৷ ইয়াৰ ফলত স্নায়ুতন্ত্ৰ আৰু মগজুৰো ক্ষতি হয় ৷ এই কাৰণতে বৃক্কৰ ৰোগো হয় ৷

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকৰ পুনঃব্যৱহাৰেৰে প্ৰদূষণ হ্ৰাসৰ প্ৰচেষ্টা কলিয়াবৰ মহাবিদ্যালয়ৰ - Waste Plastic Recycling

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.