ETV Bharat / health

কেৱল পিয়াহ দূৰ কৰাই নহয় এই ৫টা ৰোগ নিৰাময়ৰ বাবেও উপকাৰী মাটিৰ কলহৰ পানী - Matka Water - MATKA WATER

Is it Safe to Drink Matka Water: যুগ যুগ ধৰি মানুহে পানী ঠাণ্ডা কৰিবলৈ মাটিৰ কলহ ব্যৱহাৰ কৰি আহিছে । ইয়াৰ এটা মূল কাৰণ হ’ল ইয়াত জমা হৈ থকা পানীৰ উপকাৰিতা, যাৰ বিষয়ে আপুনি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব ।

Drinking water from Matka not only quenches thirst, it also cures these 5 diseases
কেৱল পিয়াহ দূৰ কৰাই নহয় এই ৫টা ৰোগ নিৰাময় কৰাতো সক্ষম মাটিৰ কলহৰ পানী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 7:52 PM IST

যদি আপুনি গ্ৰীষ্মকালত পানী ঠাণ্ডা কৰিবলৈ ফ্ৰীজ ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে আছে এক উপকাৰী বিকল্প ৷ আজিয়েই বজাৰৰ পৰা এটা মাটিৰ কলহ কিনি আনক ৷ আমি আপোনালোকক এই পৰামৰ্শ দিছো, কাৰণ মাটিৰ পাত্ৰৰ পানী স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ৷ ৰিচাৰ্চ গেট ডট নেটত প্ৰকাশিত এক অধ্যয়নতো মাটিৰ পাত্ৰৰ পানীৰ উপকাৰিতা নিশ্চিত কৰা হৈছে ৷ যদি আপুনি ইয়াৰ উপকাৰিতা নাজানে তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

হজম শক্তি উন্নত কৰা

যদি আপুনিও গৰমৰ দিনত হজম শক্তিৰ সমস্যাত ভুগি আছে, তেন্তে মাটিৰ পাত্ৰৰ পৰা পানী খোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ মাটিত থকা ক্ষাৰকীয়, খনিজ পদাৰ্থ আৰু নিমখৰ বাবে এনে হয় ৷

শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা

বাৰে বাৰে অসুস্থ হোৱাৰ কাৰণ হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা ৷ মাটিৰ পাত্ৰৰ পৰা পানীয়ে ইয়াক শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয় ৷ মাটিত উপস্থিত থকা পুষ্টিকৰ পদাৰ্থই পানীৰ পৰা বিষাক্ত পদাৰ্থ হ্ৰাস কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে ৷

হিটষ্ট্ৰোক প্ৰতিৰোধ

গ্ৰীষ্মকালত হিটষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মাটিৰ কলহৰ পৰা পানী খাব লাগে ৷ মাটিৰ পাত্ৰৰ পানীত থকা পুষ্টিকৰ উপাদানে শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷

ডিঙিৰ বিষ প্ৰতিৰোধ কৰে

ফ্ৰীজৰ পানী খালে ডিঙিৰ বিষ, চৰ্দি, কাহ আদি সমস্যাৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ মাটিৰ পাত্ৰৰ পানী অতি উপকাৰী ৷ কাৰণ ই পানীখিনিক প্ৰাকৃতিকভাৱে শীতল কৰি ৰাখে ৷

ছালখন পৰিষ্কাৰ কৰি ৰাখে

গ্ৰীষ্মকালত ছালৰ সমস্যা বহুত বৃদ্ধি পায়, এনে পৰিস্থিতিত মাটিৰ পাত্ৰৰ পানী অতি উপকাৰী বুলি প্ৰমাণিত হয় ৷ ই ক্ষাৰকীয় যিয়ে পানীৰ পি এইচ স্তৰ বজাই ৰাখে, ই ছালখনক হাইড্ৰেট কৰি ৰাখে ৷

লগতে পঢ়ক: প্লাষ্টিকৰ বটলত পানী খায় নেকি ? তেন্তে সৰ্বনাশ! - Drinking Water in Plastic Bottle

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.