ETV Bharat / health

আপুনিও হুক্কা খায় নেকি ? জানি লওক ইয়াৰ ক্ষতিকাৰক দিশসমূহ - হুক্কা

Hookah Side Effects: বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত হুক্কা অতি প্ৰচলিত তথা ই এক উন্মাদনালৈ পৰিণত হৈছে ৷ ইফালে হুক্কা খোৱাৰ ফলত স্বাস্থ্যৰ ভয়াৱহ ক্ষতিৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ণাটকত হুক্কা নিষিদ্ধ কৰা হৈছে ।

Do you smoke hookah too? Before you do, know the harms
আপুনিও হুক্কা খায় নেকি ? তাৰ পূৰ্বে জানি লওক ইয়াৰ ক্ষতিকাৰক দিশসমূহ
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:54 PM IST

অতীজৰে পৰা মানুহে হুক্কা খাই আহিছে । আজিকালি যুৱক-যুৱতীসকলৰ মাজতো ইয়াৰ উন্মাদনা যথেষ্ট বৃদ্ধি পাইছে । অৱশ্যে যুৱক-যুৱতীসকলে ধঁপাতজাতীয় নহয় ভিন্ন সোৱাদত উপলব্ধ হুক্কাহে গ্ৰহণ কৰে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ধঁপাতৰ হুক্কাতকৈ ই কম ক্ষতিকাৰক ।

শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে ৰাজ্যৰ ৰাজহুৱা স্থানত ধূমপান আৰু হুক্কা বিক্ৰী নিষিদ্ধ কৰিছে ৷ ইয়াত যুৱক-যুৱতীসকলৰ মাজত হুক্কা সেৱনৰ ধাৰা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ওপৰত খৰচৰ বোজা কমোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই কাম কৰা হৈছে ৷ আপোনালোকক জনাই দিও যে, WHO ৰ Global Adult Tobacco Survey 2016-17ৰ মতে, কৰ্ণাটকৰ ২২.৮ শতাংশ যুৱকে ধঁপাত সেৱন কৰে ৷

হুক্কা খোৱাটো কিয় বিপদজনক ?

ষ্টেনফৰ্ড মেডিচিনৰ মতে, এটা হুক্কা চেচন প্ৰায় এঘণ্টা ধৰি চলি থাকে, যিটো ১০০টা চিগাৰেট খোৱাৰ সমতুল্য ৷ এনে পৰিস্থিতিত যদি আপুনি প্ৰতিদিনে হুক্কা সেৱন কৰে তেন্তে অতি সোনকালে আপুনি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷

হুক্কা খোৱাৰ অসুবিধা

ধঁপাত খোৱা হওক বা সোৱাদযুক্ত হুক্কা, দুয়োটাতে স্বাস্থ্যজনিত বিপদ আছে ৷ আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে, হুক্কা সেৱন হাওঁফাওঁ, মূত্ৰাশয়, মুখৰ কৰ্কট ৰোগ আৰু হৃদৰোগৰ প্ৰধান কাৰক ৷

ইয়াৰ উপৰিও ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ভিতৰত হাওঁফাওঁৰ কাৰ্যক্ষমতা হ্ৰাস, ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ, খাদ্যনলীৰ কৰ্কট ৰোগ আৰু গেষ্ট্ৰিক কেন্সাৰ আদি অন্তৰ্ভুক্ত ৷ একে সময়তে হ্ৰস্বম্যাদী প্ৰভাৱৰ ভিতৰত হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি, নিচা ৷

এই কাৰণেই হুক্কা খোৱাটো বিপদজনক

হুক্কাৰ ধোঁৱাত কমেও ৮২টা বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু কাৰ্চিনোজেন চিনাক্ত কৰা হৈছে ৷ যদিও ধোঁৱা পানীৰ মাজেৰে পাৰ হৈ যায়, তথাপিও ধঁপাতৰ পৰা নিৰ্গত হোৱা বিপজ্জনক, মাদক ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ হ্ৰাস বা নাইকিয়া নকৰে ৷

লগতে পঢ়ক: ধূমপান ত্যাগ কৰিলে ১৭% হ্ৰাস পাব পাৰে কেন্সাৰৰ সম্ভাৱনা: গৱেষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.