ETV Bharat / health

ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়াৰ দিনা কৰক এই পূজা - Akshaya Tritiya 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:57 PM IST

Akshay Tritiya: অক্ষয় তৃতীয়ৰ দিনা তাৎপৰ্য কি ? ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়ৰ দিনা কি নিয়ম পালন কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ।

Akshay tritiya
ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়াৰ দিনা কৰক এই পূজা (SOURCE: CANVA)

ধন-সম্পত্তি বৃদ্ধিৰ বাবে অক্ষয় তৃতীয়াৰ দিনা কৰক এই পূজা (SOURCE: ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে’: শুকুৰবাৰে অক্ষয় তৃতীয়া । অক্ষয় তৃতীয়া এনেকুৱাই এটা শুভ দিন যিটো দিনত আপুনি পঞ্জিকা নোচোৱাকৈ যি কোনো ধৰণৰ শুভ কাম কৰিব পাৰে । সাধাৰণতে যিকোনো এটা শুভ কাম কৰাৰ পূৰ্বে পঞ্জিকাত শুভদিন, বাৰ, নক্ষত্ৰ চাব লাগে । কিন্তু অক্ষয় তৃতীয়াাৰ দিনটোত কোনো তিথি চাব নালাগে । কাইলৈ অক্ষয় তৃতীয়াৰ ৰাতিপুৱা ৫.৩৩ মিনিটৰ পৰা দুপৰীয়াৰ ১২.১৮ মিনিটলৈ এই সময়ছোৱা বহু বেছি শুভ সময় ।

অক্ষয় তৃতীয়া দিনটো কিয় পৱিত্ৰ দিন হিচাপে গণ্য কৰা হয় ?

ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিৰ দিনটো অক্ষয় তৃতীয়াা হিচাপে পালন কৰা হয় । পৌৰাণিক আখ্যান অনুসৰি অক্ষয় তৃতীয়াৰ এই দিনটোত বিষ্ণুৰ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল । লগতে এই দিনটোতে মা গংগা পৃথিৱীৰ বুকুলৈ নামি আহিছিল । অক্ষয় তৃতীয়াাৰ এই দিনটোতে ব্যাসদেৱে মহাভাৰতৰ লিখিবলৈ আৰম্ভ কৰিছিলে । লগতে এক মান্যতা আছে যে অক্ষয় তৃতীয়াাৰ দিনটোত যদি মদ্ভাগৱত গীতাৰ ১৮ নম্বৰ পাঠটো পঢ়িব পৰা যায় তেন্তে মোক্ষ প্ৰাপ্তিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি ।

অক্ষয় তৃতীয়াাৰ এই দিনটোতে অন্নপূৰ্নাৰ আৱিৰ্ভাৱ হৈছিল বুলিও কোৱা হয় । লগতে এইখিনি সময়তে যুধিষ্ঠিৰে অন্নপূৰ্নাৰ পাত্ৰটো লাভ কৰিছিল । লগতে এই দিনটোতে মহাদেৱৰ শিৱই লক্ষ্মী আৰু কুৱেৰক পূজা কৰিবলৈ বিধান দিছিল । এই দিনটোত লক্ষ্মী আৰু কুৱেৰক পূজা কৰিলে কাৰো দিনত ধন সম্পত্তি অভাৱ নহয় ।

অক্ষয় তৃতীয়াাৰ এই সময়খিনিত আমি ঘৰত কি কৰিব পাৰো ?

অক্ষয় তৃতীয়াাৰ এই সময়খিনিত আমি যিকোনো শুভ কাম সম্পন্ন কৰিব পাৰো । লগতে এই সময়ছোৱাত আমি আমাৰ ঘৰখন পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখাটো অতি প্ৰয়োজনীয় । এই শুভ দিনটোত আপুনি আপোনাৰ ঘৰটো নিমখপানী আৰু বগা ভিনেগাৰ দি যদি চাফা কৰে আৰু সন্ধিয়া সময়ত কৰ্পূৰ দি যদি ধূনা লগায়, লগতে মা লক্ষ্মীৰ চৰণত যদি ঘিউৰ চাকি এগছি জ্বলাই তেন্তে আপোনাৰ ঘৰত ধন-সম্পত্তি বৃদ্ধি হোৱাত বহু পৰিমাণে সহায় হয় ।

লগতে পঢ়ক: অক্ষয় তৃতীয়াৰ দিনা সোণ-ৰূপৰ পৰিৱৰ্তে ঘৰলৈ আনক এই ৫বিধ সামগ্ৰী আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা - Akshaya Tritiya 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.