ETV Bharat / health

চেহেৰীত ভুলতেও নাখাব এই ৬বিধ খাদ্য; হ’ব পাৰে এই অসুবিধা

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 1:43 PM IST

Ramadan 2024: মুছলমান ধৰ্মালম্বী লোকসকলৰ বাবে ৰমজান মাহৰ অতি গুৰুত্ব আছে । এইবাৰ ভাৰতত এই পবিত্ৰ মাহটো ১২ মাৰ্চৰ পৰা আৰম্ভ হৈছে । এনে পৰিস্থিতিত আপুনি নিশ্চয় বহুবাৰ পঢ়িছে বা শুনিছে চেহৰীৰ সময়ত কি খাব লাগে ৷ কিন্তু এই প্ৰতিবেদনত আমি আপোনালোকক কিছুমান এনে খাদ্যৰ কথা ক’বলৈ ওলাইছো যিবোৰ চেহৰীৰ সময়ত ভুলতেও খাব নালাগে ।

Do not eat these 6 things during Sehri you may have to face problems like acidity and indigestion
চেহেৰীত ভুলতেও নাখাব এই ৬বিধ খাদ্য; হ’ব পাৰে এই অসুবিধা

ইছলাম ধৰ্মত ৰমজান মাহক অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷ এইবাৰ ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ অন্যান্য দেশত ১২ মাৰ্চ মঙলবাৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে ৷ মুছলমানসকলে গোটেই মাহটো ৰোজা ৰাখে ৷ য’ত সূৰ্য উদয়ৰ আগতে চেহৰী আৰু সন্ধিয়া ইফতাৰ গ্ৰহণ কৰা হয় ৷ পুৱা গ্ৰহণ কৰা চেহৰীয়ে গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে ৷ কিন্তু যদি আপুনি সঠিক খাদ্য গ্ৰহণ নকৰে, তেন্তে আপোনাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনটোৰ জৰিয়তে এনে কিছুমান খাদ্যৰ বিষয়ে ক’বলৈ ওলাইছো যিসমূহক চেহেৰীৰ সময়ত ভুলতেও খোৱাটো উচিত নহয়-

কৰ্ণফ্লেকছ

চেহৰীৰ সময়ত কৰ্ণফ্লেকছৰ দৰে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ আমি এই কথা কৈছো কাৰণ ইয়াত শৰীৰৰ প্ৰয়োজনৰ তুলনাত বহু বেছি চেনি থাকে ৷ এনে পৰিস্থিতিত আপোনাৰ ব্লাড চুগাৰ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে আৰু ই আপোনাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ৷

ভজা খাদ্য

চিকেন ফ্ৰাই, চিঙৰা, পকৰি বা চিপছ আপোনাৰ বাবে সোৱাদযুক্ত যেন লাগিব পাৰে ৷ কিন্তু ৰোজাৰ সময়ত ই আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে ৷ ইয়াৰ বাবে পেট ফুলা, বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ এনে পৰিস্থিতিত চেহৰীৰ সময়তো এইবোৰ খোৱাৰ পৰা বিৰত থাকক ৷

চেনিযুক্ত পানীয়

চেহৰীৰ সময়ত শীতল পানীয় আৰু চোডাৰ দৰে বিপজ্জনক পানীয় সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে৷ ইয়াত অত্যধিক চেনি থাকে ৷ যাৰ ফলত ৰক্তশৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও ইয়াক পান কৰিলে দিনটো ভোক অনুভৱ কৰাৰ লগতে শৰীৰটো দুৰ্বল অনুভৱ কৰিব পাৰে ৷

উচ্চ চৰ্বিযুক্ত খাদ্য

চেহৰীৰ সময়ত চৰ্বিযুক্ত বস্তুও খাব নালাগে,- যেনে পিজ্জা, বাৰ্গাৰ, চীজ আদি ৷ ইয়াৰ ফলত বদহজম হয় আৰু যিহেতু ইয়াক হজম হ’বলৈ বহু সময় লাগে ৷ গতিকে গোটেই দিনটো আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে ৷ যি ৰোজাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে ৷

জ্বলা খাদ্য

জ্বলা আৰু মছলাযুক্ত খাদ্য যিমানেই ভাল নাপাওক কিয়, চেহৰীৰ সময়ত এনে খাদ্য খোৱাৰ ফলত পেট আৰু বুকুত জ্বলা-পোৰাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে খাদ্য সহজ কৰি ৰাখক ৷

চাহ কফি

চেহৰীৰ সময়ত কেফেইনযুক্ত বস্তুও সেৱন কৰিব নালাগে ৷ ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে আৰু গোটেই দিনটোত আপুনি অধিক পিঁয়াহ অনুভৱ কৰিব পাৰে ৷

উল্লেখযোগ্য যে, বেছিকৈ চাহ বা কফি খালে ই আপোনাৰ শৰীৰৰ পৰা পানী শোষণ কৰে ৷

লগতে পঢ়ক : গাখীৰ খাই বেয়া পায় নেকি ? তেন্তে এই পানীয়সমূহ হ’ব পাৰে উত্তম বিকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.